অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা LIVE

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 9:58 AM IST

Updated : Jan 22, 2024, 3:37 PM IST

thumbnail

নেশ্যনেল ডেস্ক, 22 জানুৱাৰী : ৰামময় সমগ্ৰ দেশ ৷ আজি বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব ৷ ৰামৰ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ দেশ ৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু বহু বিদেশী অতিথিৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী আয়োজন কৰা হৈছে ৷ আজি বছৰজোৰা নিৰ্বাসন শেষ কৰি নিজ গৃহলৈ উভতি আহিব দশৰথ নন্দন ৷

আজি দুপৰীয়া 12.15 বজাৰ পৰা 12.45 বজাৰ ভিতৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব অনুষ্ঠানৰ সময় ৷ দুপৰীয়া প্ৰায় 1.00 বজাৰ পৰ ভগৱান ৰামৰ দৰ্শন কৰিব ভক্তগণে ৷ এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হ’বলৈ প্ৰায় 8000 তকৈও অধিক অতিথি অযোধ্যাত উপস্থিত হৈছে। একে সময়তে, অনুপম খেৰকে ধৰি বহুতো চলচ্চিত্ৰ তাৰকা এই পবিত্ৰ মুহূৰ্তৰ সাক্ষী হ’বলৈ উপস্থিত হৈছে । মুঠতে এতিয়া ভক্তিৰসত ডুব গৈছে সমগ্ৰ অযোধ্যাবাসীৰ লগতে দেশবাসী ৷ 

Last Updated : Jan 22, 2024, 3:37 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.