কংগ্ৰেছৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 1:16 PM IST

Updated : Jan 24, 2024, 2:00 PM IST

thumbnail

বঙাইগাঁও, 24 জানুৱাৰী: বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত কংগ্ৰেছৰ সংবাদমেল ৷ বুধবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত উপস্থিত হয় ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ এই সন্দৰ্ভত দলটোৱে সংবাদমেলৰ আয়োজন কৰিছে ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ কৰা হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা ।

2 নং বিকল্প ৰাজ্যিক ঘাইপথেৰে বৰপেটাৰ পৰা জনিয়া হৈ অভয়াপুৰী-বঙাইগাওঁ লৈ আগবাঢ়িছিল ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ অসমত প্ৰৱেশ কৰা দিনৰে পৰা ভাৰত জোড়ো ন্যায় যাত্ৰাই নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছিল ৷ উত্তৰ শালমাৰাত আয়োজিত কৰা দলটোৰ এই সংবাদমেলখনত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, সাংসদ গৌৰৱ গগৈৰ লগতে বহু দলীয় কৰ্ম-কৰ্তা উপস্থিত থাকে ৷

Last Updated : Jan 24, 2024, 2:00 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.