জনজাতিকৰণৰ দাবীত ধেমাজিত আটাছুৰ মটৰ চাইকেল ৰেলী

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 8:08 PM IST

thumbnail

ধেমাজি, 20 ফেব্ৰুৱাৰী : আকৌ প্ৰতিবাদ ৷ জনজাতিকৰণৰ দাবীত এইবাৰ প্ৰতিবাদত নামিল সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু ৷ শীঘ্ৰে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ লগতে স্বায়ত্তশাসন প্ৰদানৰ দাবীত মঙলবাৰে আটাছু ধেমাজি জিলা সমিতিয়ে বাহিৰ কৰে এক দীঘলীয়া বাইক ৰেলী ৷

ধেমাজি কাছাৰী ময়দানৰ পৰা উলিওৱা এই  প্ৰতিবাদী বাইক ৰেলীয়ে সমগ্ৰ ধেমাজি নগৰ পৰিভ্ৰমণ কৰে ৷ তাৰ পিচত 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ 30 কিলোমিটাৰ দূৰত্বৰ চ্যুকাফাৰ দ্বিতীয় ৰাজধানী ধেমাজিৰ হাবুঙত এই ৰেলী সামৰণি পৰে ৷ উল্লেখযোগ্য যে এই দীঘলীয়া প্ৰতিবাদী বাইক ৰেলীৰ সময়ত প্ৰতিবাদী 4 শতাধিকে চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে ৷

ইপিনে চৰকাৰে যদি শীঘ্ৰে টাই আহোমক জনজাতিকৰণ প্ৰদান নকৰে, তেন্তে আগন্তুক সময়ত জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিয়ে ৷

লগতে পঢ়ক : ৰাজনৈতিক মেৰপেচত আৱদ্ধ ছয় জনগোষ্ঠী জনজাতিকৰণ: আটাছু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.