ব্ৰহ্মপুত্ৰৰ কথাৰে ছবিগৃহলৈ আহি আছে 'মহাবাহু The Brahmaputra'
১৯ জুনত চিত্ৰগৃহলৈ আহি আছে অসমীয়া চলচ্চিত্ৰ 'মহাবাহু The Brahmaputra' । মহাবাহু ব্ৰহ্মপুত্ৰক লৈ নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ ।

Published : June 3, 2026 at 6:24 PM IST
গুৱাহাটী: অহা ১৯ জুনত মুক্তিলাভ কৰিব নতুন অসমীয়া ছবি 'মহাবাহু The Brahmaputra' । মনাৰিজিত এণ্টাৰটেইনমেণ্টৰ বেনাৰত আৰু লৌহিত্য আৰ্টছৰ সহযোগত নিৰ্মিত এই অসমীয়া ছবিখনৰ চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ । ছবিখনৰ কাহিনী আৰু পৰিচালনাৰ লগতে মুখ্য চৰিত্ৰতো অভিনয় কৰিছে প্ৰাঞ্জল প্ৰতিম চেতিয়াই ।
ছবিখনৰ সন্দৰ্ভত হোৱা এক বাৰ্তালাপত পৰিচালকগৰাকীয়ে কয়,"মহাবাহু নামটোতেই আছে এক বিশালতা । মহাবাহু কেৱল এখন নদীয়ে নহয় অসমীয়াৰ আৱেগ । এনেকুৱা এটা বিষয়ক লৈ ছবি কৰাটো এক দুঃসাহসিক প্ৰচেষ্টা বুলিয়ে ক'ব বিচাৰিছোঁ । সেয়ে ২০১৯ চনৰ শেষৰফালে আৰম্ভ হোৱা এই ছবিখনিৰ নিৰ্মাণকাৰ্য বিভিন্ন প্ৰতিকূলতা অতিক্ৰম কৰি সম্পূৰ্ণ হয় আৰু প্ৰায় সাত বছৰৰ মূৰত দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছোঁ ।"

ব্ৰহ্মপুত্ৰৰ মাজেদি যোৱা এটা দলে নদীৰ বুকুত সন্মুখীন হোৱা বিভিন্ন সমস্যাক সামৰি ছবিখন নিৰ্মাণ কৰা হৈছে । শেহতীয়াকৈ মুক্তিলাভ কৰিছে ছবিখন ট্ৰেইলাৰো । ছবিখনত প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ লগতে নায়িকাৰ ভূমিকাত অভিনয় কৰিছে অভিনেত্ৰী প্ৰীতি কংকনাই । লগতে অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিছে এনএছডি (দিল্লী)-ৰ নাট্যশিল্পী পলাশ প্ৰতীম মেচ, ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত অভিনেতা সেৱান সিং য়েইন, অভিনেত্ৰী পল্লৱী গোঁহাই পাঠককে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰী ।

ছবিখন প্ৰযোজনা কৰিছে মনোজ চানবুং ফুকনে । সহ-প্ৰযোজক হিচাপে আছে প্ৰাঞ্জল প্ৰতিম চেতিয়া, বিদ্যুৎ কোঁৱৰ, আকাশ দুৱৰী আৰু হেমন্ত ফুকন । কাৰ্যবাহী প্ৰযোজক সমীৰ দত্ত । ছবিখনত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, দীপলিনা ডেকাই, শংকুৰাজ কোঁৱৰ, পাপৰি গগৈ, সীমান্ত শেখৰ আৰু গৰিমা কৃষ্টিয়ে । আৱহ সংগীত কৰিছে সুকুমাৰ দত্তই । চিত্ৰগ্ৰহণ কৰিছে ৰিপু কাশ্যপ আৰু ৰাজা গগৈয়ে । সম্পাদনা তাপস ফুকনৰ ।


