ৰাইজে এইখন চৰকাৰক সমালোচনা কৰিবলৈ ভয় কৰে: গৌৰৱ গগৈ
শিৱসাগৰত গৌৰৱ গগৈৰ 'সময় পৰিৱৰ্তন যাত্ৰা' । বিজেপি তথা মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ ।

Published : March 1, 2026 at 11:35 AM IST
শিৱসাগৰ: বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা বিজেপি চৰকাৰৰ দহ বছৰীয়া শাসনৰ বিৰুদ্ধে ঘোষণা কৰা 'সময় পৰিৱৰ্তন যাত্ৰা' শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত প্ৰৱেশ কৰে শিৱসাগৰত । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নেতৃত্ব প্ৰদান কৰা এই যাত্ৰাত অংশীদাৰ হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা, প্ৰদেশ কংগ্ৰেছ জ্যেষ্ঠ মুখপাত্ৰ মনোৰঞ্জন বৰগোঁহাইৰ লগতে বহু কেইগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই ।
শিৱসাগৰত প্ৰৱেশ কৰিয়েই সভাপতি গৌৰৱ গগৈয়ে প্ৰায় চাৰিঘণ্টা পলমকৈ উপস্থিত হোৱাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে । তেওঁ নিজৰ ভাষণত উল্লেখ কৰে যে এক দীঘলীয়া যাত্ৰা কৰি ওলাই অহাৰ পথত ৰাইজৰ সন্মুখত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছে ।
গগৈয়ে কয়,"ৰাইজৰ প্ৰশ্নক সন্মান জনাই উত্তৰসমূহ দি আহোঁতে আমাৰ সময় পৰিৱৰ্তন যাত্ৰা কিছু পলম হ'ল । আমাৰ এই যাত্ৰাত ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ যাত্ৰাত সমভাগী হৈছে । আমি কোনো লোককে ধন দি আমাৰ যাত্ৰাত অংশগ্ৰহণ কৰোৱা নাই । ৰাইজৰ এই স্বতঃস্ফুৰ্ত অংশগ্ৰহণে স্পষ্ট কৰি দিছে যে অসমৰ ৰাইজে এইবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ বিচাৰিছে ।"
ৰাইজৰ প্ৰশ্নৰ আঁত ধৰি APCC ৰ সভাপতিগৰাকীয়ে কয়,"ৰাইজে প্ৰশ্ন কৰিছে যে কংগ্ৰেছ চৰকাৰ আহিলে জুবিন গাৰ্গে ন্যায় পাব নে নাই ? পৰিতাপৰ বিষয় যে অসমৰ ৰাইজে এই প্ৰশ্ন কিয় উত্থাপন কৰিবলগীয়া হৈছে । যিহেতু ৰাইজে জানিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থকালৈকে কেতিয়াও ৰাইজে ন্যায় নাপাই বুলি মানি লৈছে । এইখন চৰকাৰে এখন ফ্লাই অভাৰ বনাবলৈ ইমান তৎপৰ হৈ পৰে যে তেওঁলোকে জুবিনক্ষেত্ৰৰ সীমাৰ বেৰাখন পৰ্যন্ত আজি পৰ্যন্ত মাৰিব পৰা নাই ।"
মুখ্যমন্ত্ৰীক সমালোচনা কৰি গগৈয়ে কয়,"অসমীয়া সমাজখন জুবিন গাৰ্গৰ দৰে স্পষ্টবাদী হওক । যি সঁচা আৰু যি মিছা ইয়াক কোৱাৰ সাহস কৰক । অসমৰ ৰাইজে বাক স্বাধীনতা ঘূৰাই আনক । এতিয়া এনেকুৱা হৈছে যে ৰাইজে এইখন চৰকাৰক সমালোচনা কৰিবলৈ ভয় কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘৃণাৰ ৰাজনীতি কৰিছে বুলি জাননী জাৰি কৰিছে । তথাপিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু-মুছলমানৰ ৰাজনীতি কৰাত ব্যস্ত আছে । সেয়ে অসমৰ ৰাইজে এতিয়া কৈছে যে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা হেৰুৱাইছে ।"
তেওঁ কয়, "আনকি অসমৰ দৰিদ্ৰ ৰাইজে ভূমিৰ পট্টা বিচাৰিছে যদিও চৰকাৰখনে বসুন্ধৰা এক, দুই, তিনিৰ পিছতো ৰাইজক মাটিৰ পট্টা দিয়াত ব্যৰ্থ হৈছে । কিন্তু ইয়াৰ বিপৰীতে মাটিৰ খাজনা পূৰ্বতকৈ অধিক ল'বলৈ আৰম্ভ কৰিছে । অসমৰ ৰাইজে বিভিন্ন মুখ্যমন্ত্ৰীক দেখিছে । কিন্তু এনে মুখ্যমন্ত্ৰী দেখা নাই যাৰ ঘৰৰ ভিতৰতে ১২ হেজাৰ ভুমি বিভিন্ন জনৰ নামত পঞ্জীয়ন হৈছে । ইতিহাসত কোৱা হৈছে যে 'দেশতকৈ মোমাই ডাঙৰ নহয়' কিন্তু আজিৰ তাৰিখত অসমৰ ৰাইজে কৈছে 'দেশতকৈ মামী ডাঙৰ নহয়' ।"
সময় পৰিৱৰ্তন যাত্ৰাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "সমগ্ৰ অসমত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত বসুন্ধৰা ৩.০ যি ভূমি পট্টা বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠানৰ পৰা বিৰোধী দলৰ সকলো বিধায়কক বঞ্চিত কৰি চৰকাৰখনে বিৰোধীক অপমান কৰিছে । বিৰোধীৰ সাংবিধানিক অধিকাৰক চৰকাৰে খৰ্ব কৰিছে । এই কাৰ্য গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি ।"
শইকীয়াই লগতে কয়,"এই সন্দৰ্ভত আমি নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিম । যিহেতু ৰাইজে যিসকল কংগ্ৰেছৰ বিৰোধী শিবিৰৰ লোকক নিৰ্বাচনত প্ৰত্যাখ্যান কৰিছিল, সেইসকল লোককে নপতা ফুকন পাতি ৰাজ্য প্ৰশাসনে বসুন্ধৰা আঁচনি বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছে । প্ৰতিখন জিলাৰ প্ৰশাসনে বিজেপি চৰকাৰৰ গোলামৰ দৰে কাম কৰিছে ।"

