ৰাজনৈতিক মেৰপেচত আৱদ্ধ ছয় জনগোষ্ঠী জনজাতিকৰণ: আটাছু - Tribalisation of six communities

🎬 Watch Now: Feature Video

thumbnail
জনজাতিকৰণৰ দাবীত প্ৰতিবাদ (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 5:37 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট,২০ ফেব্ৰুৱাৰী: ছয় জনগোষ্ঠীক জনজাতিকৰণ দাবীত পুনৰ ৰাজ্য উত্তাল হৈ পৰিব সেয়া এক প্ৰকাৰ পৰিস্ফুট হৈ পৰিছে । ইয়াৰ অংশ হিচাপে টাই আহোম সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সন্মুখৰ পৰা আটাছু যোৰহাট জিলা সমিতিয়ে নগৰখনৰ মাজেৰে এক প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰে । বাইক ৰেলীত অংশগ্ৰহণ কৰি আটাছু যোৰহাট জিলা সমিতি সভাপতি ৰাজীৱ গগৈয়ে কয় যে ছয় জনগোষ্ঠী জনজাতিকৰণ বিষয়টো ৰাজনৈতিক মেৰপেচত আৱদ্ধ হৈ পৰিছে । যদি লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ছয় জনগোষ্ঠীক জনজাতিকৰণ বিষয়টো ক্ষেত্ৰত স্পষ্ট নকৰে তেতিয়া হলে ইয়াৰ পৰিণাম ভোগ কৰিবলৈ সাজু থাকক শাসনাধিষ্ঠ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ।  

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি ঘোষণা কৰিছিল যে অসমৰ ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰা হ'ব । কিন্তু আজিকোপতি এইক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে আৰু একে নীতি অনুসৰণ কৰি ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত দায়সৰা মন্তব্যহে প্ৰদান কৰা পৰিলক্ষিত হ'ল । ইফালে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো ৰাজনৈতিক ইচ্ছু হিচাপে জীয়াই ৰাখিলে বিজেপি চৰকাৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও । যাক লৈ এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনসমূহ । 

লগতে পঢ়ক: চিৰাঙত হাত এৰি নাঙলত ধৰিলে জিলা সভাপতি-সম্পাদকে; বিপিএফত যোগদান ৫ শতাধিকৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details