thumbnail

মেৰাপানীত কোটি টকাৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ - Burmese supari seized in Golaghat

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 12:34 PM IST

গোলাঘাট, ১৯ জুন: গোলাঘাট জিলাত অব্যাহত চোৰাং বাৰ্মিজ চুপাৰিৰ বেহা । ইয়াৰ মাজতেই মঙলবাৰে অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত নিয়োজিত ১৪২ নং চি আৰ পি এফে কাছাৰীৰ পৰা RJ 19 GG 5629 নম্বৰৰ এখন ট্ৰাকত বৃহৎ পৰিমাণৰ বাৰ্মিজ চপাৰি জব্দ কৰিবলৈ সক্ষম হয় । পিচত চি আৰ পি এফে এই চুপাৰিভৰ্তি ট্ৰাকখন মেৰাপানী আৰক্ষীক গতাই দিয়ে । জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় এক কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক: যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ 24 টনৰো অধিক বাৰ্মিজ চুপাৰী - Burmese supari seized

এক গোপন সূত্ৰৰ তথ্য অনুসৰি ম্যানমাৰৰ পৰা বাৰ্মিজ চুপাৰিখিনি প্ৰথমতে অসমৰ কাষৰীয়া ৰাজ্য নাগালেণ্ডৰ ফুড হিলছত মজুত কৰে । তাৰপৰা সৰু সৰু বাহনেৰে নাগালেণ্ডৰ ৰুণীবসতি হৈ মেৰাপানীৰ নেঘেৰিবিলত ১২ চকীয়া ট্ৰাকত বোজাই কৰে । গোলাঘাট জিলাৰ বিভিন্ন পক্ষক মেনেজ কৰি জামুগুৰি হৈ পশ্চিমবংগলৈ সৰবৰাহৰ চেষ্টা কৰোতে চি আৰ পি এফে চুপাৰিখিনি জব্দ কৰিবলৈ সক্ষম হয় । 

লগতে পঢ়ক: নিউ বঙাইগাঁও ৰে'ল ষ্টেচনত বাৰ্মিজ চুপাৰি জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.