ভূপেন-সুমনৰ যুটিয়ে অসমীয়া সংগীত জগতত আলোড়নৰ সৃষ্টি কৰিছিল: সোণসেৰীয়া স্মৃতি সুঁৱৰিলে জেপি দাস-মনীষা হাজৰিকাই
কণ্ঠশিল্পীক সুমন কল্যাণপুৰৰ মৃত্যুত শোক প্ৰকাশ অসমৰ বিশিষ্ট কণ্ঠশিল্পী তথা সংগীত পৰিচালক জেপি দাস আৰু মনীষা হাজৰিকাৰ ৷

Published : June 1, 2026 at 4:31 PM IST
গুৱাহাটী: 'বিলম্বিত লয়, শূন্যতা ভৰা সুৰ সোঁৱৰণী সমলয়ত... ৷' জীৱন ঘড়ীৰ প্ৰতিটো প'লৰ বাস্তৱ সত্যত সকলোকে এৰি দেওবাৰে চিৰ বিদায় ল'লে ভাৰতীয় সংগীত জগতক সমৃদ্ধ কৰা সুমন কল্যাণপুৰে ৷ হিন্দী, মাৰাঠী, বাংলা, ওড়িয়াকে ধৰি বহু ভাষাত অসংখ্য জনপ্ৰিয় গীত উপহাৰ দিয়া সুমন কল্যাণপুৰৰ অসমীয়া সংগীত জগততো আছিল বিশেষ অৱদান ।
৮৯ বছৰ বয়সত মৃত্যু হোৱা সুমন কল্যাণপুৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে অসমীয়া ভাষাত কেইবাটাও কালজীয়া গীতত কণ্ঠ নিগৰাইছিল ৷ কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসমৰ বিশিষ্ট কণ্ঠশিল্পী তথা সংগীত পৰিচালক জেপি দাস আৰু কণ্ঠশিল্পী মনীষা হাজৰিকাই ৷
কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিয়োগত শোক প্ৰকাশ কৰি এক টেলিফোনিক বাৰ্তালাপত জেপি দাসে কয়, "৬০ দশকত অসমীয়া সংগীতজগতত আমি তেওঁক প্ৰথম পাইছিলো । অৱশ্যে ইয়াৰ পূৰ্বে বহু হিন্দী গীতত তেওঁ কণ্ঠদান কৰিছিল । 'প্ৰতিধ্বনি' ছবিখনৰ 'অয় অয় আকাশ শুব' গীতটিত প্ৰথম কণ্ঠদান কৰিছিল । এটা সুৰীয়া কণ্ঠ আছিল সুমন কল্যাণপুৰৰ । ভাৰতবৰ্ষই এগৰাকী ভাল কণ্ঠশিল্পীক হেৰুৱালে ।"
কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কণ্ঠশিল্পী মনীষা হাজৰিকাই কয়, "খুব গুণী ব্যক্তিসকল যেতিয়া আমাৰ মাজৰ পৰা হেৰাই যায় সঁচাকৈ মৰ্মাহত হওঁ । ১৯৬৯ চনত মুক্তি লাভ কৰা 'চিকমিক বিজুলী'ত তেওঁ কণ্ঠদান কৰিছিল । মুম্বাইত সেই সময়ত ৰেকৰ্ডিং হৈছিল । ভূপেন দাৰ সৈতে সেই সময়ত মোৰ স্বামী জয়ন্ত হাজৰিকা গৈছিল । এই ছবিখনৰ এটা বিখ্যাত গীত আছিল 'মিলনৰে এই শুভ ক্ষণ ৷' তাত জয়ন্ত হাজৰিকাই দোমৰা বজাইছিল ।"
তেওঁ লগতে কয়,"প্রতিধ্বনি ছবিখনৰো এটা বিখ্যাত গীত আছিল 'অয় অয় আকাশ শুব'। সেই সময়ত মোৰ মনত আছে লতাজী বহুত ব্যস্ত হৈ আছিল । আচলতে এই গীতটো তেখেতে গোৱাৰ কথা আছিল ৷ কিন্তু তেওঁ ব্যস্ত হৈ থকাৰ বাবে সুমন কল্যাণপুৰৰ লগত যোগাযোগ কৰা হ'ল । লগতে জিতু-তপনে সংগীত পৰিচালনা কৰা 'কাঁচঘৰ' ছবিখনৰ 'জীৱন ঘড়ীৰ প্ৰতিটো পল' গীতটিৰ জৰিয়তে তেওঁ অসমীয়া ছবিজগত বিশেষ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল । এই গীতটিৰ কথা আছিল ভূপেনদাৰ ।"
| অসমীয়া সংগীত জগতত সুমন কল্যাণপুৰৰ অৱদান |
১৯৬৪ত মুক্তিলাভ কৰা অসমীয়া ছবি 'প্রতিধ্বনি'ৰ অয় অয় আকাশ শুব...' শীৰ্ষক গীতত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে। এই গীতটিৰ কথা আৰু সংগীত আছিল সুধাকণ্ঠ ভূপেন হাজৰিকাৰ । ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি 'চিকমিক বিজুলী'ত 'মিলনৰে এই শুভ ক্ষণ...' শীৰ্ষক গীতত কণ্ঠদান কৰিছিল ৷ এই গীতটোত ভূপেন হাজৰিকাৰ সৈতে কণ্ঠ নিগৰাইছিল সুমন কল্যাণপুৰ । যিটো গীত আজিও অসমীয়াৰ হৃদয়ত সজীৱ হৈ আছে । সমান্তৰালভাবে এই ছবিখনৰ 'বিজুলীৰ পোহৰ মোৰ নাই...' শীৰ্ষক গীতটোত কণ্ঠ নিগৰাইছিল সুমনে ৷
১৯৭৩ চনত মুক্তিলাভ কৰা 'মুক্তি' ছবিখনৰ 'সত্যম শিৱম চিৰ সুন্দৰ...' শীৰ্ষক গীতটিত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে । গীতটিৰ সংগীত আৰু সুৰ আছিল জিতু-তপনৰ । ইয়াৰোপৰি ১৯৭৫ চনত মুক্তি পোৱা 'কাঁচঘৰ' ছবিখনৰ 'জীৱন ঘড়ীৰ প্ৰতিটো প'ল' শীৰ্ষক গীতটিত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে । গীতটিৰ কথা আছিল ভূপেন হাজৰিকাৰ, সংগীত পৰিচালনা কৰিছিল জিতু-তপনে ।
১৯৮১ চনত মুক্তিলাভ কৰা অসমীয়া ছবি 'পোনাকণ'ত তিনিটা গীতত কণ্ঠদান কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে । কুমাৰ ৰঞ্জনে সুৰ আৰু সংগীত কৰা 'আকাশৰে নীলাই পৃথিৱী সাবটে...' আৰু 'ফুল ভৰা ফুলনীৰ কি যে মিঠা হাঁহি...' গীতটিত কণ্ঠদান কৰিছিল । লগতে এই ছবিখনৰে 'অ' অহা তুমি আহা..' গীতটিত পুলক বেনাৰ্জীৰ সৈতে কণ্ঠ নিগৰাইছিল তেওঁ ।
১৯৮১ চনত মুক্তিলাভ কৰা অসমীয়া ছবি 'ৰজনীগন্ধা'তো দুটাকৈ গীতত কণ্ঠদান কৰিছিল তেওঁ । কুমাৰ ৰঞ্জনে সংগীত পৰিচালনা কৰা 'বাই যাও,বাই যাওঁ...' আৰু 'সেইদিনা তৰালী...' শীৰ্ষক গীত আৰু ১৯৮৪ চনত মুক্তিলাভ কৰা অসমীয়া ছবি 'নয়নমণি'ৰ ছবিখনৰ তিনিটা গীতত কণ্ঠদান কৰিছিল তেওঁ ৷ উক্ত ছবিখনৰ 'অ' নয়নমণি...' লগতে 'মা তুমি...' আৰু 'ক'ত দুখ দিয়া প্ৰভূ...' শীৰ্ষক গীত কণ্ঠদান কৰিছিল ।
প্ৰায় ৬ টাকৈ ভাষাত বহুকেইটা চুপাৰ হিট গীতত কণ্ঠদান কৰা সুমন কল্যাণপুৰে দেওবাৰে মুম্বাইৰ লোখাণ্ডৱালাস্থিত নিজ বাসগৃহত জীৱন নাট সামৰে ৷
লগতে পঢ়ক:জীৱন ঘড়ীৰ প্ৰতিটো প'ল, যেন গলি গলি গ'ল... গাবলৈ আৰু নাই সুমন কল্যাণপুৰ

