ETV Bharat / politics

মিত্ৰতা নৌহওতেই নাওবৈচা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিয়েই দিলে অখিল গগৈয়ে

৪২ টা সমষ্টিত ৰাইজৰ দলে কাম কৰিছে ৷ ইয়াৰে সকলোবোৰ নহ'লেও বিজয়ৰ সম্ভাৱনা থকা সমষ্টিকেইটা বিচাৰিব ৰাইজৰ দলে ৷

Akhil Gogoi in Raijor Dal Joining meeting  in Lakhimpur
লখিমপুৰৰ আজাদত ৰাইজৰ দলৰ যোগদান সভাত অখিল গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 27, 2025 at 8:25 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ জল্পনা-কল্পনা চলিছে ৰাজনৈতিক দলসমূহৰ মাজত । ৰাইজৰ মাজত তৎপৰতা দেখুৱাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে । শাসকীয় দলে ৰণকৌশল প্ৰস্তুত কৰাৰ বিপৰীতে বিৰোধী দলসমূহে ঐক্যবদ্ধ হোৱাৰ যো-জা চলাইছে । পিছে বিৰোধী দলৰ মিত্ৰতা নৌহওতেই আজি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে লখিমপুৰৰ নাওবৈচা সমষ্টিৰ দলীয় প্ৰাৰ্থীজনক ৰাইজক চিনাকি কৰাই দিলে ।

লখিমপুৰৰ আজাদত ৰাইজৰ দলৰ এক যোগদান সভাত হৰিকান্ত দাস নামৰ দলীয় কৰ্মীজনক এইবাৰ বিধানসভালৈ নিব খোজা বুলি চিনাকি কৰাই দি অখিল গগৈয়ে তেওঁৰ বাবে ৰাইজৰ সমৰ্থন বিচাৰে । প্ৰায় দুশ লোকে এই সভাখনত ৰাইজৰ দলত যোগদান কৰে ।

লখিমপুৰৰ আজাদত ৰাইজৰ দলৰ যোগদান সভাত অখিল গগৈ (ETV Bharat Assam)

২০২৬ৰ নিৰ্বাচনত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব :

বিধায়ক গগৈয়ে কয়, "উত্তৰ অসমৰ চিচিবৰগাঁও, ধেমাজি, নাওবৈচাৰ লগতে ৰঙানদী সমষ্টিত আমি ৰাইজৰ দলে কাম কৰি আছো । বিৰোধী দলসমূহৰ লগত কথা হৈছো । কংগ্রেছ দলৰ সৈতেও কথা হৈছো । অহা ৩১ ডিচেম্বৰৰ ভিতৰত বিৰোধী ঐক্য মঞ্চ গঠন কৰি এক জানুৱাৰীৰ পৰা খৰতকীয়াকৈ কাম আৰম্ভ কৰাৰ বাবে মই আহ্বান জনাইছো ।" তেওঁ লগতে কয়, "অসমৰ চাৰিওফালে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ জাগি উঠিছে । যিদিনাই আমি একলগ হম সেইদিনাৰ পৰাই বিজেপিৰ বিপদঘণ্টা বাজিবলৈ আৰম্ভ কৰিব । ২০২৬ চনৰ নিৰ্বাচনত অসমৰ মানুহে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিব ।"

বিৰোধী দলসমূহ ঐক্যবদ্ধ হ'ব বুলি এশ শতাংশই নিশ্চিত অখিল গগৈ । এই সন্দৰ্ভত তেওঁ কয়, "যিমান পাৰি সিমান সোনকালে ঐক্যবদ্ধ হ'লে কাম কৰিবলৈ সুবিধা হ'ব । ২০২৬ চনত অসমত এক নতুন শাসন প্ৰতিষ্ঠা হ'ব । আমি যিখিনি আসনত জিকাৰ সম্ভাবনা আছে সেইখিনি বিৰোধী ঐক্য মঞ্চৰ পৰা বিচাৰিম । অসমৰ বিভিন্ন জিলাৰ ৪২ টা সমষ্টিত আমি কাম কৰিছো । এই সকলোবোৰ নহ'লেও যিকেইটা সমষ্টিত আমাৰ নিশ্চিত বিজয়ৰ সম্ভাৱনা আছে সেই সমষ্টিকেইটা বিৰোধী ঐক্য মঞ্চৰ পৰা আমি বিচাৰিম । বিজেপিক এইবাৰ হৰুৱাবই লাগিব ।"

Raijor Dal Joining meeting in Lakhimpur
লখিমপুৰৰ আজাদত ৰাইজৰ দলৰ যোগদান সভা (ETV Bharat Assam)

অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়, "মুখ্যমন্ত্রীজনৰ ক্ষমতাত থকাৰ লোভ অতি বেছি । ক্ষমতাত থাকিবলৈ তেওঁ ভাল-বেয়া যি কোনো কাম কৰিব । হিন্দু-মুছলমানৰ কাজিয়া লগাই তেওঁ ভোট আদায়ৰ কৌশল কৰিছে । সেইবাবেই অসমৰ ৰাইজে তেওঁক এইবাৰ ক্ষমতাৰ পৰা অপসাৰণ কৰিব ।"

অখিল গগৈয়ে কটাক্ষ কৰি লগতে কয়, "ৰাইজে ক্ষমতাৰ পৰা আঁতৰাই পেলালে তেওঁ গেৰুৱা বসন পিন্ধি হিমালয়লৈ যাব লাগিব । নহ'লে গোটেই জীৱন জেলত থাকিব লাগিব ।" ৰাজ্যৰ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদি বিভিন্ন সমস্যা সমাধান কৰাৰ আঁচনি লোৱাৰ বিপৰীতে মুখ্যমন্ত্রীগৰাকীয়ে কেৱল হিন্দু-মুছলমানৰ কাজিয়াৰ সৃষ্টি কৰি ক্ষমতা দখলৰ চেষ্টা কৰা বুলিও সমালোচনা কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক:আমাৰ মিত্ৰতা হৈ আছে, আপোনালোক সকলোৱে জানে: সংবাদমেলত অখিল গগৈৰ প্ৰতিক্ৰিয়া

আচলতে আজি মই হেংদাং লৈ আহিব লাগিছিল: অখিল গগৈ