সদৌ গুৱাহাটী ছাত্র সন্থাৰ উদ্যোগত ঐতিহ্যমণ্ডিত জজ খেলপথাৰত মুকলি বিহু -LIVE - RONGALI BIHU 2024 - RONGALI BIHU 2024
🎬 Watch Now: Feature Video


Published : April 13, 2024 at 11:15 AM IST
|Updated : April 13, 2024 at 2:38 PM IST
1 Min Read
গুৱাহাটী, 13 এপ্ৰিল: প্ৰতিবছৰৰ দৰে এই বৰ্ষতো সদৌ গুৱাহাটী ছাত্র সন্থাই আজি গৰু বিহুৰ দিনা ঐতিহ্যমণ্ডিত জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে । বিশিষ্ট গীতিকাৰ আৰু সংগীত পৰিচালক প্রশান্ত বৰদলৈয়ে বিহুৰ পতাকা আৰু আছুৰ সভাপতি উৎপল শর্মাই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰিবলগীয়া মুকলি বিহুত শ্বহীদ তর্পন কাৰ্যসূচী মুকলি কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। অনুষ্ঠানটোত বছৰটোত অসমলৈ সুনাম কঢ়িয়াই অনা ব্যক্তিসকল ক্রমে পদ্মশ্রী সন্মান প্রাপক সংগীত নাটক অকাডেমী বঁটা প্রাপক, সাহিত্য অকাডেমী বঁটা প্রাপক, ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্রাপক সাহিত্য অকাডেমী অনুবাদ বঁটা প্ৰাপক, সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা প্রাপক সকলক সম্বৰ্ধনা জনোৱা হ'ব।বিহুত ধেমাজীৰ জোনাইৰ মিচিং জনগোষ্ঠীৰ ১০০ গৰাকী যুৱক-যুৱতীৰ 'গুমৰাগ নৃত্য', গোৱালপাৰা জিলাৰ ১০০ গৰাকী গাৰো জনগোষ্ঠীৰ যুৱক-যুৱতীৰ 'ৱাংগালা নৃত্য'ৰ লগতে কেবাটাও প্রখ্যাত বিহু হুচৰি দলে অংশ ল'ব।
Last Updated : April 13, 2024 at 2:38 PM IST