চচলত মুণ্ডন কার্যসূচীৰে 'কা' বিৰোধী প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 9:04 PM IST

thumbnail

গুৱাহাটী, 7 মাৰ্চ : বিতৰ্কিত "কা" আইনৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠন ৷ নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীত বৃহস্পতিবাৰে চচলত সমূহীয়া মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসমীয়া যুৱ মঞ্চই ৷

যুৱ মঞ্চৰ প্ৰতিবাদী সদস্য সকলে 'কা' আমি নামানো, 'কা' আইন বাতিল কৰক, ধৰ্মৰ নামত বিদেশীক সংস্থাপন দিয়া বন্ধ কৰক, অসমীয়া ভাষাক নিঃশেষ কৰা এই ক’লা আইন বাতিল কৰক, আদি বিভিন্ন শ্ল’গানেৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদকাৰী সকলে "প্ৰয়োজন হ’লে গুলী খাবলৈ বুকু পাতি দিম, কিন্তু কোনো কাৰণতে বিদেশীক সংস্থাপন কৰিবলৈ দিয়া নহ’ব" বুলি হুংকাৰ দিয়ে ৷ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এই আইন বাতিলৰ দাবীত আগন্তুক দিনতো অসমীয়া যুৱ মঞ্চই ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে ৷ 

লগতে পঢ়ক : ‘কা’ৰ বিৰুদ্ধে উত্তাল হ’ল ৰাজ্যৰ ভিন্ন প্ৰান্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.