thumbnail

গুৱাহাটীৰ বাৰত বাউন্সাৰৰ দ্বাৰা মহিলাক আক্ৰমণৰ অভিযোগ - CRIME IN GUWAHATI

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 10:13 PM IST

গুৱাহাটী, 23 জুন: নিশা হ’লেই মহানগৰীত বৃদ্ধি পায় অপৰাধজনিত কাৰ্যকলাপ ৷ শনিবাৰে নিশা মহানগৰী গুৱাহাটীৰ এক্সজ’ৰ’ বাৰত সংঘটিত হৈছে মাৰপিটৰ ঘটনা ৷ কোনো কাৰণ নোহোৱাকৈ বাৰখনৰ বাউন্সাৰে এগৰাকী মহিলাক মাৰপিট কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷ শনিবাৰে নিশা প্ৰায় 12.30 বজাত সংঘটিত এই ঘটনাটোৱে স্বাভাৱিকতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

শনিবাৰে বাৰখনত অনুষ্ঠিত এটা জন্মদিনৰ পাৰ্টীত ভাগ ল’বলৈ ভুক্তভোগী মহিলাগৰাকীয়ে তালৈ আহে ৷ কিন্তু কিছুসময় পাছতে বাৰখনৰ ৰবি নামৰ বাউন্সাৰগৰাকীয়ে 10-12 জনীয়া এটা দলৰ সৈতে আহি মহিলাগৰাকীক আছুতীয়াকৈ এটা কোঠালৈ মাতি নিয়ে ৷ উক্ত কোঠাটোতেই মহিলাগৰাকীক বাউন্সাৰগৰাকীয়ে শাৰিৰীকভাৱে অপদস্থ কৰে বুলি উত্থাপিত হৈছে অভিযোগ ৷ কেৱল ইয়াকে ক্ষান্ত নাথাকি মহিলাগৰাকীক লিফটৰে পাৰ্কিঙলৈ আনি তাতেও কৰে প্ৰহাৰ ৷ অৱশেষত তেওঁক চোঁচৰাই ৰাজপথলৈ আনে ৰবি নামৰ বাউন্সাৰগৰাকীৰ নেতৃত্বাধীন যুৱকৰ দলটোৱে ৷

ভূক্তভোগী মহিলাগৰাকীয়ে নিশাৰ ভাগতে ভঙাগড় থানাত উপস্থিত হৈ গোচৰ তৰিব খোজে যদিও আৰক্ষীয়েও মহিলাগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰে বুলি জানিব পৰা গৈছে ৷ উপায়বিহীন মহিলাগৰাকীয়ে পাণবজাৰ মহিলা থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ ৷ কোনো কাৰণ অবিহনে এনেদৰে এখন বাৰত বাউন্সাৰে মহিলা অতিথিক প্ৰহাৰ কৰাৰ ঘটনাই ৰহস্য সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: বশিষ্ঠৰ বাৰত আৰক্ষীক আক্ৰমণৰ ঘটনা : পুনৰ আন এজন আৰক্ষীক প্ৰানে মৰাৰ ভাবুকি - Crime in Guwahati

বশিষ্ঠত আৰক্ষীক আক্ৰমণৰ ঘটনাক লৈ ৩টাকৈ গোচৰ ৰুজু - Crime in Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.