ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী : বৰাক বিধায়ক কৰাৰ চেষ্টা চলাব বিজেপিয়ে
২০২৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈয়েও বিজেপিত যোগদান কৰিব । মুখ্যমন্ত্ৰীৰ আৰু এক ভৱিষ্যদ্বাণী ৷

Published : February 16, 2026 at 4:20 PM IST
গুৱাহাটী : কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনীতিয়ে লৈছে গুৰুত্বপূৰ্ণ মোৰ । কংগ্ৰেছ দলত মোক্ষম আঘাত হানি জ্যেষ্ঠ নেতা ভূপেন বৰাই সোমবাৰে পুৱা পদত্যাগ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ।
বিজেপিত যোগ দিব নেকি ভূপেন বৰাই ?
এই লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । আনহাতে, মুখ্যমন্ত্ৰীয়ে নিজে মঙলবাৰে ভূপেন বৰাৰ ঘৰলৈ গৈ তেওঁক লগ ধৰিব বুলি ঘোষণা কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছে । ভূপেন বৰাই পদত্যাগ কৰাৰ এঘণ্টা পাৰ নৌহওতেই মুখ্যমন্ত্ৰীৰ ঘোষণা যে কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাৰ বাবে জিকিব পৰা এখন সুৰক্ষিত আসন ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সংৰক্ষণ কৰিব বিজেপিয়ে ।
ভূপেন বৰাই নিজৰ পদত্যাগৰ বিষয়ে বিশেষ নক’লেও সবিশেষ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ঘৰলৈ গৈ ভূপেন বৰাক মঙলবাৰে সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পুৰণি সতীৰ্থ হিচাবে খবৰ ল’বলৈ যাব হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীয়ে লগতে ক’লে কোন কোন আহিব কংগ্ৰেছৰ পৰা বিজেপিলৈ ৷

গৌৰৱ গগৈৰ নেতৃত্বত কেনে অৱস্থা হ’ব কংগ্ৰেছৰ ?
ভূপেন বৰাৰ পদত্যাগৰ কিছুসময়ৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক মঙলবাৰে সাক্ষাৎ কৰিব বুলি কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰীয়ে কয়, “কাইলৈ গধুলি মই তেখেতৰ ঘৰলৈ যাম দুখৰ সময়ত ৷ আমি বাইছ-তেইছ বছৰ একলগে কাম কৰিছো । মোৰ মনত আছে যে ভূপেন বৰা আৰু মই এদিনৰ আগ-পিছকৈ একে সময়তে কংগ্ৰেছ দলত যোগদান কৰিছিলো । মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলো ৷ তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জেনেৰেল ছেক্ৰেটাৰী আছিল । মই বাইছ বছৰত এৰিলো ৷ তেওঁ কিছুদিন লাষ্টিং কৰিলে । সেয়ে কাইলৈ মই তেওঁৰ ঘৰলৈ যাম ৷ ভৱিষ্যতৰ ৰাজনীতিত তেওঁ কি ভাবিছে ? বা কি কৰিব খুজিছে -মই খবৰ ল’ম ৷”
কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব নেকি ?
সাংবাদিকৰ এই প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয়, “বৰ্তমানলৈ বিজেপি দলৰ সৈতে আনুষ্ঠানিক যোগাযোগ হোৱা নাই । হয়তো কিছুমানে পদত্যাগ কৰাৰ পিছত কিছু স্পেছো ৰাখি থয় ; কিন্তু মই যাৰ দ্বাৰা খবৰ দিব পাৰো,মই খবৰ দিছো যে মই কাইলৈ গধূলি তেওঁৰ ঘৰত এপাক যাম ৷” আনহাতে, মঙলবাৰে মুখ্যমন্ত্ৰী তেওঁৰ ঘৰলৈ যোৱাৰ পিছত ভূপেন বৰাই বিজেপিলৈ আহিম বুলি ক’লে কি ভূমিকা ল’ব মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে ?
বিজেপিয়ে ভূপেন বৰালৈ দুৱাৰ খুলি ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়, “তেওঁ বিজেপিলৈ আহিব ! এই বিষয়ে মই আগতেই বাজপেয়ী ভৱনৰ তলতেই কৈ থৈছিলো যে ভূপেন বৰাৰ কাৰণে মই বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছো আৰু বিজেপি দলৰ তৰফৰ পৰা আমি ভূপেন বৰাক বিধায়ক কৰাৰো চেষ্টা কৰিম ৷ কাৰণ, সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানক কংগ্ৰেছে স্বীকৃতি নিদিয়ে । মোকতো অসমৰ বিজেপিয়ে মুখ্যমন্ত্ৰীও পাতিছে । গতিকে আমি সদায় ব্লু ব্লাডৰ ৰাজনীতিৰ পৰা আঁতৰত থাকো ।”
“ভূপেন বৰাই বিজেপিত যোগদান কৰিব খুজিলে মই আদৰণি জনাম । যদি নোখোজেও, শুভেচ্ছা জনালো ৷” বুলিও কয় মুখ্যমন্ত্ৰীয়ে ।
হিন্দু ল'ৰাই কংগ্ৰেছত নেতৃত্ব ল'ব নোৱাৰে :
ভূপেন বৰাৰ পদত্যাগক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “সাধাৰণ ঘৰৰ আৰু হিন্দু ল'ৰাই কংগ্ৰেছত নেতৃত্ব ল'ব নোৱাৰে, কংগ্ৰেছত থাকিব নোৱাৰে ৷” মুখ্যমন্ত্ৰীয়ে লগতে কয়, “২০২৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈয়েও বিজেপিত যোগদান কৰিব । ২০২৯ চনলৈ কংগ্ৰেছত গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু সংখ্যালঘু লোকহে থাকিব ৷ ”
কংগ্ৰেছ দলক সংখ্যালঘুৰ দ্বাৰা পৰিচালিত দল বুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে কয়, "গৌৰৱ গগৈ এতিয়া ৰকিবুল হুছেইনৰ নেতৃত্বত চলে । কংগ্ৰেছ দল এতিয়া ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ কথাত উঠা-বহা কৰে ।”
মুখ্যমন্ত্ৰীয়ে কয়, “ভূপেন বৰাৰ পদত্যাগক লৈ মই আচৰিত নহয় । মই আগতেই জানিছিলো যে এনে এটা দিন আহিব তেওঁৰ, তেওঁ পদত্যাগ কৰিবই লাগিব ৷ সাধাৰণ ঘৰৰ ল’ৰা কংগ্ৰেছ দলৰ নেতৃত্বত থাকিব নোৱাৰে । প্ৰদেশ কংগ্ৰেছত হিন্দু ল’ৰা থকাৰ পৰিৱেশ একেবাৰেই নাই ।”
ভূপেন বৰাৰ পদত্যাগ পত্ৰ প্ৰত্য়ক্ষ কৰা বুলি দাবী কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁ তাত দুটা মূল কথা দেখা পাইছে । প্ৰথমটো হ’ল, ৰকিবুল হুছেইনে এতিয়া কংগ্ৰেছ দলক গ্ৰাস কৰি লৈছে ৷ দ্বিতীয়টো হ'ল, গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ । ৰকিবুল হুছেইনৰ হাতত অসম কংগ্ৰেছৰ বাঘজৰী অৰ্পণৰ বাবেই ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, “মই যিখন পদত্যাগ পত্ৰ দেখিছো, তাত দুটা কাৰণেই দেখিছো-এটা হ’ল কংগ্ৰেছত ৰকিবুল হুছেইনৰ যি দপদপনি ৷ আনটো হ’ল.. গৌৰৱ গগৈৰ যি পাকিস্তান লিংকৰ বিষয়, সেইটোত তেওঁ বিশ্বাসযোগ্য উত্তৰ দিব নোৱাৰিলে। সেইটোতো মোৰো অভিযোগ । ”

