ETV Bharat / politics

মোৰ কাম হ'ল মিঞাক কষ্ট দিয়া, 'ছাৰ' আহিলে ৪-৫ লাখ মিঞা ভোট কাটিব লাগিব : খোলাখুলিকৈ কৈ দিলে মুখ্যমন্ত্ৰীয়ে

আমিনগাঁৱৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ প্ৰসংগত অখিল গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ । এজাউৰী দিলে ৰাহুল গান্ধীকো ৷

Assam CM Digboi visit
ডিগবৈ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 27, 2026 at 4:59 PM IST

4 Min Read
Choose ETV Bharat

তিনিচুকীয়া : "ভোট চুৰি মানে কি, আমি অলপ মিঞাৰ ভোট চুৰি কৰিব বিচাৰিছোঁ ৷ মিঞাসকলেতো নিয়ম অনুসৰি ভোটেই দিব পাব নালাগে ইয়াত, বাংলাদেশত দিব লাগে । তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ ব্যৱস্থা আমি কৰিছোঁ । অসমত যেতিয়া এছ আই আৰ আহিব তেতিয়া ৪-৫ লাখ মিঞা ভোট কাটিব লাগিব । গতিকে এইটোত কংগ্ৰেছে মোক কিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিঞাক কষ্ট দিয়া । এছ আৰততো অসমীয়া মানুহে কষ্ট পোৱা নাই । অলপ মিঞাই কষ্ট পাওক, তাত আমি কিয় বেয়া পাব লাগে ।" এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

মঙলবাৰে ডিগবৈ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি কংগ্ৰেছে বিজেপিক ভোট চুৰি কৰাৰ অভিযোগ উত্থাপন কৰা সন্দৰ্ভত এনেদৰে সংবাদ মাধ্যমৰ আগত মুকলিকৈয়ে কয় মুখ্যমন্ত্ৰীয়ে ।

মোৰ কাম হ'ল মিঞাক কষ্ট দিয়া: মুখ্যমন্ত্ৰী (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "যদি মিঞাই কষ্ট নাপায়, দুলীয়াজান আহি গ’ল, তিনিচুকীয়াও আহি গ’ল ৷ কেইদিনমানৰ আগতে তিনিচুকীয়াত মাটি কিনা-বেচাৰ এখন লিষ্ট পাইছিলোঁ । তাত দেখা পালোঁ যে হিন্দু মানুহে মাটি বিক্ৰী কৰাৰ সংখ্যা অধিক আৰু মিঞা মুছলমানে কিনাৰ সংখ্যা অধিক । গতিকে এতিয়াই যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ’ম ।"

আনহাতে, আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ নতুন বাসভৱন নিৰ্মাণ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰথম কথা আমিনগাঁৱত কোনো আৱাস গৃহ নাই । দ্বিতীয় কথা, এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব, হিমন্ত বিশ্ব শৰ্মাৰ নহয় । অখিল গগৈয়ে নিজেই কৈ আছে অহাবাৰ চৰকাৰ নাহে বুলি । গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে । তাৰ মানে কালি তেওঁ ইনডাইৰেক্টলী কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰেই আহিব । যিটো মুখ্যমন্ত্ৰীৰ আৱাস গৃহ বনিছে সেইটো বনোতে কিমান বছৰ লাগিব, চাৰি বছৰ, তিনি বছৰ । মইতো ভাবোঁ যে এইটো হোৱালৈকে মোৰো থকাৰ সৌভাগ্য নহ'ব । কিন্তু অখিল গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বনিছে । তাৰ মানে ইনডাইৰেক্টলী অখিল গগৈয়ে বুজি পালে আৰু কালি অসমৰ ৰাইজক কৈয়ে দিলে যে পৰৱৰ্তী মুখ্যমন্ত্ৰীও হিমন্ত বিশ্ব শৰ্মায়ে হ'ব ।"

Assam CM Digboi visit
ডিগবৈ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

ইফালে, গণৰাজ্য দিৱসৰ দিনটোত ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ অংগবস্ত্ৰ দেশী-বিদেশী বিশিষ্ট অতিথিসকলক প্ৰদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, "সকলোৱে সন্মানেৰে গ্ৰহণ কৰিছে, কিন্তু ৰাহুল গান্ধীয়ে লোৱা নাই । ৰাহুল গান্ধীৰ এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেওঁ গামোচাক অপমান কৰিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশলৈ গ’লেও গামোচাখন ডিঙিত লৈ যায় আৰু ৰাহুল গান্ধীয়ে অসমলৈ আহিলেও গামোচা নলয় । সকলো ৰাইজে চাই আছে ।"

উল্লেখ্য যে মঙলবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি সমষ্টিটোৰ ১৭,২৬৪ গৰাকী মহিলাক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি কৰে ।

তেওঁ আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ডিগবৈৰ টিকটপ্ৰত্যাশীৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়ায় । সমষ্টিটোত জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি টিকট প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

আনহাতে, চেক বিতৰণ সভাতেই ডিগবৈ সমষ্টিত ৰেচন কাৰ্ড থকা হিতাধিকাৰীৰ ভিতৰত অৰুণোদয় আচঁনি লাভ নকৰা ২০০০ হিতাধিকাৰীক ফেব্ৰুৱাৰীৰ ১০ তাৰিখৰ ভিতৰত নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথা ৰাজহুৱাকৈ সদৰী কৰে মুখ্যমন্ত্ৰীয়ে ৷

অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স’তে মন্ত্ৰী বিমল বড়া, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে সুৰেণ ফুকন, ভাস্কৰ শৰ্মা, সঞ্জয় কিষাণ, জিলা পৰিষদৰ অধ্যক্ষ ভাদেশ্বৰ মৰাণ, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণকে আদি কৰি কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক :আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ বাবে ৯.৫১ কোটি টকীয়া নতুন ঘৰ ! অখিল গগৈ হতভম্ব
লগতে পঢ়ক :অসমত ৬৩ লাখ বিঘা মাটি অবৈধ বাংলাদেশীৰ দখলত; আঞ্চলিকতাবাদ প্ৰসংগত লুৰীণজ্য়োতিক কটাক্ষ মুখ্য়মন্ত্ৰীৰ