ঘৰৰ ছোৱালী ঘৰলৈ উভতিল ! ৰাইজৰ বাবে কাম কৰাৰ হকে পুনৰ ৰাইজৰ দলকেই বাছি ল’লে জ্ঞানশ্ৰী বৰাই
অধ্যাপিকাৰ চাকৰি ত্যাগ কৰি ৰাইজৰ দলত যোগদান ড৹ জ্ঞানশ্ৰী বৰাৰ । এইয়া জ্ঞানশ্ৰীৰ এক বৈপ্লৱিক সিদ্ধান্ত বুলি মন্তব্য অখিল গগৈৰ ।

Published : February 6, 2026 at 9:01 AM IST
গুৱাহাটী: মহাবিদ্যালৰ অধ্যাপিকাৰ চাকৰি এৰি ৰাজনীতিত আনুষ্ঠানিক যোগদান, যোৱা দুদিন ধৰি ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ শিৰোনামত থকা জ্ঞানশ্ৰী বৰাৰ । গুৱাহাটীত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত অনুষ্ঠিত এক যোগদান কার্যসূচীত ৰাইজৰ দলৰ প্ৰাক্তন মুখপাত্র ড৹ জ্ঞানশ্ৰী বৰাই বৃহস্পতিবাৰে পুনৰ ৰাইজৰ দলত যোগদান কৰে ।
জ্ঞানশ্ৰী বৰাৰ লগতে দলটোত যোগদান কৰে ডাঃ আব্দুল ৱাহিদ (এমবিবিএছ), মুস্তাফিজুৰ ৰহমান, কার্যকৰী সভাপতি, ছাত্র মুক্তি সংগ্ৰাম সমিতি, ৰাজ দত্ত, প্রাক্তন সাংস্কৃতিক সহ তত্বাবধায়ক (আছু), ধ্রুৱজ্যোতি কলিতা, প্রাক্তন আঞ্চলিক সভাপতি, (আছু), বিপ্লৱ দাস, প্রাক্তন বিজেপিৰ সদস্য নৰেন গগৈ, প্রাক্তন কংগ্রেছৰ সদস্য ভাস্কৰজ্যোতি বয়, আপৰ সদস্য অৰুণ বসুমতাৰী জেহৰুল খানে ।
সকলোকে দললৈ স্বাগতম জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়,“এইয়া জ্ঞানশ্ৰীৰ এক বৈপ্লৱিক সিদ্ধান্ত । নির্বাচন খেলাৰ মানসেৰে নহয় সমাজৰ, ৰাইজৰ বাবে কাম কৰিবলৈ আহিছে জ্ঞানশ্রী । যি উচ্চ শিক্ষিত মানুহে শাসনৰ ৰাজনীতিলৈ সোমাব নোখোজে, তেন্তে এচাম অধম মানুহৰ শাসনৰ তলত থাকিবলৈ তেওঁলোক সদায় প্রস্তুত থাকক । ড৹ জ্ঞানশ্ৰী বৰাৰ যোগদানে আজি প্লেটোৰ এইষাৰ কথাকেই মনত পেলাই দিছে । আজি ৰাইজৰ দলত পুনৰ আনুষ্ঠানিকভাৱে যোগদান কৰিলে জ্ঞানশ্ৰী বৰাই । অধ্যাপিকাৰ দৰে চৰকাৰী চাকৰি ত্যাগ কৰি জাতিটোৰ হকে লোৱা এই সাহসী সিদ্ধান্তৰ বাবে সভাপতি হিচাপে মই গর্ব অনুভৱ কৰিছোঁ ।"

ৰাইজৰ দলত যোগদান কৰি জ্ঞানশ্ৰী বৰাই উল্লেখ কৰে,"ৰাজনীতিত পৰিৱৰ্তন আমি নতুন প্রজন্মই আনিব লাগিব । টকা আৰু ক্ষমতাশীল লোকৰ বিপৰীতে সাধাৰণ মানুহেও ৰাজনীতি কৰিবলৈ ওলাই আহিব লাগিব । তথাকথিত ৰাজনৈতিক ব্যৱস্থাক প্রত্যাহ্বান জনাই শেষ পর্যায়লৈকে যুঁজিবলৈ মই সাজু ।"চৰ্চা চলিছে যে জ্ঞানশ্ৰী বৰাক মৰিয়নী, খুমটাই অথবা দেৰগাঁৱত ৰাইজৰ দলৰ তৰফৰ পৰা সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰা হ’ব ৷

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে জ্ঞানশ্ৰী বৰাই নিৰ্বাচন খেলিবনে নাই, তাতকৈ ডাঙৰ কথাটো হ’ল তেওঁ নিজৰ সুবিধাজনক বিত্তীয় অৱস্থান এৰি থৈ আহি ৰাজনীতিৰ অনিশ্চিত পথাৰত ভৰি দিছে । বিপৰীতে জ্ঞানশ্ৰী বৰাই ঘৰৰ ছোৱালী ঘৰলৈ উভতি অহাৰ দৰে কথা বুলি উল্লেখ কৰি কয় যে দলে অর্পণ কৰা প্ৰতিটো দায়িত্ব নিষ্ঠাৰে তেওঁ সম্পাদন কৰিব ।


