মুখ্যমন্ত্রীৰ বিৰুদ্ধে কংগ্ৰেছে অনা অভিযোগক কমেডি শ্ব' আখ্যা ৰাজ্যিক বিজেপিৰ
৮ ফেব্ৰুৱাৰীত পাকিস্তান সংযোগৰ তথ্য মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিম বুলি ঘোষণা কৰাৰ পিছৰে পৰা গৌৰৱ গগৈয়ে টোপনি যাব পৰা নাই । কোনে ক’লে কি কথা ?

Published : February 5, 2026 at 9:37 PM IST
গুৱাহাটী: প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত উত্থাপন কৰা অভিযোগক 'কমেডী শ্ব' আখ্যা দিছে অসম প্রদেশ বিজেপিয়ে ।
বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক কার্যালয় বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্র কমল কুমাৰ মেধিয়ে কংগ্ৰেছৰ এই 'কমেডী শ্ব' অতিকে নিম্নমানৰ হোৱা বুলি কটাক্ষ কৰি এনে 'কমেডী শ্ব'ৰে মাজে মাজে অসমৰ ৰাইজক আমোদ দি থাকিবলৈ কংগ্রেছক আহ্বান জনায় ।
সংবাদমেলত মুখপাত্র কমল কুমাৰ মেধিয়ে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলক কঠোৰভাৱে সমালোচন কৰি কয়, ‘‘এই মুহূর্তত এইখন অসমত আটাইতকৈ ভয়ত থকা ৰাজনীতিকগৰাকীয়েই হৈছে গৌৰৱ গগৈ । অহা ৮ ফেব্ৰুৱাৰীত পাকিস্তান সংযোগৰ তথ্য মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিম বুলি ঘোষণা কৰাৰ পিছৰে পৰা গৌৰৱ গগৈয়ে টোপনি যাব পৰা নাই । গৌৰৱ গগৈয়ে ভয় খাইছে । চৰম দুঃচিন্তাত ভূগি থকা গগৈয়ে এতিয়া আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে । এইকেইদিনত তেওঁ কি কৈছে, কি কৰিছে সেয়া নিজেই ঠাৱৰ কৰিব পৰা নাই । উপায়ন্তৰ গগৈয়ে সেয়ে এতিয়া মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাক আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লৈছে । কিছুমান ভিত্তিহীন, কল্পনাপ্রসূত অভিযোগেৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ৰাইজৰ মাজত বদনামী কৰিবলৈ অপচেষ্টা চলাইছে । যিগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ প্রায় ১ লাখ ৬০ হাজাৰ যুৱক-যুৱতীয়ে এটকাও ঘোচ নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে, যিগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত ড্রাইভিং লাইচেন্সৰ পৰা হিতাধিকাৰী আঁচনিৰ ধনলৈকে কেবল এটা ক্লিক কৰিয়েই অনলাইনযোগে কোনো অনিয়ম নোহোৱাকৈ ৰাইজে পাবলৈ সক্ষম হৈছে । সেইগৰাকী মুখ্যমন্ত্রী দুর্নীতিত জড়িত আছে বুলি ক'লে অসমৰ কোনো মানুহেই বিশ্বাস নকৰে । কংগ্ৰেছৰ দিনৰ সর্বগ্রাসী দুর্নীতি-অনিয়মক কঠোৰভাৱে বিদায় দি স্বচ্ছ আৰু নিকা প্রশাসন ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক যি সময়ত অসমৰ সৰ্বস্তৰৰ ৰাইজে প্রশংসাৰে উপচাই পেলাইছে, সেই সময়ত আপাদমস্তক দুর্নীতিত লুতুৰি-পুতুৰি হৈ থকা কংগ্ৰেছে মুখ্যমন্ত্ৰীগৰাকীক দুর্নীতিগ্রস্ত বুলি প্রতিপন্ন কৰিবলৈ কৰা অপচেষ্টাক ৰাইজে নিম্নস্তৰৰ ৰাজনৈতিক কৌতুক হিচাপে আমোদ লৈছে ।’’
ৰাজ্যিক বিজেপিৰ মুখপাত্রগৰাকীয়ে কয়, ‘‘প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলৰ পিছতেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অভিযোগক নস্যাৎ কৰি আদালতলৈ যাম বুলি কোৱাৰ লগে লগেই ভয়তে কথাৰ সুৰ সলাইছে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈয়ে ৰাইজৰ আদালতৰ প্ৰসংগ উত্থাপন কৰিছে । ৰাইজৰ আদালতত প্রতিবাৰেই বিজেপি দল আৰু হিমন্ত বিশ্ব শর্মা বিজয়ী হৈ আহিছে । বিগত প্রতিটো নির্বাচনতে ৰাইজে বিজেপিৰ সপক্ষে ৰায় প্ৰদান কৰি আহিছে । সমাগত বিধানসভা নির্বাচনতো ৰাইজৰ আদালতত নির্ধাৰণ হ'ব কোন খিলঞ্জীয়া তথা ভাৰতীয়মূলৰ জনতাৰ পক্ষত আছে আৰু কোন অচিনাকি মিঞা মুছলমানৰ পক্ষত আছে । পাকিস্তানৰ সংযোগ জনতাৰ আদালতলৈ যোৱাৰ পিছত গৌৰৱ গগৈয়ে অসমৰ জনতাৰ পৰা পলাই ফুৰিব লাগিব ।’’
আনহাতে সংবাদমেলত মুখপাত্ৰগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ আজিৰে পৰা আৰম্ভ কৰা অভিযানক সমালোচনা কৰি কয়, ‘‘গৌৰৱ গগৈৰ ‘বৰ অসম’ৰ আচল ছবিখন আজি দেখা গ’ল শক্তিপীঠ কামাখ্যাত । সনাতনীৰ পীঠস্থানক কংগ্ৰেছী ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ আৰু ৰেকিবুদ্দিন আহমেদে ন্যুনতমো সন্মান নজনালে । গৌৰৱ গগৈয়ে কামাখ্যা মন্দিৰত পূজা কৰি থকাৰ সময়ত বাহিৰৰ ৰেষ্টুৰেণ্টত হাঁহি-খিকিন্দালি কৰি পৰঠা খাই আছিল ৰকিবুল হুছেইন, জাকিৰ হুছেইন শিকদাৰ আৰু ৰেকিবুদ্দিন আহমেদ ।’’
লগতে পঢ়ক: অপৰাধৰ ৰম্যভূমি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ : গ্ৰেপ্তাৰ কাৰাধ্যক্ষ

