মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী ফলিয়ালে ! কংগ্ৰেছ এৰিলে ভূপেন বৰাই
প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ চমক । ২০ ফেব্ৰুৱাৰীত তেওঁ গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা ৷ এই কথা সদৰী কৰিছে বৰাৰ ঘনিষ্ঠই ৷

Published : February 16, 2026 at 12:18 PM IST
|Updated : February 16, 2026 at 12:36 PM IST
গুৱাহাটী/ লখিমপুৰ : বিধানসভা নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি কংগ্রেছ এৰিলে ভূপেন বৰাই । অসম প্ৰদেশ কংগ্রেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰাই এৰিলে কংগ্রেছ দল । সোমবাৰে পুৱা ৮ বজাত অসন্তুষ্টি প্ৰকাশেৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ লিখিলে পদত্যাগ পত্র ।
সোমবাৰে প্ৰকাশ হয় কংগ্রেছ দলত ধুমুহা সৃষ্টি কৰা এই খবৰটো । যি সময়ত শাসক-বিৰোধী সকলো দল নিৰ্বাচনী ৰণ কৌশল তৈয়াৰ কৰাত ব্যস্ত, প্ৰতিপক্ষক কেনেকৈ ধৰাশায়ী কৰিব তাৰ কৌশল যুগুতোৱাত ব্যস্ত থকা সময়ত কংগ্রেছৰ জ্য়েষ্ঠ নেতা ভূপেন বৰাই দল ত্যাগ কৰা ঘটনাই দলটোক চৰম শ'লঠেকত পেলালে ।
সংবাদ মাধ্যমৰ সন্মুখত ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “মই কেন্দ্ৰীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো । যিটো ঘটিছে মই আপোনালোকক সঁচাটো কৈছো । স্বাভিমানৰ বিষয়টো আহিছে ৷ দল কিদৰে পৰিচালিত হৈছে সেইটো মই নেতৃত্বক জনাইছো । মই পুৱা ৮ বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছো ।”
কংগ্ৰেছ দল ত্যাগ কৰি কি কৰিব ভূপেন বৰাই ? বিজেপিত বা আন দলত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নত ভূপেন বৰাই কয় যে তেওঁ ৰাজনীতি নেৰে । ৰাজনীতিৰ অব্যাহত ৰাখিব বুলি সক্ৰিয় ৰাজনীতিৰে যে আন দলত যোগদান কৰিব তাৰ ইংগিত প্ৰদান কৰিলে ভূপেন বৰাই । ভূপেন বৰাই কয়, “ৰাজনীতিতো কৰিমেই ৷ ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ প্ৰশ্নই নুঠে। কি কৰো মই আপোনালোকক জনাম ৷”

উল্লেখ্য যে, লখিমপুৰৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক আছিল ভূপেন বৰা । তদুপৰি ২০২১ চনৰ ২৪ জুলাইত তেওঁ প্ৰদেশ কংগ্রেছৰ সভাপতি ৰূপে নিযুক্তি লাভ কৰিছিল । ৰাজ্যত দলটোক তেওঁ শক্তিশালীভাৱে নেতৃত্ব দিছিল । স্বভাবসিদ্ধ বাক পটুতাৰে বিৰোধীৰ প্ৰতি সততে সৰৱ হৈ আছিল ভূপেন বৰা । আন নেতাৰ দৰে তেওঁৰ বিৰুদ্ধে নাছিল বিশেষ একো কেলেংকাৰীৰ অভিযোগ ।
মাথোঁ দুদিনৰ আগতে লখিমপুৰত দলৰ বৰ অসম সমন্বয় যাত্রাত এক অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে । লখিমপুৰ মেডিকেল কলেজত এগৰাকী মহিলাৰ গাত হাত দিয়া বুলি তেওঁৰ বিৰুদ্ধে এগৰাকী মহিলাই অভিযোগ উত্থাপন কৰিছিল । পিছে গৰিষ্ঠ সংখ্যক লোকে তাৰ সত্যতাক লৈ সন্দেহহে প্ৰকাশ কৰিছিল ।
কিয় দল এৰিলে ভূপেন বৰাই ?
ভূপেন বৰাই কিয় দল ত্যাগ কৰিলে সেই সন্দৰ্ভত এই সময়ত কোনো স্পষ্ট কথা প্ৰকাশ নহ'লেও দলীয় কৰ্মীৰ মুখে মুখে বহু কথাই বাগৰিছে । নাম প্ৰকাশত অনিচ্ছুক একাংশ কৰ্মীৰ মতে কেইদিনমানৰ পূৰ্বে ভূপেন বৰাক বিৰোধী ঐক্য মঞ্চৰ আসন বুজাবুজিৰ দায়িত্ব দিয়া হৈছিল ।
ভূপেন বৰাই সেই দায়িত্ব নিষ্ঠাৰে পালনৰ বাবে আগবাঢ়িছিল । পিছে দলৰ এটা লবীৰ হেঁচাত পুনৰ সেই একে দায়িত্বত অতিৰিক্তভাৱে সাংসদ ৰকিবুল হুছেইনকো নিয়োগ কৰা হয় । এই কথাই ভূপেন বৰাৰ আত্মসন্মানত আঘাত কৰে । যাৰ বাবে তেওঁ দল ত্যাগ কৰে । এয়া একাংশ দলীয় কৰ্মীৰ অনুভৱ । আনকি ভূপেন বৰাই লোৱা এই সিদ্ধান্তত বিমৰ্ষ হৈ পৰিছে বহু দলীয় কৰ্মী ।
চৰ্চা চলিছে যে অহা ২০ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ পিচতেই ২১ ফেব্ৰুৱাৰীত তেওঁ গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা ৷ যদি সেয়ে হয় তেন্তে ভূপেন বৰাই স্বাভাৱিকতে নিৰ্বাচন খেলিব ৰঙানদী বিধানসভা সমষ্টিৰ পৰা । ভূপেন বৰাৰ দলত্যাগ যি দৰে এক অকল্পনীয় ঘটনা হৈ চৰ্চাৰ বিষয় হৈছে, তেনেদৰে তেওঁৰ বিজেপি গমন বা ৰঙানদীত নিৰ্বাচন খেলাৰ প্ৰসংগও সমানে চৰ্চা চলিছে ।
মুখ্য়মন্ত্ৰীৰ ভৱিষ্যদ্বাণী সঁচা হ'ব নেকি ?
কেবামাহৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটা ভৱিষ্যদ্বাণী কৰিছিল যে ভূপেন বৰায়ো কংগ্ৰেছ ত্যাগ কৰিব আৰু 2026 ত বিজেপিলৈ আহিব ৷ এই ভৱিষ্যদ্বাণীৰ প্ৰথমটো ইতিমধ্যে ফলিয়ালে ৷ বাকী আছে এতিয়া দ্বিতীয়টোহে ৷

