নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 8:54 PM IST

thumbnail

কলিয়াবৰ, ৫ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন (CAA)বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰৰ কলিয়াবৰ সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । CAA বাতিলৰ দাবীৰে কলিয়াবৰ তিনিআলিত প্ৰতিবাদী কাৰ্যসূচীৰে মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে । নৰেন্দ্ৰ মোদী চৰকাৰে চলিত মাৰ্চৰ প্ৰথম সপ্তাহতে CAA ৰ নিয়মাৱলী বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । মোদী চৰকাৰৰ এনে ষড়যন্ত্ৰমূলক সিদ্ধান্তৰ বিৰোধিতাৰে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সকলো জিলা সমিতিৰ লগতে কলিয়াবৰ জিলা সমিতিয়েও কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

প্ৰতিবাদকাৰীসকলে চৰকাৰক এই জাতিধংসী ক'লা আইনখন অসমীয়াই কোনো কাৰণতে মানি ল'ব নোৱাৰে বুলি সকীয়াই দিয়ে । আয়ুক্ত কাৰ্যালয়ৰ সন্মূখত যুৱ ছাত্ৰ পৰিষদৰ সহস্ৰাধিক কৰ্মীয়ে ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়’, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই’, ‘কা আমি নামানো’ আদি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ‘কা’বিৰোধী প্ৰতিবাদত কঁপিল যোৰহাট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.