এইবাৰৰ নিৰ্বাচন ৰাইজ আৰু এজন বিশেষ ৰজাৰ মাজত হ'ব : গৌৰৱ গগৈ
বিজেপিৰ শোষণৰ বিৰুদ্ধে এইবাৰ সকলোৱে মাৰবান্ধি থিয় হ'ব লাগিব । গণতন্ত্ৰ আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাৰ দাবীত ডিব্ৰুগড়ত অনুষ্ঠিত গণ অভিৱৰ্তনত লুৰীণজ্যোতি গগৈ ।

Published : January 2, 2026 at 5:45 PM IST
ডিব্ৰুগড় : "এইবাৰ নিৰ্বাচন আকৰ্ষণীয় হ'ব । এইবাৰ নিৰ্বাচন ৰাজনৈতিক দলৰ মাজত নহয় । এইবাৰৰ নিৰ্বাচন অসমৰ ৰাইজ আৰু এজন বিশেষ ৰজাৰ মাজত হ'ব । এই ৰজা কোন হয় সকলোৱে গম পায় ।" নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ।
গণতন্ত্ৰ আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাৰ দাবীত শুকুৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় এক বৃহৎ গণ অভিৱৰ্তন । ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিজেপিবিৰোধী ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ নেতাসকলে অংশগ্ৰহণ কৰে ।
ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত এই গণ অভিৱৰ্তনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈ । লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে । ইয়াৰ উপৰি আন কেইবাটাও দলৰ নেতা-কৰ্মীয়েও অংশগ্ৰহণ কৰে ।
অহা ২০২৬ৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ বিৰোধী দলসমূহ যাতে একত্ৰিত হ'ব পাৰে তাৰ লক্ষ্যৰে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে মূলতঃ এই গণ অভিৱৰ্তন অনুষ্ঠিত কৰে । 'গণতন্ত্ৰ আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত বিজেপিক পৰাস্ত কৰিবলৈ সকলো বিৰোধীয়ে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব' এই বাৰ্তা বিৰোধী দলসমূহলৈ প্ৰেৰণ কৰে নাগৰিক সন্মিলনে ।
ৰাজ্যত বিৰোধী ৰাজনৈতিক দলসমূহে একত্ৰিত হোৱাৰ বাবে যো-জা চলাই থকাৰ সময়তে ডিব্ৰুগড়ত শুকুৰবাৰে গণতন্ত্ৰ আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাৰ দাবীত অনুষ্ঠিত এই গণ অভিৱৰ্তনে অসমৰ ৰাজনীতিত নতুন বাৰ্তা দিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

অসমৰ ৰাইজে একগোট হৈ ঐতিহাসিক বাৰ্তা দিব
গণতন্ত্ৰ আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাৰ দাবীত অনুষ্ঠিত গণ অভিৱৰ্তনত অংশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে কয়, "আমি যিমান বিৰোধী দলসমূহ আছোঁ সকলো ৰাইজৰ লগত আছোঁ । নিজকে ৰজা বুলি ভবাসকলে যিমানেই টকা-পইচা ঢালিবলৈ চেষ্টা কৰক, যিমানেই সাম্প্ৰদায়িক কথা ক'বলৈ চেষ্টা কৰিলেও অসমৰ ৰাইজে একগোট হৈ ঐতিহাসিক বাৰ্তা দিব ।"
'২৬ চনৰ নিৰ্বাচনটো ঐক্যবদ্ধভাৱে যুঁজিব খুজিছোঁ
ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ উদ্যোগত অনুষ্ঠিত গণ অভিৱৰ্তনত অংশ লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "আজি এই গণ অভিৱৰ্তনৰ মূল লক্ষ্যটোৱেই হ'ল '২৬ চনৰ নিৰ্বাচনটো ঐক্যবদ্ধভাৱে যুঁজব খুজিছোঁ । সেয়ে অসমৰ ৰাইজক এটা শক্তিশালী বাৰ্তা দিয়া । এইবাৰ অসমৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হয় লাগিব । এই যুঁজ সাধাৰণ ৰাইজ আৰু বিজেপিৰ মাজত হ'ব । বিজেপিৰ শোষণৰ বিৰুদ্ধে এইবাৰ সকলোৱে মাৰবান্ধি থিয় হ'ব লাগিব ।"

