উজনি-নামনি, বৰাক-বি টি এ ডিত প্ৰাৰ্থিত্ব লাগে ৰাইজৰ দলক, কংগ্ৰেছলৈ মুকলি আহ্বান
বিৰোধী ঐক্য গঠনৰ পুনৰ দাবী ৰাইজৰ দলৰ । কংগ্ৰেছক অতি সোনকালে আসন ভাগ-বাটোৱাৰা কৰাৰ আহ্বান ।

Published : January 27, 2026 at 6:26 PM IST
গুৱাহাটী : "আজি আমি কংগ্ৰেছ নেতৃত্বক পুনৰবাৰ আহ্বান জনাইছোঁ যে ইতিমধ্যে বহুত পলম হৈ গৈছে, বিৰোধী মিত্ৰজোঁটত থকা আমি সকলোৱে সোনকালে আসন ভাগ-বাটোৱাৰা হোৱাটো বিচাৰিছোঁ । গতিকে আপোনালোকে যিমান পাৰে সোনকালে আসন ভাগ-বাটোৱাৰা সম্পন্ন কৰক । আমি '২৬ৰ বিধানসভা নিৰ্বাচনত যুঁজিব পৰাকৈ আমি প্ৰস্তুতি চলাই আছোঁ । গতিকে উজনি অসম, নামনি অসম, মধ্য অসম, বি টি এ ডি, বৰাক এই সকলো অঞ্চলতে প্ৰতিনিধিত্ব কৰিব পৰাকৈ আমাক আসন দিবৰ বাবে আমি কংগ্ৰেছ দলক আহ্বান জনাইছোঁ ।"
উজনি-নামনি, বৰাক-বি টি এ ডি সকলোতে বিধানসভা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব পৰাকৈ আসন বিচাৰি এই দাবী ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়াৰ ।
উল্লেখ্য যে ৰাইজৰ দলে প্ৰধান বিৰোধী দল কংগ্ৰেছক অহা ৩১ জানুৱাৰীৰ ভিতৰতে আসন ভাগ-বাটোৱাৰাক লৈ কংগ্ৰেছ দলৰ স্থিতি প্ৰকাশ কৰিবলৈ আহ্বান জনোৱাৰ পিছত বিৰোধী ঐক্য গঠন কৰিবলৈ পুনৰবাৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ওচৰত দাবী উত্থাপন কৰিছে ৰাইজৰ দলে । আগন্তুক নিৰ্বাচনত সমষ্টিৰ আসন ভাগ-বাটোৱাৰক লৈ গুৰুত্ব নিদিয়া আৰু বিৰোধী ঐক্য গঠনক লৈ কংগ্ৰেছ দলে বিলম্ব কৰা বুলি অভিযোগ তুলি মঙলবাৰে ৰাইজৰ দলে মহানগৰীৰ মঠঘৰীয়াস্থিত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ।
সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ৰাছেল হুছেইনে সংবাদ মাধ্যমৰ আগত কয়, "আপোনালোক অৱগত যে ৰাইজৰ দলে নিৰন্তৰ এই কথা কৈ আহিছোঁ, আগন্তুক নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটক শাসনৰ পৰা বিদায় দি অসমৰ জাতি, গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰাত আমি কান্ধ পাতি ল'ব লাগিব । এই যুঁজ আমি অকলে দিলে নহ'ব । এই যুঁজ সকলো বিৰোধী দলে একেলগ হৈ দিব লাগিব । এই প্ৰেক্ষাপটত এতিয়ালৈ বিৰোধী ঐক্যৰ মিত্ৰজোঁটৰ মাজত আসন ভাগ-বাটোৱাৰা সম্পন্ন হোৱা নাই । যাৰ বাবে বিৰোধীৰ মিত্ৰজোঁটত একেলগে বিৰোধীৰ সমূহীয়া নেতৃত্ব জনসাধাৰণৰ মাজলৈ যোৱাটো হৈ উঠা নাই ।"
তেওঁলোকে লগতে কয়, "বিৰোধী নেতৃত্ব জনসাধাৰণৰ ওচৰলৈ নোযোৱাৰ বাবে অসমৰ পৰিৱৰ্তনকামী জনতাৰ মাজত যি এক ঋণাত্মক বাৰ্তা গৈছে, এই সকলোবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাইজৰ দলে যিমান পাৰে সিমান সোনকালে যথাসম্ভৱ আসন ভাগ-বাটোৱাৰা কৰিবৰ বাবে আমি প্ৰধান বিৰোধী দলক আহ্বান জনাইছোঁ । কেৱল ৰাইজৰ দল বুলিও নহয়, বিৰোধী মিত্ৰজোঁটত থকা সকলো দলে কংগ্ৰেছক এই আহ্বান জনাইছে । শেহতীয়াকৈ বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ নেতৃত্বাধীন অসম নাগৰিক সন্মিলনেও বিৰোধী মিত্ৰতা সোনকালে হ'ব লাগে বুলি তেওঁলোকে সৰৱ হৈছিল । তেওঁলোকে সংবাদ মেল দিছিল । যিমান সোনকালে হ'ব পাৰে আসন ভাগ-বাটোৱাৰা সম্পন্ন কৰি বিৰোধী ঐক্য অতি শীঘ্ৰে কৰাৰ আহ্বান জনাইছে ।"
লগতে কয়, "কংগ্ৰেছ নেতৃত্বক পুনৰবাৰ আহ্বান জনাইছোঁ যে ইতিমধ্যে বহুত পলম হৈ গৈছে । আমি অতি সোনকালে আসন ভাগ-বাটোৱাৰা হোৱাটো বিচাৰিছোঁ । ২০২০ চনত আত্মপ্ৰকাশ কৰা আমাৰ ৰাইজৰ দলৰ অসমৰ সকলো ঠাইতে সাংগঠনিক শক্তি গঢ়ি তুলিছোঁ । আমি যোৰহাট, শিৱসাগৰ, বৰাক, নগাঁও, গোৱালপাৰা, ধুবুৰী আদি সকলোতে সংগঠন কৰিছোঁ । গতিকে আমি কংগ্ৰেছ নেতৃত্বক আহ্বান জনাইছোঁ যাতে আমাৰ দলক উজনি, নামনি, মধ্য অসম, বি টি এ ডি আৰু বৰাক এই সকলো অঞ্চলতে যিহেতু আমাৰ সংগঠন শক্তিশালী কৰি থৈছোঁ, এইকেইটা অঞ্চলত নিৰ্দিষ্ট সমষ্টিত আমি নিৰ্বাচন খেলিব পৰাকৈ প্ৰস্তুতি চলাই আছোঁ । গতিকে আমাক প্ৰতিটো সমষ্টিতে আসন দিবলৈ কংগ্ৰেছ দলক আহ্বান জনাইছোঁ ।"
তেওঁলোকে লগতে কয়, "একেদৰে সংখ্যালঘু, সংখ্যাগুৰু, জনগোষ্ঠীয় অঞ্চলত প্ৰতিদ্বন্দ্বিতাৰ বাবে সুযোগ দিবলৈ কংগ্ৰেছ দলক আহ্বান জনাইছোঁ । ৰাইজৰ দলে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ তালিকা কংগ্ৰেছ নেতৃত্বক দিছোঁ । ৩১ জানুৱাৰীৰ ভিতৰত আসন বুজাবুজি সম্পন্ন কৰিবলৈ আহ্বান জনাইছোঁ । এতিয়ালৈকে ৫৩ টা সমষ্টিৰ বাবে ১৩২ জন প্ৰাৰ্থীয়ে টিকট বিচাৰি আবেদন দাখিল কৰিছে ।"
আনহাতে, এই সংবাদমেলতে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয়, "বিগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড়, যোৰহাট, ধুবুৰী, লখিমপুৰ, কৰিমগঞ্জ আদি সমষ্টিত ৰাইজৰ দলৰ কৰ্মীসকলে বিৰোধীৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ জঁপিয়াই পৰিছিল । একমাত্ৰ অখিল গগৈৰ বাবেই যোৰহাটত গৌৰৱ গগৈ, ধুবুৰীত ৰকিবুল হুছেইনে বিপুল ভোটত জয়লাভ কৰিছিল । সেয়ে এই লোকসভা সমষ্টিসমূহৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহত ৰাইজৰ দলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগে । ৰাইজৰ দলে ১২৬ খন আসনৰ ভিতৰত ২০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে । কিন্তু বিৰোধী ঐক্যৰ স্বাৰ্থত প্ৰয়োজন হ'লে এৰা-ধৰা কৰিবলৈ সাজু ৰাইজৰ দল ।"

