ETV Bharat / politics

বিধানসভা নিৰ্বাচনৰ টিকট লাগে ? ৫০ হাজাৰ টকা মাচুল দি প্ৰাৰ্থিত্বৰ বাবে কৰিব লাগিব আবেদন

ৰাজ্যৰ ১০০ টা সমষ্টিত কংগ্ৰেছে কৰিব প্ৰতিদ্বন্দ্বিতা । প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ২০ জানুৱাৰীৰ ভিতৰত জমা দিব লাগিব আবেদন পত্ৰ ।

Assam Assembly Elections 2026
কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 8:02 AM IST

|

Updated : January 2, 2026 at 9:30 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ । আবেদনৰ মাচুল ৫০,০০০ টকা । কংগ্ৰেছে ১২৬ খন আসনৰ ২৬ খন আসন এৰি দিব মিত্ৰ দলক ৷ ১০০ খন আসনত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছ দলে ৷ বছৰৰ প্ৰথমটো দিনত নতুন দিল্লীত এই কথা ঘোষণা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে ।

বিদায়ী ২০২৫ বছৰটোৰ শেষৰ দিনটোত কংগ্ৰেছ দলৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনলাইনযোগে অনুষ্ঠিত হৈছিল । এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয়, "আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ ৱেবছাইট 'www.apcc.assam.org'যোগে আবেদন পত্ৰ ডাউনলোড কৰি ল'ব পাৰিব । এই আবেদন অহা ৫ জানুৱাৰীৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত জমা দিব পাৰিব । ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈকে এই প্ৰক্ৰিয়া চলিব ৷"

Assam Assembly Elections 2026
৫০ হাজাৰ টকা মাচুল দি কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ বাবে কৰিব লাগিব আবেদন (ETV Bharat Assam)

উল্লেখ্য যে ৫০,০০০ টকাকৈ প্ৰাৰ্থিত্বৰ আবেদন পত্ৰৰ মাচুল নিৰ্ধাৰণ কৰিছে কংগ্ৰেছ দলে ৷ সেই অনুসৰি ৫০ হাজাৰ টকাৰ মাচুলসহ আবেদন জমা দি ৰাজীৱ ভৱনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে প্ৰাপ্তিস্বীকাৰ ৰচিদ সংগ্ৰহ কৰি জিলা কাৰ্যালয়ত ৰচিদ জমা দিব লাগিব ।

১ জানুৱাৰীৰ দিনাই অসমৰ বিজেপি বিৰোধী মিত্ৰ দলসমূহৰ লগত আসন ভাগ-বাটোৱাৰা প্ৰসংগতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে স্থিতি স্পষ্ট কৰি কংগ্ৰেছে ২০২৬ত অসমত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যা ঘোষণা কৰে । গৌৰৱ গগৈয়ে কয়, "কংগ্ৰেছ দলে এইবাৰৰ নিৰ্বাচনত ১০০ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ চিন্তা-চৰ্চা কৰিছে ৷ অৱশ্যে সকলো সমষ্টিৰ বাবেই কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব । যি ২৬ টা সমষ্টি আন বিৰোধী মিত্ৰ দলসমূহক এৰি দিয়া হ'ব সেই সমষ্টিসমূহত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জমা দিয়া আবেদন মাচুল ঘূৰাই দিয়া হ'ব ।"

Congress Candidate application procedure
কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া (ETV Bharat Assam)

কংগ্ৰেছে নিজৰ আসনৰ সংখ্যা ভাগ-বাটোৱাৰা নিৰ্ধাৰণ কৰাৰ পিছত মিত্ৰতা প্ৰসংগত দলৰ ভিতৰত আলোচনা আৰম্ভ হৈছে বুলিও উল্লেখ কৰে । গগৈয়ে কয়, "কোন দলে কিমান সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব সেয়া সকলোৰে সৈতে আলোচনাৰ অন্তত ৰাজহুৱা কৰা হ'ব । ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিএম, চিপিআইকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহৰ লগত কংগ্ৰেছ দলৰ এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা আৰু সামূহিক কৰ্মসূচী আৰম্ভ হৈছে ।"

সংবাদ মাধ্যমক গৌৰৱ গগৈয়ে লগতে কংগ্ৰেছে নতুন সংকল্পৰে এখন বৰ অসম গঢ়াৰ পৰিকল্পনা কৰিছে বুলিও উল্লেখ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে বৃহস্পতিবাৰে নতুন দিল্লীত সংবাদমেলৰ জৰিয়তে বৰ অসম গঢ়িবলৈ ৫ টা সংকল্প গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে । এই সংকল্পৰ অংশ হিচাপে গগৈয়ে অসমৰ অৰ্থনৈতিক সমবিকাশৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰি সমবিকাশ আৰু গ্ৰাম্য উন্নয়নৰ স্বাৰ্থক প্ৰাধান্য দিয়াৰ কথা উল্লেখ কৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হোৱা স্বাস্থ্য আৰু শিক্ষাখণ্ডক কেনেকৈ দেশৰ ভিতৰত ৫ টা স্থানলৈ আনিব পাৰি তাৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ সংকল্প লৈছে বুলিও কয় গগৈয়ে ।

লগতে পঢ়ক :বিদেশী ঘোষিত হোৱাৰ এসপ্তাহৰ ভিতৰতেই ওভতাই পঠিওৱা হ'ব: মুখ্যমন্ত্ৰী

Last Updated : January 2, 2026 at 9:30 AM IST