ETV Bharat / politics

ৰাইজৰ দলতো টিকট বঞ্চিত শ্বেৰমান আলী আহমেদ; কি হ'ব পৰৱৰ্তী পদক্ষেপ ?

জনীয়াত ৰাইজৰ দলৰ উদ্যোগত ৰাজহৱা সভা । শ্বেৰমান আলীক বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াবলৈ অখিল গগৈক ২৪ ঘন্টাৰ সময়সীমা ।

Sherman Ali Ahmed
নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব শ্বেৰমান আলী আহমেদে ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 22, 2026 at 9:25 AM IST

3 Min Read
Choose ETV Bharat

বৰপেটা : বিধানসভা নিৰ্বাচনত এইবাৰ মন্দিয়া বিধানসভা সমষ্টিত নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াব শ্বেৰমান আলী আহমেদে । এই সমষ্টিটোৰ পৰাই অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ কংগ্ৰেছ ত্য়াগ কৰিছিল বিধায়কগৰাকীয়ে ৷ কিন্তু ৰাইজৰ দলৰ সৈতে অন্তিম মুহূৰ্তত কংগ্ৰেছৰ মিত্ৰতা হোৱাত এই সমষ্টিটো কংগ্ৰেছক এৰি দিয়ে অখিল গগৈয়ে ৷ ফলত শ'লঠেকত পৰিল শ্বেৰমান আলী আহমেদ । সেয়েহে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে বিধায়কগৰাকীয়ে ।

নিৰ্দলীয়ভাৱে কৰিব প্ৰতিদ্বন্দ্বিতা :

কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদক অন্তিম মুহূৰ্তত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে একপ্ৰকাৰ প্ৰতাৰণা কৰিলেও নিজৰ স্থিতিত অটল হৈ শ্বেৰমান আলী আহমেদে শনিবাৰে মন্দিয়াত আয়োজিত এখন সভাত ঘোষণা কৰিলে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ।

নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব শ্বেৰমান আলী আহমেদে ! (ETV Bharat Assam)

অখিল গগৈক ২৪ ঘন্টাৰ সময়সীমা :

ৰাইজৰ দলৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা সভাই ল'লে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অহা ২৩ মাৰ্চত বৰপেটাত মনোনয়ন দাখিল কৰিব শ্বেৰমান আলী আহমেদে । ইপিনে, মন্দিয়া সমষ্টিত ৰাইজৰ দলক বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অখিল গগৈক ২৪ ঘন্টাৰ সময়সীমা বান্ধি দিয়ে । অন্যথা বৰপেটা জিলা সমিতিৰ লগতে সমূহ আঞ্চলিক সমিতিয়ে পদত্যাগ কৰাৰো হুংকাৰ দিয়ে ।

জনীয়াত ৰাইজৰ দলৰ উদ্যোগত ৰাজহৱা সভা:

শ্বেৰমান আলী আহমেদক মন্দিয়া সমষ্টিত টিকট প্ৰদান নকৰাক লৈ ৰাইজৰ দলৰ সৈতে শেহতীয়াকৈ সৃষ্টি হৈছে সংঘাত । শনিবাৰে মন্দিয়া সমষ্টিৰ জনীয়াত ৰাইজৰ দলৰ উদ্যোগত অনুষ্ঠিত ৰাজহৱা সভাই শ্বেৰমান আলী আহমেদৰ পক্ষত অৱস্থান কৰি তেওঁক সকলো প্ৰকাৰৰ সমৰ্থনৰ আশ্বাস দিয়ে । ছাত্ৰ মুক্তি সমগ্ৰাম সমিতিয়েও তেওঁক সমৰ্থন কৰিব বুলি ইতিমধ্য়ে ঘোষণা কৰিছে ।

Sherman Ali Ahmed
নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব শ্বেৰমান আলী আহমেদে ! (ETV Bharat Assam)

কোন কংগ্ৰেছী বিধায়কে দিছে বাধা ?

ইপিনে কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ বিধায়কৰ আঁকোৰগোজ মনোভাৱৰ বাবেই মন্দিয়াত শ্বেৰমান আলী আহমেদক বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰাই ৰখাৰ গুৰুতৰ অভিযোগ কৰে শ্বেৰমান আলী আহমেদে । আনকি মন্দিয়াত ৰাইজৰ দলৰ সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'লে কংগ্ৰেছ নেতাগৰাকীয়ে দলত্যাগৰ ভাবুকি দিয়া বুলিও মন্তব্য শ্বেৰমান আলী আহমেদৰ । কংগ্ৰেছ নেতাগৰাকীয়ে বুদ্ধিজীৱীসকলৰ হতুৱাই অখিল গগৈলৈ পত্ৰ লিখা বুলিও মন্তব্য শ্বেৰমান আলী আহমেদে ।

Sherman Ali Ahmed
নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব শ্বেৰমান আলী আহমেদে ! (ETV Bharat Assam)

ইপিনে ৰাইজৰ দলৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আল আমিন আহমেদে মন্দিয়া সমষ্টিটোত ৰাইজৰ দলৰ জিকাৰ সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰে । তেওঁ কয়, "ৰাইজৰ দলে কোনো মিত্ৰতা নকৰাকৈ জিকিব পৰা সমষ্টিটোৱেই আছিল মন্দিয়া বিধানসভা সমষ্টি ।"

লগতে পঢ়ক:মুখ্যমন্ত্রীতকৈ পত্নীৰ সম্পত্তি বেছি : পাঁচ বছৰত মন্ত্রী-বিধায়কৰ বৃদ্ধি হ'ল সম্পত্তিৰ পৰিসৰ, শপতনামাত ওল‍াল তথ্য

ব্যতিক্ৰম ! কংগ্ৰেছৰ আদৰ্শ সদায় আগত, সমৰ্থকে বিচাৰিলেও দল নেৰে ভাস্কৰজ্যোতি বৰুৱাই