অসম বিধানসভাৰ বাজেট অধিৱেশন LIVE

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:41 AM IST

Updated : Feb 5, 2024, 11:00 AM IST

thumbnail

আজিৰে পৰা অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ বিধানসভাৰ ঘোষিত কাৰ্যসূচী অনুসৰি আজি অৰ্থাৎ ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে চলিব অসম বিধানসভাৰ বাজেট অধিৱেশনখন ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি শাসিত অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেটৰ লগতে অধিৱেশনখন বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ ২৮ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে দিশপুৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । 

অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৪–২৫ চনৰ ৰাজ্যৰ বাজেট অহা ১২ ফেব্ৰুৱাৰীত বিধানসভাত দাখিল কৰিব ৷ ভাৰতৰ সংবিধানৰ ১৭৬ (১) অনুচ্ছেদৰ অধীনত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াৰ ভাষণেৰে আজি পুৱা ৯.৩০ বজাত আৰম্ভ হৈছে বিধানসভাৰ বাজেট অধিৱেশন ৷ আজি সদনত অসম তথ্য আয়োগৰ ২০২২-২৩ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Last Updated : Feb 5, 2024, 11:00 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.