গণৰাজ্য দিৱসত খানাপাৰাত পতাকা উন্মোচন কৰে ৰাজ্যপাল কাটাৰীয়াই

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:10 AM IST

Updated : Jan 26, 2024, 10:40 AM IST

thumbnail

সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে অসমতো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস । ৰাজ্য চৰকাৰে গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ অনুষ্ঠান আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে এই অনুষ্ঠানত ।

উল্লেখ্য যে, আলফা (স্বাধীন) আৰু এন এছ চি এনে ইতিমধ্যে গণৰাজ্য দিৱসৰ কাৰ্যসূচী বৰ্জনৰ আহ্বান জনোৱাৰ লগতে ২৫ জানুৱাৰীৰ মাজনিশা ১২ বজাৰ পৰা ২৬ জানুৱাৰীৰ সন্ধিয়া ৬ বজালৈ সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছে । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।

খেলপথাৰৰ চৌদিশে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । খেলপথাৰখনৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া এলেকাবোৰত ড্ৰোণ উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে । কামৰূপ (মহানগৰ) জিলাৰ আয়ুক্তই আজি এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে ।

Last Updated : Jan 26, 2024, 10:40 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.