ETV Bharat / politics

ৰাইজৰ দলত যোগদান কৰিব কংগ্ৰেছৰ দুই বিধায়কে : আছে এজন নিলম্বিত বিধায়ক

পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুৰ ৰছিদ মণ্ডল আৰু বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে যোগদান কৰিব ৰাইজৰ দলত ।

Sitting MLAs to join Raijor Dal
আব্দুৰ ৰছিদ মণ্ডল আৰু শ্বেৰমান আলী আহমেদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 15, 2026 at 8:49 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দল বাগৰাৰ ৰাজনীতি আৰম্ভ হৈছে । সমাগত বিধানসভা নিৰ্বাচনত টিকট সুনিশ্চিত নোহোৱাকলৈ দল সলনিৰ বাবে সাজু হৈছে কেইবাজনো নেতা । এইক্ষেত্রত বহুকেইজন নেতাৰ নাম চৰ্চালৈ অহাৰ সময়তে কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰাৰ বাবে সাজু হৈছে দুজন বিধায়ক । ইয়াৰে এজন কংগ্ৰেছৰ নিলম্বিত বিধায়ক ।

কংগ্ৰেছক বিদায় দি সোমবাৰে ৰাইজৰ দলত যোগদান কৰিব পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুৰ ৰছিদ মণ্ডলে । সোমবাৰে বিয়লি ৩ বজাত গুৱাহাটীৰ এখন হোটেলত আয়োজন কৰা যোগদান সভাত আব্দুৰ ৰছিদ মণ্ডলে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিব । আনহাতে মঙলবাৰে ৰাইজৰ দলত যোগদান কৰিব কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ নেতা তথা বিধায়কে । অৱশ্যে তেওঁ কংগ্ৰেছৰ নিলম্বিত বিধায়ক । তেওঁ হৈছে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ ।

শ্বেৰমান আলী আহমেদে মঙলবাৰে কলগাছিয়াৰ বামুণত‍াৰিত আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিব । এই কথা সদৰী কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধ‍ায়ক অখিল গগৈয়ে । সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে কয়, "ৰাইজৰ দলত কংগ্ৰেছৰ দুজন বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু শ্বেৰমান আলী আহমেদে যোগদান কৰিব । কাইলৈ হোটেল লিলিত ৩ বজাত ৰাইজৰ দলত যোগদান কৰিব পশ্চিম গোৱালপাৰাৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে । মঙলবাৰে ৰাইজৰ দলত যোগদান কৰিব বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে ।"

তেওঁ লগতে কয়, "বিধায়ক আব্দুৰ ৰছিদ মণ্ডল তিনিবাৰৰ বিধায়ক আৰু অসম বিধানসভাৰ জ্যেষ্ঠ আৰু সৰৱ বিধায়ক । সেইদৰে বাঘবৰৰ তিনিবাৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ এজন দক্ষ বিধায়ক । তেওঁ কংগ্ৰেছ দলৰ নিলম্বিত বিধায়ক । বিধায়ক হোৱাৰ পূৰ্বে তেওঁ বন বিভাগৰ বিষয়া আছিল । শ্বেৰমান আলী আহমেদে মঙলবাৰে বিয়লি ৩ বজাত কলগাছিয়াৰ ব‍ামুণত‍াৰিত আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰিব । আমি দুয়োজনকে ৰাইজৰ দললৈ আদৰণি জনাইছো । আগন্তুক নিৰ্বাচনত ৰাইজৰ দলৰ পৰা দুজন বিধায়ক নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ গ'ল ।"

ইফালে বিধায়ক অখিল গগৈয়ে জনোৱা মতে বিজেপিৰ দুজন বিধায়কে ৰাইজৰ দলৰ লগত যোগাযোগ অব্যাহত ৰাখিছে । আসন ঠিক কৰি দিব নোৱৰা বাবে ৰাইজৰ দলত বৰ্তমানলৈ দুয়োজনে যোগদান কৰা নাই বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে । সেইদৰে অ গ পৰ এজন বিধায়কৰ লগত ৰাইজৰ দলৰ যোগাযোগ চলি থকাৰ লগতে এ আই ইউ ডি এফৰ পাঁচজনমান বিধায়কৰ লগত কথা-বাৰ্তা চলি থকা বুলি অখিল গগৈয়ে জনায় ।

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ স্ক্ৰীণিং কমিটীৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী : মিলিত হ'ব ৰুদ্ধদ্বাৰ বৈঠকত