গৌৰৱ গগৈক বৰ্জন কৰা নাই কোনো আহোম জনগোষ্ঠীৰ সংগঠনে: ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
মৰাণত স্থিতি স্পষ্ট কৰিলে টাই আহোম যুৱ পৰিষদে (undefined)

By ETV Bharat Assamese Team

Published : April 11, 2024 at 4:31 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ,১১ এপ্ৰিল: গৌৰৱ গগৈক বৰ্জন কৰা নাই কোনো আহোম জনগোষ্ঠীৰ সংগঠনে ৷ একাংশ সংবাদ মাধ্যমত গৌৰৱ গগৈক আহোম সংগঠনে বৰ্জন কৰা বুলি সম্প্ৰচাৰিত এক বাতৰি সন্দৰ্ভত নিশা মৰাণত স্থিতি স্পষ্ট কৰে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ 'টাইপা'-ৰ কেন্দ্ৰীয় সমিতিয়ে  ৷ 'টাইপা'ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহায়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি বুধবাৰে শিৱসাগৰৰ পৰ্যটন বিভাগৰ সভাকক্ষত আহোম সভাৰ সভাপতি শশাংক নেওগৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিভিন্ন আহোম সংগঠনে জনজাতিকৰণৰ বিষয়ক লৈ আলোচনা কৰে ৷  

উক্ত সভাত লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা তিনিজন আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীৰ এজনেও জনজাতিকৰণক লৈ কোনো স্পষ্ট মন্তব্য প্ৰদান নকৰাত আহোম সংগঠন কেইটাই ক্ষোভ প্ৰকাশ কৰে  ৷ কিন্তু কেৱল গৌৰৱ গগৈক বৰ্জন কৰা বুলি ওলোৱা বাতৰি সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি স্পষ্ট কৰি দিয়ে টাইপা নেতাগৰাকীয়ে  ৷ তেনেধৰণৰ কোনো সিদ্ধান্ত উক্ত সভাত গ্ৰহণ কৰা নাই আৰু এয়া অপপ্ৰচাৰ বুলি জনায় ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইয়ে ৷  

লগতে পঢ়ক: অখিল গগৈয়ে লুৰীণজ্যোতি-গৌৰৱ গগৈক পৰাজিত কৰিবলৈহে কাম কৰি আছে: জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details