বহু জিলাত টিএমচিয়ে এটাও ভোট লাভ নকৰে : প্ৰধানমন্ত্ৰী মোদী
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথম পর্যায়ৰ বিধানসভা নির্বাচনত অভিলেখসংখ্যক ভোটদানৰ বাবে পশ্চিমবংগৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে ৷

Published : April 23, 2026 at 11:26 PM IST
কৃষ্ণনগৰ/মথুৰাপুৰ(পশ্চিমবংগ): পশ্চিমবংগত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অভিলেখসংখ্যক ৯১.৩৫ শতাংশ ভোটদান সম্পন্ন হয় ৷ যাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই ভোটদান ‘পৰিৱৰ্তনৰ বাবে বৃহৎ আদেশ’ৰ চিন বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিহিত কৰে ।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে নদিয়া জিলাৰ কৃষ্ণনগৰত নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে যে এইবেলি বিধানসভা নিৰ্বাচনৰ সময়ত ঘটা হিংসাত্মক ঘটনা বিগত ৫০ বছৰৰ ভিতৰতে সৰ্বনিম্ন ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘বিগত ৫০ বছৰৰ নিৰ্বাচনী ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে চলিত বৰ্ষত বংগত মাথোঁ কেইটামানহে হিংসাত্মক ঘটনা সংঘটিত হৈছে ৷ এতিয়ালৈকে যিখিনি পাইছো, তাৰ পৰা মই নিশ্চিত যে এয়া পৰিৱৰ্তনৰ এক আদেশ ৷’’ তেওঁ দাবী কৰে যে ভোট দিবলৈ বৃহৎ সংখ্যক লোক ওলাই আহিছে মানে বিজেপিয়ে নিৰ্ণায়কভাৱে জয়লাভ কৰিছে ।
বিয়লি ৩ বজালৈকে ৰাজ্যখনত হোৱা ভোটদানৰ হাৰ আছিল ৭৮.৭৭ শতাংশ । ১৫২ খন বিধানসভাৰ আসনৰ বাবে অনুষ্ঠিত ভোটদানৰ প্ৰথম কেইঘণ্টামানৰ ভিতৰতে ৰাজ্যৰ একাংশ অঞ্চলত কেইবাটাও বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হয় ৷
আনহাতে, 'ঝালমুৰি' ৰ প্ৰসংগটোক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ নিজেই মুখৰোচক সেই খাদ্য উপভোগ কৰিলেও টিএমচিয়েহে জলকীয়াৰ পোৰণি অনুভৱ কৰিছে । বিজেপিৰ শীৰ্ষ নেতা তথা প্ৰধানমন্ত্ৰী মোদীয়ে কটাক্ষ কৰি কয়, ‘‘মই বংগত ঝালমুৰি খাইছিলো, কিন্তু টিএমচিৰ নেতাসকলেহে যেন জলকীয়াৰ পোৰণি অনুভৱ কৰিছে ।’’
ৰাজ্যখনৰ বাবে পূৰ্বৰ ছয়টা নিৰ্বাচনী নিশ্চয়তাৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ মহিলা আৰু শিশুসকলৰ অগ্ৰগতি আৰু কল্যাণৰ লক্ষ্যৰে ১০ টা নতুন ‘মোদী-কি-গেৰাণ্টী’ ৰ প্ৰতিশ্ৰুতি দিয়ে । তেওঁ কয় যে মোদী-কি-গেৰাণ্টীৰ অৰ্থ সেই নিশ্চয়তাসমূহ পূৰণ কৰা ।
প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে যে, ‘‘এইবাৰ টিএমচিয়ে বংগৰ বহু জিলাত নিজৰ একাউণ্টেই খুলিব নোৱাৰিব । আমাৰ ভূমিত ভাবুকি কঢ়িয়াই অনা অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰা টিএমচিৰ মন্ত্ৰণাৰ অন্ত পেলোৱাৰ প্ৰয়োজন আছে । ৰাজ্যখনত বিজেপি ক্ষমতালৈ অহাৰ পিছত CAA ৰ অধীনত নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়াই গতি লাভ কৰিব ।’’ প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে এনে সকলো শৰণাৰ্থীকে এই দেশৰ আন নাগৰিকৰ দৰে নাগৰিকত্বৰ নথি-পত্ৰ প্ৰদান কৰা হ'ব ।
পিছত দক্ষিণ ২৪ পৰগনা জিলাৰ মথুৰাপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকদ্বীপ ষ্টেডিয়ামত এক জনসভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে ৰাজ্যখনত অভিলেখসংখ্যক ভোটদানৰ হাৰে টিএমচিৰ ‘আতংক’ৰ শাসনক বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়া ‘বিশ্বাস’ৰ দ্বাৰা নিশ্চিতভাৱে পৰাস্ত হৈছে ৷
তেওঁ দাবী কৰে যে ৪ মে’ত ভোটগণনা হ’লে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া ছিণ্ডিকেট ব্যৱস্থা আৰু মহা জংঘলৰাজৰ সমাপ্তি ঘটিব ৷ মোদীয়ে কয়, ‘‘বংগত এনে এটাও অঞ্চল নাই, য'ত উৎকোচ অবিহনে কাম কৰা হয় ৷ এনে এটা অঞ্চল নাই য'ত টিএমচিৰ গেং আৰু তেওঁলোকৰ মধ্যভোগীয়ে কমিচন লোৱা নাই । ১৫ বছৰীয়া এই গেং ব্যৱস্থা আৰু টিএমচিৰ জংঘলৰাজ ৪ মে'ত শেষ হ'ব ।’’
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ শীৰ্ষ নেত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰে ভূৱা প্ৰতিশ্ৰুতি দিয়াৰ লগতে জনসাধাৰণক প্ৰতাৰণা কৰা বুলি দোষাৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ শাসকীয় দলে দিয়া ভূৱা প্ৰতিশ্ৰুতিৰ তালিকা দাখিল কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘গংগাসাগৰ মেলা অনুষ্ঠিত হোৱা সাগৰ দ্বীপৰ সৈতে মূল ভূখণ্ডক সংযোগ কৰা দলং নিৰ্মাণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই আৰু যাৰ বাবে জনসাধাৰণে এতিয়াও নাওৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে । একেদৰে বান নিয়ন্ত্ৰণৰ বাবে ঘটাল মাষ্টাৰপ্লেন আৰম্ভ হোৱা নাই আৰু খাদ্য উদ্যান আৰু নদীৰ পাৰৰ খহনীয়াৰ বাবে প্ৰকল্প এতিয়াও বাস্তৱায়িত হোৱা নাই ।’’
তেওঁ অভিযোগ কৰে যে টিএমচিয়ে কেন্দ্ৰীয় প্ৰকল্পৰ ৰূপায়ণ বন্ধ কৰাই নহয়, বৰং উন্নয়ন প্ৰকল্পৰ বাবে কেন্দ্ৰই আবণ্টন দিয়া ধনো আত্মসাৎ কৰে । প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘‘ৰাজ্যত বিজেপিৰ মুখ্যমন্ত্ৰী থাকিলেহে এইটো বন্ধ কৰিব পৰা যাব ।’’
প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত টিএমচিয়ে ২০২৯ চনৰ ভিতৰত বিধায়িনী সভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ প্ৰচেষ্টাক বিফল কৰাৰ বাবে কংগ্ৰেছৰ সৈতে গোপন বুজাবুজি কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ লগতে ঘোষণা কৰে যে পশ্চিমবংগত বিজেপি ক্ষমতালৈ অহাৰ পিছত দক্ষিণ বংগৰ উপকূলীয় অঞ্চলৰ মাছমৰীয়াসকলক বিশেষ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব, য’ত মাছ উৎপাদন আৰু ৰপ্তানিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘দেশৰ স্থানীয় সম্পদ শোষণ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিজেপিয়ে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে । এই অঞ্চলত সাগৰীয় পথেৰেও দেশত অনুপ্ৰৱেশ কৰি ইয়াত বসতি স্থাপন কৰিবলৈ টিএমচিৰ সুৰক্ষা লাভ কৰিছে ।’’
লগতে পঢ়ক: হিংগলগঞ্জত ধন বিতৰণ তথা গ্ৰেপ্তাৰৰ ঘটনাক অপপ্ৰচাৰ আখ্যা কিশোৰ নাথৰ

