ইন্দিৰা ভৱনত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক: ছিদ্দাৰমাইয়া-থাৰুৰসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত
দলৰ সৈতে শেহতীয়া কিছু তিক্ত সম্পৰ্কৰ পিছতো কংগ্ৰেছ সাংসদ শশী থাৰুৰ বৈঠকত উপস্থিত আছে ।

By ANI
Published : December 27, 2025 at 2:26 PM IST
নতুন দিল্লী : শনিবাৰে নতুন দিল্লীস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং সমিতিৰ বৈঠক ।
এই বৈঠকত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীকে ধৰি দলৰ আন জ্যেষ্ঠ নেতাসকল উপস্থিত আছে ।
বৈঠকত উপস্থিত থকা আন আন নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখু, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱট, প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছলমান খুৰচিদ, সাংসদ ৰাজীৱ শুক্লা, সাংসদ অভিষেক মনু সিংভি আদি অন্যতম ।
ডি কে শিৱকুমাৰক চি ডব্লিউ চিৰ বৈঠকলৈ নিমন্ত্ৰণ কৰা হোৱা নাই । বৈঠকৰ পূৰ্বে তেওঁ কয়, "মই জনা মতে, দুই-তিনিজন মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে । কিন্তু উপ-মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হোৱা নাই ।"
আনহাতে, দলৰ সৈতে শেহতীয়া কিছু তিক্ত সম্পৰ্কৰ পিছতো কংগ্ৰেছ সাংসদ শশী থাৰুৰ বৈঠকত উপস্থিত আছে । শেহতীয়াকৈ থাৰুৰে কংগ্ৰেছৰ বৈঠক এৰি ৰামনাথ গোৱেংকা স্মাৰক বক্তৃতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ প্ৰশংসা কৰি শিৰোনাম দখল কৰিছে ।
আনহাতে, বিদেশত ব্যস্ত থকাৰ বাবে দিল্লীৰ ৰামলীলা ময়দানত আয়োজিত কংগ্ৰেছৰ ‘ভোট চোৰ গাডী চোড়’ ৰেলীত অংশগ্ৰহণৰ পৰা তেওঁ বিৰত আছিল । ইয়াৰ উপৰি লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত কংগ্ৰেছৰ লোকসভাৰ সাংসদসকলৰ বৈঠকতো থাৰুৰ উপস্থিত নাছিল ।
দলীয় সূত্ৰ অনুসৰি, থাৰুৰে তেওঁ যে উপলব্ধ নাথাকিব সেই কথা ইতিমধ্যে দলক অৱগত কৰিছিল । আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা চণ্ডীগড়ৰ সাংসদ মনীষ তিৱাৰীও বৈঠকত উপস্থিত নাছিল । শশী থাৰুৰৰ X টাইমলাইন অনুসৰি, তেওঁ কলকাতাত প্ৰভা খৈতান ফাউণ্ডেচনে আয়োজন কৰা এক অনুষ্ঠানত উপস্থিত আছিল ।
ইয়াৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চি আৰ কেশৱনে প্ৰশ্ন উত্থাপন কৰিছিল যে বিহাৰ বিধানসভা নিৰ্বাচনত বিফল হোৱা লোকসভাৰ নেতা ৰাহুল গান্ধীক আৰু 'বিপৰ্যয়জনক ভোট চুৰি প্ৰচাৰ'ৰ বাবে দলটোৱে 'জবাবদিহি' কৰিবনে ?
এটা X পোষ্টত চি আৰ কেশৱনে কয়, "বিহাৰ নিৰ্বাচনত দলটোক ৰাইজে পৰাস্ত কৰি নাকচ কৰাৰ পিছত আই এন চিয়ে (INC, Insecure Nehru Congress) প্ৰথমখন চি ডব্লিউ চি (CWC, Congress Whitewash Committee) বৈঠকৰ আহ্বান জনাইছে । কংগ্ৰেছৰ নিৰাশাজনক বিহাৰৰ প্ৰদৰ্শন আৰু তেওঁৰ বিপৰ্যয়জনক ভোট চুৰিৰ অভিযোগৰ বাবে চি ডব্লিউ চিয়ে ৰাহুল গান্ধীৰ ওপৰত থকা দায়িত্ব আঁতৰাই নিবলৈ সাহস কৰিবনে, নে পূৰ্বৰ দৰে একেই থাকিব ?"

