ETV Bharat / politics

গেৰুৱা বসন পিন্ধিব শংকৰজ্যোতি বৰুৱাই, কিন্তু শংকৰে নাপায় টিকট, মুখ্যমন্ত্ৰীয়ে কৰিলে স্পষ্ট

নিশ্চিত হ'ল প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ দল । বিজেপিমুখী শংকৰজ্যোতি । শংকৰজ্যোতি বৰুৱাৰ যোগদান কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ।

Former AASU leader Shankarjyoti Baruah along with seven other AASU leaders will join the BJP
বিজেপিলৈ শংকৰজ্যোতি বৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 24, 2026 at 1:49 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাসহ ৭ জন আছু নেতাই । শনিবাৰে বিয়লি দলেবলে বিজেপিত যোগদান কৰিব শংকৰজ্যোতিয়ে ৷ যোগদানৰ পূৰ্বে সংবাদ শিৰোনাম লাভ কৰিছে প্ৰাক্তন ছাত্ৰ নেতাজনে ৷

গুৱাহাটীৰ বাজপেয়ী ভৱনত শনিবাৰে ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এক অনুষ্ঠানত যোগদান কৰিব শংকৰজ্যোতি বৰুৱাই ৷ ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য । শংকৰজ্যোতিৰ লগত যোগদান কৰিব এইকেইজন আছু নেতাই-

  • কনক গগৈ, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সদস্য ডিব্ৰুগড়, দুলীয়াজান
  • অৰ্জুন চেত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সদস্য, আছু, ডিব্ৰুগড়, টেঙাখাত
  • ৰাজীৱ গগৈ, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সদস্য, আছু, ধেমাজি, জোনাই
  • ৰক্তিম বৰা, প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যবাহী সদস্য, আছু, যোৰহাট
  • সত্য বৰগোঁহাই, প্ৰাক্তন সভাপতি, জিলা সমিতি, আছু, তিনিচুকীয়া
  • প্ৰাণজিৎ হাজৰিকা, প্ৰাক্তন সভাপতি, জিলা সমিতি, আছু, মাজুলী

আনহাতে, যোগদানৰ পূৰ্বে বিতৰ্কত সোমাই পৰিছে শংকৰজ্যোতি বৰুৱা । বৰুৱাৰ বিৰুদ্ধে সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে এগৰাকী যুৱতী । উল্লেখ্য যে এইগৰাকী যুৱতীৰ সৈতে নিষ্পেষণ আৰু প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত হৈ কাৰ্যকাল শেষ নহওতেই আছু ত্যাগ কৰিবলগীয়া হৈছিল তেতিয়া সাধাৰণ সম্পাদকৰ দায়িত্বত থকা শংকৰজ্যোতি বৰুৱাই । আনকি নীতিশা বৰা নামৰ যুৱতীগৰাকীয়ে তৰা গোচৰৰ বাবে জামিন গ্ৰহণ কৰিবলগীয়া হৈছিল ।

এতিয়া শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব বুলি বাতৰি ওলোৱাৰ পিছতেই যুৱতীগৰাকী সামাজিক মাধ্যমযোগে সৰৱ হৈ পৰে । বিজেপিৰ ৰাজ্যিক সভাপতি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ নীতিশা বৰাই জনাইছে বিশেষ আহ্বান।

যুৱতীগৰাকীয়ে সামাজিক মাধ্যম ফেচবুকত বিজেপি নেতৃত্বৰ প্ৰতি আহ্বান জনাইছে এইদৰে, "মোৰ জীৱন ধ্বংস কৰা শংকৰজ্যোতি বৰুৱাই বিজেপি দলত যোগদান কৰিব বুলি বাতৰি ওলাইছে । মই বিজেপি দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক অনুৰোধ জনাইছো, বিয়াৰ প্ৰলোভনেৰে এগৰাকী ছোৱালীৰ জীৱন ধ্বংস কৰা এনে লম্পট চৰিত্ৰৰ ব্যক্তিক দলত অন্তৰ্ভুক্ত নকৰিবলৈ ।"

Former AASU leader Shankarjyoti Baruah along with seven other AASU leaders will join the BJP
অভিযোগকাৰী যুৱতীৰ ফেচবুক প'ষ্ট (dETV Bharat Assam)

যুৱতীগৰাকীয়ে সৰ্বানন্দ সোণোৱালৰ প্ৰতিও আহ্বান জনায় এইদৰে, "বহুতে ক'ব খোজে আমাৰ আটাইৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোনোৱাল ডাঙৰীয়াৰ সৈতে সি ঘনিষ্ঠ আৰু সেই কাৰণেই বিজেপি দলে তাক ল'বলৈ ওলাইছে । মই কথাটো বিশ্বাসত ল'ব পৰা নাই । সোণোৱাল ডাঙৰীয়াই নাৰীৰ জীৱনৰ সৈতে হেতালি খেলা ব্যক্তিক এনে সুবিধা কৰি নিদিয়ে বুলি মোৰ দৃঢ় বিশ্বাস ।"

"মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি দিলিপ শইকীয়া ডাঙৰীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, পৱিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এনে ব্যক্তিক দলত যোগদানৰ অনুমতি নিদিবলৈ ৷" - এইদৰে বিজেপিত যোগদান কৰিবলৈ নিদিবলৈ আহ্বান জনায় ।

বিপৰীতে আছুৰ সভাপতি উৎপল শৰ্মাইয়ো বিজেপিত শংকৰজ্যোতিৰ যোগদান প্ৰসংগত কৰিছে কটাক্ষ আৰু সমালোচনা ।

আনহাতে, শংকৰজ্যোতি বৰুৱাসহ ৭ জন আছু নেতাই বিজেপি যোগদান কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "শংকৰসহ আজি দলত যোগদান কৰিব লগা সকলোকে আদৰণি জনাইছো । কিন্তু যদিহে টিকটৰ আশাত যোগদান কৰিছে, তেন্তে মই কওঁ যে তেওঁলোকে টিকট নাপায় । তেওঁলোকে দলৰ মঞ্চত একেলগে কাম কৰিব পাৰিব, কিন্তু নিৰ্বাচনৰ আগত যোদগান কৰাৰ বাবে তেওঁলোকে টিকট লাভ কৰিব নোৱাৰে ।"

লগতে পঢ়ক: ভাওনাক ইউনেস্ক’ৰ স্বীকৃতিৰ দাবীত মাজুলীত সৰৱ আছুৰ সভাপতি উৎপল শৰ্মা

বিধানসভা সমষ্টিৰ বৃত্তান্ত: জানো আহক নাহৰকটীয়া সমষ্টিক