মুখ্যমন্ত্রীতকৈ পত্নীৰ সম্পত্তি বেছি : পাঁচ বছৰত মন্ত্রী-বিধায়কৰ বৃদ্ধি হ'ল সম্পত্তিৰ পৰিসৰ, শপতনামাত ওলাল তথ্য
এইবৈৰ নিৰ্বাচনত নমা কেইগৰাকীমান কোটিপতি প্ৰাৰ্থীৰ বিষয়ে জানো আহক...

Published : March 21, 2026 at 10:10 PM IST
গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ পাছতে প্ৰাৰ্থীসকলৰ সা-সম্পত্তিৰ প্ৰসংগতো বিশেষভাৱে চৰ্চালৈ আহিছে । শপতনামাত প্ৰাৰ্থীসকলে দাখিল কৰিছে নিজৰ সকলো তথ্য । সেই তথ্যৰ আধাৰত বহু মন্ত্রী-বিধায়কৰ সম্পত্তি বিগত সময়ত বহু পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।
বিগত পাঁচ বছৰত বহু কেইগৰাকী মন্ত্রী আৰু বিধায়কৰ সম্পত্তি কেইবাগুণ বৃদ্ধি পালে । মনোনয়ন দাখিলৰ অন্তিম দিন অহা ২৩ মাৰ্চ । ইতিমধ্যে বহু প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন দাখিল কৰিছে ।
শুকুৰবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি শাসকীয় আৰু বিৰোধীৰ বহু ৰথী-মহাৰথীয়ে দাখিল কৰিলে মনোনয়ন-পত্ৰ । নির্বাচন আয়োগে প্রকাশ কৰা মতে শুকুৰবাৰ পৰ্যন্ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ ১১৬ গৰাকী প্রার্থীয়ে মনোনয়ন-পত্র দাখিল কৰে ।
- মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি :
২০২১ চনত মুখ্যমন্ত্ৰী হিচাপে শাসনভাৰ লাভ কৰা হিমন্ত বিশ্ব শৰ্মাই মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ ৩৫ কোটি ১৬ লাখ ৫ হাজাৰ ৪৬৫ টকা বুলি উল্লেখ কৰিছে । শপতনামাত উল্লেখ কৰা মতে মুখ্যমন্ত্ৰীৰ নামত স্থাৱৰ সম্পত্তি নাই যদিও তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২,৩৬,৮৯,৭৮৭ টকা ।

আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ ৯৫ লাখ ৫ হাজাৰ ৩২ টকাৰ দায়বদ্ধতা আছে । ৩১ লাখ ৮৬ হাজাৰ টকাৰ গৃহ আৰু ব্যক্তিগত ঋণ আছে মুখ্যমন্ত্রীৰ । তেওঁৰ আয়ৰ উৎস হৈছে চৰকাৰী দৰমহা । শপতনামা অনুসৰি বিগত পাঁচ বছৰত তেওঁৰ উপার্জন বাঢ়িছে ১৭,৪৫,৫২০ টকা ।

২০২৪-২৫ বৰ্ষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা আয়কৰৰ ৰিটাৰ্নত মুঠ উপার্জন দেখুৱাইছে ২৯,৬২,৯২০ টকা । ২০২০-২১ বৰ্ষত মুখ্যমন্ত্ৰীগৰাকীৰ মুঠ উপাৰ্জন আছিল ১২,১৭,৪০০ টকা । মুখ্যমন্ত্ৰীৰ হাতত থকা নগদ ধনৰ পৰিমাণ হ'ল ২,২৮,৫০০ টকা ।
ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৩ কোটি ৫৪ লাখ ১৫ হাজাৰ ৯৭৮ টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৯.২৫ কোটি টকা । হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ নামত কোনো ঘৰ-বাৰী নাই যদিও তেওঁৰ ২৫ লাখ ১০ হাজাৰ টকা মূল্যৰ ১৮০ গ্রাম সোণৰ গহণা আছে ।

অৱশ্যে পত্নীৰ নামত গুৱাহাটীত ভূ-সম্পত্তি আছে । তেওঁৰ ২.৩ কোটি টকা মূল্যৰ সোণৰ অলংকাৰ আছে । তেওঁৰ ১৫.৯২ কোটি টকাৰ দায়বদ্ধতা আছে ।
শপতনামা অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ২০২৪-২৫ বৰ্ষৰ মুঠ উপাৰ্জনৰ পৰিমাণ হ'ল ৪,১৯,২৫,০০০ টকা । ২০২০-২১ত তেওঁৰ মুঠ উপাৰ্জন আছিল ৩,৮৬,৪৫,৬২০ টকা । অর্থাৎ পাঁচ বছৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ উপার্জন বাঢ়িছে মাত্র ৩২,৭৯,৩৮০ টকা ।
ৰিণিকি ভূঞা শৰ্মাৰ হাতত থকা নগদ ধনৰ পৰিমাণ হ'ল ৩,১৬,২৯৮ টকা । আনহাতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নামত কোনো ব্যক্তিগত বাহন নথকাৰ বিপৰীতে ৰিণিকি ভূঞা শৰ্মাৰ নামত এখন জীপ থকা বুলিহে উল্লেখ আছে ।
শপতনামা অনুসৰি তেওঁৰ নামত গুৱাহাটীৰ নুনমাটি আৰু জু-ৰোডৰ উদয় পথত মাটি-ঘৰ আছে । সম্পত্তিৰ ফালৰ পৰা মুখ্যমন্ত্রীতকৈ তেওঁৰ পত্নী অধিক ঐশ্বৰ্যশালী ।
লক্ষণীয় বিষয় যে ২০২১ চনৰ নিৰ্বাচনৰ সময়ত মন্ত্রী হৈ থাকোতে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ ১৭.২৭ কোটি টকা বুলি উল্লেখ কৰিছিল । কিন্তু পাঁচ বছৰ পাছত এতিয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি ৩৫.১৬ কোটি টকালৈ বৃদ্ধি পালে । অর্থাৎ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি দুগুণলৈ বৃদ্ধি পালে ।
- মন্ত্রী পীযুষ হাজৰীকাৰ পৰিয়ালৰ সম্পত্তি :
জাগীৰোড সমষ্টিক প্ৰতিনিধিত্ব কৰা প্রভাৱশালী মন্ত্রী পীযুষ হাজৰীকাই মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাত উল্লেখ কৰা মতে, তেওঁৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৭.৪১ কোটি টকা । লক্ষণীয় বিষয় যে ২০২১ চনৰ নিৰ্বাচনৰ সময়ত মন্ত্ৰী পীযুষ হাজৰীকাই তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ ৬ কোটি টকা বুলি শপতনামাত উল্লেখ কৰিছিল । বিগত পাঁচ বছৰত মন্ত্রী পীযুষ হাজৰীকাৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ আঢ়ৈগুণৰো বেছি বৃদ্ধি পালে ।

শপতনামাত অনুসৰি মন্ত্রী পীযুষ হাজৰিকাৰ বৰ্তমান স্থাৱৰ-অস্থাবৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮.০৪ কোটি টকা । আনহাতে পত্নী আইমী বৰুৱাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ৮.৯৫ কোটি টকা ।

তদুপৰি দুই পুত্ৰ-কন্যাৰ নামতো ৪৮ লাখ টকাৰ সম্পত্তি থকা বুলি শপতনামাত উল্লেখ কৰা হৈছে । মন্ত্ৰী পীযুষ হাজৰীকাৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩,৫৩,৬২,২৭৩ টকা । মন্ত্রী পীযুষ হাজৰীকাৰ হাতত থকা নগদ ধনৰ পৰিমাণ হ'ল ২,০৭,৭৫৯ টকা । বেংক একাউণ্টত থকা জমা ধন, পি পি এফ, মিউচুৱেল ফাণ্ড, ইকুইটি শ্বেয়াৰ, জীৱন বীমা, গহনা আদিকে ধৰি মন্ত্ৰীগৰাকীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩,৫৩,৬২,২৭৩ টকা ।
মন্ত্ৰীগৰাকীৰ পত্নী আইমী বৰুৱাৰ নামতো আছে বৃহৎ পৰিমাণৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি । শপতনামাৰ তথ্য অনুসৰি আইমী বৰুৱাৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৩,৫৪,৮৮,৭২০ টকা ।

তেওঁৰ নামত গুৱাহাটীৰ সাউকুছি, মায়ঙত আছে মাটি-সম্পত্তি । তেজপুৰতো আছে আৰ চি চি বিল্ডিং । হাৰিয়ানাৰ গুৰগাঁৱত আছে এটা ফ্লেট । গুৱাহাটীৰ সোণাপুৰতো আছে এটা ফ্লেট । আইমী বৰুৱাৰ নামত থকা স্থাৱৰ সম্পত্তিৰ বৰ্তমানৰ মূল্য হৈছে ৫,৪০,১৫,০০০ টকা ।
- মন্ত্রী অশোক সিংঘালৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি :
ৰাজ্যৰ আন এগৰাকী ধনী ব্যৱসায়ী মন্ত্ৰী হৈছে অশোক সিংঘাল । ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পৰা বিজেপি প্রার্থী হিচাপে মনোনয়ন দাখিল কৰা মন্ত্ৰী অশোক সিংঘালে শপতনামাত উল্লেখ কৰা মতে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৩৪ কোটি ৬৭ লাখ ৬৪ হাজাৰ ৪৫ টকা ।
২০২১ চনত বিধায়ক হিচাপে জয়ী হোৱাৰ পূর্বে মনোনয়ন দাখিলৰ সময়ত অশোক সিংঘালৰ সম্পত্তিৰ পৰিমাণ আছিল ১৭ কোটি টকা । পাঁচ বছৰত এশ শতাংশ বৃদ্ধি হ'ল অশোক সিংঘালৰ সম্পত্তি ।

শপতনামাত উল্লেখ কৰা মতে মন্ত্রী সিংঘালৰ অস্থাবৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫,০৮,১০,৪৩৬ টকা । পত্নী শিল্পী আনন্দ সিংঘালৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১০,৯৩,১৯,৬০৬ টকা ।
তদুপৰি পৰিয়ালৰ নামত থকা পৰমানন্দ সিংঘাল এণ্ড ছনছৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫,২৮,৩৫,০৯৩ টকা । একেদৰে অশোক সিংঘালৰ স্থাৱৰ সম্পত্তি হৈছে ৩৮,২০,৪১০ টকা, পত্নীৰ স্থাৱৰ সম্পত্তি হৈছে ৬,২৭,৬৩,৫০০ টকা আৰু পৰমানন্দ সিংঘাল এণ্ড ছনছৰ স্থাৱৰ সম্পত্তি হৈছে ৬,৭২,১৫,০০০ টকা । সিংঘালৰ পত্নীৰ নামত গড়চুক আৰু মির্জাত ভূমি থকাৰ লগতে কেইবাটাও ৰাষ্ট্ৰীয় কোম্পানীত দুয়োৰে প্ৰায় ৩.৫ কোটি টকাৰ শ্বেয়াৰ আছে ।
- কেইগৰাকীমান কোটিপতি প্ৰাৰ্থী :
অখিল গগৈ -
শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে দ্বিতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰিলে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে । বিধায়ক অখিল গগৈয়ে শপতনামাত উল্লেখ কৰা মতে তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ হৈছে ২.৮৮ কোটি টকা ।

২০২১ চনত প্ৰতিদ্বন্দ্বিতাৰ সময়ত অখিল গগৈয়ে তেওঁৰ সম্পত্তিৰ পৰিমাণ ১.৫০ কোটি টকা বুলি প্ৰকাশ কৰিছিল । বিধায়ক অখিল গগৈৰ বিগত পাঁচ বছৰত সম্পত্তি প্ৰায় এশ শতাংশ বৃদ্ধি পালে ।
এইবাৰৰ শপতনামাত উল্লেখ কৰা মতে অখিল গগৈৰ নিজৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৯,৪৫,৭৬৬ টকা আৰু স্থাৱৰ সম্পত্তি পৰিমাণ হৈছে ৫৩ লাখ টকা । আনহাতে পত্নী গীতাশ্রী তামুলীৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ২.১৫ কোটি টকা ।
প্রমোদ বড়ো -
আনহাতে ইউ পি পি এল দলৰ মুৰব্বী প্রমোদ বড়োৱে তামুলপুৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিছে । শপতনামাত উল্লেখ কৰা অনুসৰি প্ৰমোদ বড়োৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২ কোটি ৪৬ লাখ টকা ।

ভাস্কৰ শৰ্মা -
সেইদৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাই সম্পত্তিৰ পৰিমাণ ১৭.১১ কোটি টকা বুলি শপতনামাত উল্লেখ কৰিছে ।
ৰূপক শৰ্মা -
নগাঁও সমষ্টিৰ বিজেপি প্রার্থী ৰূপক শৰ্মাই শপতনামাত পৰিয়ালৰ মুঠ সম্পত্তি ১৫.৫৩ কোটি টকা বুলি তথ্য দিছে ।
বিশ্বজিৎ ফুকন -
শপতনামাত দিয়া তথ্য অনুসৰি বিধায়ক বিশ্বজিৎ ফুকনৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ১৮,৯০,৭৬,৮৪৫ টকা ।
তুলিৰাম ৰংহাং -
সেইদৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এইবাৰ বিজেপিৰ হৈ ৰংখাং সমষ্টিৰ পৰা নিৰ্বাচন খেলিব । তুলিৰাম ৰংহাঙৰ মুঠ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২ কোটি ৭৩ লাখ টকা আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২ কোটি ২৩ লাখ ৫৮ হাজাৰ ৭৩৫ টকা ।

তেওঁৰ হাতত জমা আছে ৪ লাখ ৬১ হাজাৰ ৫৯০ টকা । সেইদৰে তুলিৰাম ৰংহাঙৰ পত্নীৰ মুঠ স্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৬ কোটি ২৯ লাখ ২০ হাজাৰ টকা আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ২ কোটি ৩০ লাখ ১৬ হাজাৰ ৮৭ টকা । পত্নীৰ হাতত জমা আছে ৩ লাখ ১০ হাজাৰ ২৫০ টকা ।
এনেদৰে বহু কোটিপতি প্ৰাৰ্থী এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

