ETV Bharat / politics

৭-৮ মাহৰ পৰা বিজেপিৰ বেয়া দিন চলি আছে : গৌৰৱ গগৈ

'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' কাৰ্যসূচীত অংশ লৈ গৌৰৱ গগৈয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰে ।

Gaurav Gogoi
বিজেপিক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 11:03 AM IST

4 Min Read
Choose ETV Bharat

শিৱসাগৰ : সমাগত বিধানসভা নিৰ্বাচন । কংগ্ৰেছ দলে ব্যাপক ৰণনীতি প্ৰস্তুত কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংগঠনিক কামকাজ চলাই গৈছে । একেদৰে 'ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ' অভিযানৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈ কংগ্ৰেছ নেতাসকলে জনসাধাৰণৰ সৈতে মত বিনিময় কৰিছে । নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ বাবে জনসাধাৰণ মতামতো সংগ্ৰহ কৰিছে ।

এই অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে শিৱসাগৰত উপস্থিত হয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈসহ কংগ্ৰেছৰ এটা দল । আগন্তুক বিধানসভা নিৰ্বাচনক লৈ শিৱসাগৰত বিভিন্ন নাগৰিকৰ সৈতে মত বিনিময় কৰাৰ অন্তত গৌৰৱ গগৈয়ে সংবাদমেল সম্বোধন কৰে । য'ত তেওঁ বিজেপি আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰে ।

৭-৮ মাহৰ পৰা বিজেপিৰ বেয়া দিন চলি আছে : গৌৰৱ গগৈ (ETV Bharat Assam)

ভোটাৰৰ খচৰা তালিকাৰ বিসংগতি

সংবাদমেলত তেওঁ অসমত ভোটাৰৰ খচৰা তালিকাক লৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ অভিযোগ কৰে, "বহিঃৰাজ্যৰ পৰা ভোটাৰ আনি অসমৰ প্ৰকৃত ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ কৰিছে ।" মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা বিবেকবান ভোট নোহোৱা কৰিবলৈ অশোক সিংহলক নিৰ্দেশ দিয়া বুলিও অভিযোগ কৰে গগৈয়ে । ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংহলক মূল খলনায়ক আখ্যা দি ৰাইজক ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই সভাপতি গগৈয়ে । এই সন্দৰ্ভত নিৰ্বাচন আয়োগে গোচৰ ৰুজু কৰিব লাগিছিল যদিও কৰা নাই বুলি উদ্বেগ প্ৰকাশ কৰি নিৰ্বাচন আয়োগক নিজাববীয়া গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে । তেওঁ লগতে কয়, "যদি ভাৰতীয় জনতা পাৰ্টী ইমানেই জনপ্ৰিয় আৰু ৰাইজৰ আস্থাৰ দল তেন্তে বাহিৰৰ পৰা ভোটাৰ আনি কিয় নিৰ্বাচনী বৈতৰণী পাৰ কৰিব লাগে ।" ভোটাৰ তালিকা সন্দৰ্ভত বিজেপিক প্ৰশ্ন কৰিবলৈও তেওঁ ৰাইজক আহ্বান জনায় ।

বিজেপিৰ বেয়া দিন চলিছে

বিজেপি দলৰ নেতাৰ বিভিন্ন দুৰ্নীতিৰ প্ৰসংগত গৌৰৱ গগৈয়ে কয়, "যোৱা ৭-৮ মাহৰ পৰা বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে । বিজেপিৰ মাজত সোমাই থকা গৰু চোৰ, চাউল চোৰৰ তথ্য ওলাইছে ।" জাতি-মাটি-ভেটিৰ স্বাৰ্থত শাসনলৈ অহা বিজেপি চৰকাৰৰ বিধায়কে নাগৰিকত্বৰ প্ৰমাণ দিব পৰা নাই বুলিও কটাক্ষ কৰে গৌৰৱ গগৈয়ে । তেওঁ কয়, "বিজেপিৰ লক্ষণ ভাল নহয় । আগন্তুক নিৰ্বাচনত বিজেপিৰ পতনৰ মূল কাৰণ হ'ব ডঃ হিমন্ত বিশ্ব শৰ্মা ।" আগন্তুক বিধানসভা নিৰ্বাচনে অসমৰ ৰাইজৰ লগতে সমগ্ৰ দেশবাসীক এটা সু-বাৰ্তা দিব বুলিও আত্মবিশ্বাসী গৌৰৱ গগৈয়ে । এই সন্দৰ্ভত তেওঁ কয়, "এইবাৰ নিৰ্বাচন দলৰ মাজত নহয়, ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজতহে হ'ব ।"

ৰাইজৰ দলে বিচৰা আসন নিদিলে কংগ্ৰেছৰ সৈতে অখিল গগৈয়ে মিত্ৰতা ভংগৰ যি ইংগিত দিছে সেই সন্দৰ্ভত গৌৰৱ গগৈয়ে কৌশলী প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "অসমৰ জনসাধাৰণে বিচাৰে যে আমাৰ মাজত মিত্ৰতা হ'ব । ১০০ শতাংশ মিত্ৰতা হ'ব । ১২৬ টা সমষ্টিতে আমাৰ ৩-৪ জনকৈ প্ৰাৰ্থী আছে । তথাপিও আমি ২৬ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰো ।" এই প্ৰসংগত তেওঁ বিজেপি-অগপৰ মাজত আসনৰ নিশ্চিত ভাগ-বাটোৱাৰা হ'ল নেকি বুলিও ওলোটা প্ৰশ্ন সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি দলৰ নেতৃত্বৰ প্ৰতি আগবঢ়ায় ।

অমিত শ্বাহৰ বাবে সোণোৱাল মুখ্যমন্ত্ৰী হোৱা নাই

আন এক প্ৰসংগত অমিত শ্বাহৰ বাবেই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ব পৰা নাই বুলিও গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । আনহাতে মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ কৰি সাংসদগৰাকীয়ে কয়, "মুখ্যমন্ত্ৰীৰ কথা দিনে দিনে পাতল হৈ গৈছে । তেওঁৰ বিবেক-বুদ্ধিয়ে কাম কৰা নাই ।" আগন্তুক নিৰ্বাচনত বিজেপি দলক শাসনৰ পৰা ওফৰাই অসমৰ জাতি, মাটিৰ পিছত এইবাৰ মামা-মামীৰ পৰা ভোট বচাওক বুলিও তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰী শংকিত বুলি উল্লেখ কৰি অহা নিৰ্বাচনৰ পিছত তেওঁৰ মুখ্যমন্ত্ৰীৰ চকী নাথাকে বুলিও দাবী কৰে গৌৰৱ গগৈয়ে । আগন্তুক নিৰ্বাচনৰ আসন ভাগ-বাটোৱাৰাক লৈ বিজেপি-অগপৰ মাজতো ভীষণ কাজিয়া আছে বুলি উল্লেখ কৰি এই মিত্ৰতা থাকে নে নাথাকে তাৰ সম্ভাৱনা নাই বুলিও তেওঁ উল্লেখ কৰে । শিৱসাগৰত অনুষ্ঠিত সংবাদমেলত ৰ'জলীনা তিৰ্কী, জিলা সভাপতি অজয় গগৈ, এ পি চি চিৰ সম্পাদক শুভ্ৰমিত্ৰ গগৈসহ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক :সাৱধান ! অসমক বিহাৰ বুলি নাভাবিব : বিজেপিক সকীয়ালে অসম জাতীয় পৰিষদে