কংগ্ৰেছৰ ১০০ আসন ! গৌৰৱৰ সিদ্ধান্ত মানি লোৱা নাই অখিল গগৈয়ে
ৰাইজৰ দলৰ ২০২৬ৰ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা ৷ প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ ৷ মাচুল ২৫০০০ টকা ।

Published : January 3, 2026 at 7:42 AM IST
গুৱাহাটী : বিজেপিৰ বিৰুদ্ধে ২০২৬ত যুঁজিবৰ বাবে বিৰোধীৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । ৫০ হাজাৰ টকাত ল’ব পাৰিব কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদন ৷ আনহাতে ৰাইজৰ দলৰ পৰি প্ৰাৰ্থিত্বৰ আবেদন সংগ্ৰহ মাচুল হৈছে ২৫০০০ টকা ।
কংগ্ৰেছ দলে ২০২৬ত ১০০ খন আসনত নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাৰ পিছতো স্থিতপ্ৰজ্ঞ ৰাইজৰ দল আৰু দলটোৰ মুৰব্বী নেতা অখিল গগৈ । ২০২৬ৰ নিৰ্বাচনৰ বাবে দলীয় স্তৰত প্ৰাৰ্থী নিৰ্বাচন আৰু সাংগঠনিক কামত শেষ পৰশ দিয়াত ব্যস্ত ৰাইজৰ দল ।
নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ আবেদন প্ৰক্ৰিয়া ঘোষণা সভাপতি অখিল গগৈৰ । সেই অনুসৰি অহা ৫ জানুৱাৰীৰ পৰা ৰাইজৰ দলে দলৰ মুখ্য কাৰ্যালয়ত প্ৰদান কৰিব প্ৰাৰ্থিত্বৰ আবেদন ।
এই প্ৰসংগত দলটোৰ সভাপতি অখিল গগৈয়ে শুকুৰবাৰে কয়, “অহা ৫ জানুৱাৰীৰ পৰা অহা ২০ জানুৱাৰীলৈ ৰাইজৰ দলৰ দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পৰা আবেদন গ্ৰহণ কৰা হ’ব ৷ সেইদিনাৰ পৰাই প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব ৷ মাচুল ২৫,০০০ টকা । এই ধন উভাতাই দিয়া নহ’ব ৷ টিকট পালেও নাপাব, নাপালেও নাপাব ৷”
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে লগতে কয়, “পাঁচ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে । ৰাইজৰ দলে কেইখন আসনত নিৰ্বাচন খেলিব এই সম্পৰ্কে সিদ্ধান্ত ল’বৰ বাবে আমাৰ ৰাইজৰ দলৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধি সভা অহা আঠ জানুৱাৰীত পুৱা আঠ বজাত জুবিন গাৰ্গৰ সমাধিত সেৱা লৈ দিচাং ৰিজৰ্টত ৯ বজাৰ পৰা প্ৰতিনিধি সভা হ’ব । সেইদিনাই কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব পালে আমি জিকিম সেয়া নিৰ্ধাৰণ হ’ব ৷”

“আমি যিকেইখন আসন পাম, সেই কেইখন আসনত কোনে নিৰ্বাচন খেলিব সেয়া ২৫ জানুৱাৰীৰ ভিতৰত আমি ঠিৰাং কৰিম ৷” এই বুলিও লগতে অখিল গগৈয়ে ঘোষণা কৰে । অৰ্থাৎ ২৫ তাৰিখৰ ভিতৰত ৰাইজৰ দলে ঠিৰাং কৰিব নিজৰ দলৰ সমষ্টিভিত্তিক প্ৰাৰ্থী ।
কংগ্ৰেছৰ ১০০ আসন ! গৌৰৱৰ সিদ্ধান্ত মানি লোৱা নাই অখিল গগৈয়ে :
২০২৬ত ১০০ আসনত বিধানসভা নিৰ্বাচন খেলিব কংগ্ৰেছ দলে । গৌৰৱ গগৈয়ে ঘোষণা কৰা কংগ্ৰেছৰ এই সিদ্ধান্ত মানি লোৱা নাই অখিল গগৈ আৰু ৰাইজৰ দলে । অখিল গগৈৰ শুকুৰবাৰে গুৱাহাটীত ঘোষণা কৰে যে যি মিত্ৰতা হৈ গৈছে সেয়া নিশ্চিত । কংগ্ৰেছৰ লগত দলীয় পৰ্যায়ত দ্বিপাক্ষিক আলোচনা বিৰোধী দলবোৰৰ চলি আছে । কিন্তু আসনৰ বিতৰণ বন্ধ কোঠাৰ ভিতৰতহে হ’ব ।”
অখিল গগৈৰ স্পষ্ট মন্তব্য, “আমি গৌৰৱ গগৈৰ বক্তব্য শুনিছো, কিন্তু মানি লোৱা নাই । মিত্ৰতাৰ আসনৰ বিতৰণ নিশ্চিতভাৱে আমাৰ ভিতৰত হোৱা মিটিঙত সিদ্ধান্ত হ’ব । কোনো টিভিৰ সন্মুখত আমি একো কোৱা নাই যে আমাক ২৬ খন আসনেৰে নহ’ব । আমাৰ মিত্ৰজোঁটৰ বৈঠকত আমি সেই কথা উত্থাপন কৰিম । সেই বৈঠকত আমি পতিয়ন নিয়াবলৈ চেষ্টা কৰিম যে কোনে কেইখন আসনত খেলিলে আমি বিজেপিক হৰুৱাবলৈ সক্ষম হ’ম ৷”

‘‘গৌৰৱ গগৈ ডাঙৰীয়াই নিয়ম বনাই দিছিল যে টিকট বিতৰণ কেমেৰাৰ সনুখত ৷’’ সেই নিয়ম মানি চলা ভাল বুলি গৌৰৱ গগৈক কটাক্ষ কৰে অখিল গগৈয়ে । কংগ্ৰেছে নিজলৈ ১০০ খন আসন ৰাখি বাকী মিত্ৰ দললৈ ২৬ খন আসন এৰি দিয়া কথাত অসন্তুষ্ট অখিল গগৈয়ে লগতে কয়, “য’ত যিয়ে খেলিলে বিজেপিক হৰুৱাব পাৰিব, সেই মতেই এইবাৰ নিৰ্বাচন খেলা হ’ব । আমাৰ হাতত বিশ্লেষণ আছে, আমাৰ হাতত তথ্য আছে । আমাৰ যুক্তিবোৰ প্ৰদৰ্শন কৰিম ৷ তাৰপিছতেই আমি সিদ্ধান্ত ল’ম ।”

