বংগৰ আত্মাৰে প্ৰবাহিত হয় গংগা: কলকাতাত হুগলীত নৌকা বিহাৰ কৰি প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ হুগলী নদীত নৌকা বিহাৰেৰে দিনটো আৰম্ভ কৰি নাৱৰীয়াসকলক সাক্ষাৎ কৰে ।

By ANI
Published : April 24, 2026 at 11:55 AM IST
|Updated : April 24, 2026 at 12:15 PM IST
নতুন দিল্লী : বৰ্তমান নিৰ্বাচনী জ্বৰত জৰ্জৰিত হৈ আছে বংগ ভূমি । দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বৃহস্পতিবাৰে অন্ত পৰে যদিও দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহত এতিয়া উষ্ণ হৈ উঠিছে ৰাজনৈতিক পৰিৱেশ ।
এফালে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ শাসন-ক্ষমতা ধৰি ৰখাৰ প্ৰয়াস, আনফালে বাংলা জাতীয়তাবাদত গেৰুৱা দলৰ খোপনি পোতাৰ দুৰ্বাৰ হাবিয়াস । যাৰবাবে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সঘনাই পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই বংগৰ ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাই আছে ।
Some more glimpses from the banks of the Hooghly.
— Narendra Modi (@narendramodi) April 24, 2026
Tried my hand at photographing this great river. Also caught a close glimpse of the Vidyasagar Setu and Howrah Bridge. pic.twitter.com/S6Nq6r2xOc
তাৰেই অংশ হিচাপে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ হুগলী নদীত নৌকা বিহাৰেৰে দিনটো আৰম্ভ কৰি নাৱৰীয়াসকলক সাক্ষাৎ কৰে । আনহাতে, নিৰ্বাচনী বতৰৰ মাজতে পশ্চিমবংগৰ উন্নয়নৰ বাবে নিজৰ দায়বদ্ধতাৰ কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।
এটা X পোষ্টত প্ৰধানমন্ত্ৰীয়ে পৱিত্ৰ গংগা নদীৰ তাৎপৰ্যৰ প্ৰতিফলন ঘটাই কয় যে গংগা নদী 'বংগৰ আত্মাৰ' মাজেৰে বৈ যায় । তেওঁ হুগলী নদীত নৌকা বিহাৰ কৰা ছবিও শ্বেয়াৰ কৰে ।
"প্ৰতিগৰাকী বঙালীৰ বাবে গংগাই এক অতি বিশেষ স্থান দখল কৰিছে । যিকোনো লোকেই ক'ব পাৰে যে বংগৰ আত্মাৰ মাজেৰে গংগা বৈ যায় । গংগা মাৰ ঐশ্বৰিক জলৰাশিয়ে এক সমগ্ৰ সভ্যতাৰ কালজয়ী আত্মা কঢ়িয়াই লৈ ফুৰে । আজি পুৱা কলকাতাত মই হুগলী নদীৰ পাৰত কিছু সময় কটালোঁ, মা গংগাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পালোঁ । লগতে প্ৰাতঃভ্ৰমণকাৰী আৰু নাৱৰীয়াসকলকো লগ পোৱাৰ সুযোগ পালোঁ । তেওঁলোকৰ কঠোৰ পৰিশ্ৰমী স্বভাৱ প্ৰশংসনীয় । হুগলীত পশ্চিমবংগৰ উন্নয়ন আৰু মহান বঙালী জনসাধাৰণৰ সমৃদ্ধিৰ দিশত কাম কৰাৰ আমাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰোঁ ।"
For every Bengali, the Ganga occupies a very special place. One can say that the Ganga flows through the soul of Bengal. Her divine waters carry the timeless spirit of an entire civilisation.
— Narendra Modi (@narendramodi) April 24, 2026
This morning in Kolkata, I spent some time on the banks of the Hooghly river, an… pic.twitter.com/I3Y0gsFl3E
উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে ফটো ছেছনো কৰে আৰু লগতে হুগলী নদী, বিদ্যাসাগৰ সেতু আৰু হাওৰা দলঙৰ পাৰৰ কিছু দৃশ্য শ্বেয়াৰ কৰে । এটা সুকীয়া পোষ্টত ছবিসমূহ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "হুগলীৰ পাৰৰ পৰা আৰু কিছু দৃশ্য । এই মহান নদীখনৰ ফটো তুলিবলৈ মোৰ হাত আগবঢ়ালোঁ । লগতে বিদ্যাসাগৰ সেতু আৰু হাওৰা দলঙৰ নিকট দৃশ্য দাঙি ধৰিলোঁ ।"
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বংগত পৰিৱৰ্তনৰ ধুমুহাই তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত “বংগৰ মহিলা আৰু যুৱক-যুৱতীসকলে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছে” । সমগ্ৰ দেশবাসীয়ে এতিয়া বংগৰ ওপৰত দৃষ্টি ৰাখিছে ।
আনহাতে, এক নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে শাসকীয় টিএমচিয়ে “বংগৰ মহিলাসকলৰ অধিকাৰ কাঢ়ি নিছে” । কৃষ্ণনগৰতো বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ সময়ত এক নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৌদিশৰ পৰা পৰিৱৰ্তনৰ কণ্ঠস্বৰ ভাহি আহিছে ।
"সকলোৱে কৈছে, 'পাল্টানো দৰকাৰ' (পৰিৱৰ্তনৰ প্ৰয়োজন)... বংগত পৰিৱৰ্তনৰ ধুমুহা বলিছে... ঠিক দহ দিনৰ পিছত যেতিয়া ভোট গণনা হ'ব, তেতিয়া মোৰ বিশ্বাস যে ইয়াত সকলোতে পদুম ফুলিব ।" তেওঁ কয় ।
তেওঁ লগতে কয়, "মই বংগৰ জনসাধাৰণক, বিশেষকৈ মোৰ প্ৰথমবাৰৰ ভোটদাতাসকলক কওঁ যে বংগৰ নিৰ্দয় চৰকাৰখনক ওফৰাই পেলোৱাৰ এইটোৱেই উপযুক্ত সময় । আমাক সকলোকে আশীৰ্বাদ দিবলৈ ইয়াত ইমান বৃহৎসংখ্যক মাতৃ-ভগ্নীৰ উপস্থিতিয়ে টিএমচিৰ নিদ্ৰা হৰণ কৰাটো নিশ্চিত ।"
তেওঁ কয় যে তৃণমূল কংগ্ৰেছে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা কাৰ্যকৰী কৰি তুলিবলৈ বিচৰা মহিলা সংৰক্ষণক বাধা প্ৰদান কৰি সংবিধান সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিছিল ।
"টিএমচিয়ে ইয়াৰ বিৰুদ্ধে ভোট দিয়ে । টিএমচিয়ে বংগৰ মহিলাসকলৰ অধিকাৰ খৰ্ব কৰিলে । বংগ হৈছে সেই ভূমি, য'ত দুৰ্গাক পূজা কৰা হয় আৰু টিএমচিয়ে ইয়াত মহিলাৰ সন্মানক যি অপমান কৰিছে, তেওঁলোকৰ বিৰুদ্ধে যি অত্যাচাৰ কৰিছে, আপোনালোকৰ এটা এটা ভোটে তেওঁলোকক ইয়াৰ জবাবদিহি কৰি ব। এতিয়া আৰু আমি অন্যায় সহ্য নকৰোঁ । যথেষ্ট হ'ল; তেওঁলোকে এই ১৫ বছৰ ধৰি অত্যাচাৰ কৰি আহিছে । এতিয়া ইয়াক চলি থাকিব দিব নোৱাৰি ।" তেওঁ কয় ।
উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত পশ্চিমবংগই দেশৰ ভিতৰতে নজিৰ স্থাপন কৰি ৯০%ৰ ওপৰত ভোটদানৰ সাক্ষী হয় । বাকী থকা আসনসমূহৰ বাবে অহা ২৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৪ মে’ত ফলাফল ঘোষণা কৰা হ’ব ।

