ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে গুৱাহাটীৰ হৰিজন ক’লনিৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা LIVE

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 12:51 PM IST

Updated : Jan 22, 2024, 2:42 PM IST

thumbnail

গুৱাহাটী, 22 জানুৱাৰী: আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী । দেশজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি । সোমবাৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান উপলক্ষে অসম তথা গুৱাহাটীতো ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰা দেখা গৈছে । গুৱাহাটীত ফটাশিল আমবাৰী হৰিজন ক’লনিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ । আয়োজন কৰা হৈছে পূজাৰ লগতে জনসভা এখনৰো । 

এই অনুষ্ঠানতে ৰাম মন্দিৰৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰণ কৰা হ'ব । এই উপলক্ষে হৰিজন ক’লনিত অনুষ্ঠিত অনুষ্ঠানত ব্যাপক ধৰ্মপ্ৰাণ ৰাইজ সমাগত হোৱা দেখা গৈছে । জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত হৈ পৰিছে হৰিজন ক’লনি । 

প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান দুপৰীয়া 12.15 বজাৰ পৰা 12.45 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা, জানক দিনটোৰ কাৰ্যসূচী

Last Updated : Jan 22, 2024, 2:42 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.