দিল্লীৰ প্ৰগতি ময়দানৰ পৰা প্ৰধানমন্ত্ৰীৰ 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠান LIVE - দিল্লীৰ প্ৰগতি মৈদান
🎬 Watch Now: Feature Video


Published : January 29, 2024 at 11:48 AM IST
|Updated : January 29, 2024 at 1:11 PM IST
নেশ্যনেল ডেস্ক, 29 জানুৱাৰী: দেওবাৰে 11 বজাৰ পৰা আৰম্ভ হৈছে 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠান ৷ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা সন্দৰ্ভত আলোচনা কৰে । দিল্লীৰ প্ৰগতি মৈদানৰ ভাৰত মণ্ডপত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠান ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ মানসিক চাপ দূৰ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়োৱাৰ লগতে পৰীক্ষাৰ সময়ত সন্তান তথা শিক্ষাৰ্থীৰ মানসিক চাপ দূৰ কৰিবলৈ শিক্ষক আৰু অভিভাৱকে কেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে ।
প্ৰধানমন্ত্ৰীয়ে লিখি উলিওৱা হিন্দী আৰু ইংৰাজী ভাষাৰ পৰীক্ষা সম্বন্ধীয় গ্ৰন্থখনৰ লগতে 'পৰীক্ষা পে চৰ্চা' কিট আৰু প্ৰমাণ পত্ৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব । 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে মোদীয়ে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক: Pariksha Pe Charcha 2023; পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকল উপকৃত হ’ব: শিক্ষামন্ত্ৰী