হোজাইত ১,৪৬৭ গৰাকী খিলঞ্জীয়া লোকক ভূমি পট্টা বিতৰণ

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 10:31 PM IST

thumbnail

হোজাই, 23 ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হোজাই সমষ্টিতো মিছন বসুন্ধৰা 2.0 ৰ অধীনত শুকুৰবাৰে খিলঞ্জীয়া লোকসকলৰ মাজতো ভূমি পট্টা বিতৰণ কৰা হয় ৷ হোজাই বিহুতলী খেল পথাৰত আনুষ্ঠানিকভাৱে দিনৰ 1 বজাত দহগৰাকী লোকক ভূমি পট্টাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰি অনুষ্ঠানটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে হোজাই জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা পৰিবহণ, আবকাৰী আৰু মীন বিভাগৰ কেবিনেট মন্ত্রী পৰিমল শুল্কবৈদ্যই ৷ মিছন বসুন্ধৰা 2.0 আঁচনিৰ অধীনত হোজাই সমষ্টিটোত মুঠ ১,৪৬৭ গৰাকী খিলঞ্জীয়া লোকক ভূমি পট্টা বিতৰণ কৰে ৷ সভাখনত মন্ত্ৰী গৰাকীৰ সৈতে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে ৷
এই সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে হোজাই জিলাৰ আয়ুক্ত লাচিত কুমাৰ দাসে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.