খানাপাৰাৰ বিশাল গণ সমাৱেশৰ পৰা প্ৰধানমন্ত্ৰী মোদী LIVE

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 12:09 PM IST

Updated : Feb 4, 2024, 1:11 PM IST

thumbnail

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে খানাপাৰাৰ পৰা ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে ৷ নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ শুনিবলৈ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সমবেত হৈছে লক্ষাধিক লোক । এই সমাবেশতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুঠ 11,599 কোটি টকাৰ বিভিন্ন কেন্দ্ৰ আৰু অসম চৰকাৰৰ প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ এই চৰকাৰী কাৰ্যসূচীত প্ৰায় ডেৰ লাখ লোক সমবেত কৰাৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে ৷ প্রধানমন্ত্রীয়ে 325 কোটি টকাৰ ডিএমচিএইচৰ নতুন বিল্ডিঙৰ লগতে 83 কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া অত্যাধুনিক নেহৰু ষ্টেডিয়ামৰ নির্মাণৰো আধাৰশিলা স্থাপন কৰে ৷ উল্লেখ্য যে, শনিবাৰে বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী ৷

Last Updated : Feb 4, 2024, 1:11 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.