ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবলৈ ৰাজপথলৈ আহিছে ৰাইজঃ দিলীপ শইকীয়া

চলিব ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ । ওলাই আহিল হাজাৰ হাজাৰ লোক ।

BJP's 'Jan Ashirwad Yatra' led by CM Dr. Himanta Biswa Sarma has begun
জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী, দিলীপ শইকীয়া আৰু আন আন নেতাসকল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 1, 2026 at 8:51 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শনিবাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা নদুৱাৰলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ আৰম্ভ হয় । জিলাখনৰ পাঁচটা বিধানসভা সমষ্টি সামৰি লোৱা এই যাত্ৰাই অঞ্চলজুৰি ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰে আৰু নিশা তেজপুৰৰ পৰা ৰঙাপৰা সমষ্টিৰ বালিপৰালৈ যাত্ৰা আৰম্ভ কৰে ।

বৰছলাৰ গুপ্তেশ্বৰ মন্দিৰত পূজা-অৰ্চনাৰে মুখ্যমন্ত্ৰীয়ে যাত্ৰাৰ শুভাৰম্ভ কৰে । তাৰ পিছতে ঢেকীয়াজুলিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে । কাৱৈমাৰী, ঠেলামৰা, পিঠাখোৱা টোমুকি, বেছেৰীয়া ডিপোতা, মিছনৰছাৰিয়ালি, ভৰ্তক, মাজগাঁও, মুঢ়াতেতেলি, ত্ৰিবেণী চিভিল চাৰিয়ালি আদি স্থানত পথসভা অনুষ্ঠিত কৰে । সন্ধিয়া ৮:৩০ বজাত যাত্ৰা তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ সমীপত উপস্থিত হয় এই যাত্ৰা ।

তেজপুৰত জন আশীৰ্বাদ যাত্ৰাৰ এক দৃশ্য (ETV Bharat Assam)

ঢেকীয়াজুলিৰ সভাত মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে অসমৰ ৰাইজৰ আশীৰ্বাদেই এই যাত্ৰাৰ মূল শক্তি । বিগত সময়ছোৱাত চৰকাৰে সম্ভৱ সকলো সহায় আগবঢ়োৱাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰি আগন্তুক দিনত অধিক উন্নয়নমূলক কাম কৰিবলৈ পুনৰ আশীৰ্বাদ বিচাৰে । লগতে ভুলবশতঃ অসম্পূৰ্ণ হৈ থকা কামসমূহ আগুৱাই নিবলৈ সুযোগ দিয়াৰ আহ্বান জনায় ।

ইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনাইছে যে ঢেকীয়াজুলি, বৰছলা আৰু তেজপুৰত দেখা গৈছে জনসমুদ্ৰৰ অভূতপূৰ্ব সঁহাৰি । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিশ নির্দেশনাত অসমত পুনৰ বিজেপি চৰকাৰ গঠনৰ বাবে এই আশীৰ্বাদ বুলি তেওঁ মন্তব্য কৰে ।

BJP's 'Jan Ashirwad Yatra' led by CM Dr. Himanta Biswa Sarma has begun
মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা (ETV Bharat Assam)

শইকীয়াই কয়,"ৰাইজে স্বতঃস্ফুৰ্তভাৱে ড৹ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে আশীৰ্বাদ দিবলৈ ওলাই আহিছে । আমি দেখিছোঁ চাৰিওফালে ৰাইজৰ সাগৰ । মামাক আশীৰ্বাদ দিবলৈ আহিছে । আকৌ এবাৰ বিজেপি চৰকাৰ গঠন কৰাৰ বাবে সকলো ৰাইজ আজি ওলাই আহিছে । সকলো ৰাইজলৈ আমি ধন্যবাদ জনাইছোঁ ।"

যাত্ৰাৰ সময়ছোৱাত বিজেপিৰ দলীয় পতাকা আৰু সমৰ্থকৰ ভিৰে বিভিন্ন স্থান উৎসৱমুখৰ হৈ পৰে । দলীয় সূত্ৰ অনুসৰি, ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰা—এই পাঁচটা সমষ্টিত প্ৰায় দহটা বিশেষ স্থানত ৰাইজৰ সৈতে পোনপটীয়া সংযোগ স্থাপন কৰা হৈছে । পথসভা আৰু জনসমাগমত চৰকাৰৰ উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনি উন্নয়ন, শিক্ষা-স্বাস্থ্য খণ্ডৰ সংস্কাৰ আৰু আত্মনিৰ্ভৰ অসমৰ দৃষ্টিভংগী সন্দৰ্ভত বক্তব্য ৰাখে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ লক্ষ্য়ৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

ৰাজ্যসভালৈ যোৱাৰ মন বদৰুদ্দিন আজমলৰ : কংগ্ৰেছৰ পৰা সমৰ্থন বিচাৰি পত্র এ আই ইউ ডি এফৰ