ETV Bharat / technology

ইণ্টাৰনেট অবিহনে হোৱাটছএপত প্ৰেৰণ কৰক ফাইল আৰু ডকুমেণ্ট - WhatsApp Feature

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 7:53 PM IST

WhatsApp Feature Use Without Internet
ইণ্টাৰনেট অবিহনে হোৱাটছএপত প্ৰেৰণ কৰক ফাইল আৰু ডকুমেণ্ট

WhatsApp Feature Use Without Internet : জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপত অচিৰেই ঘটিব নৱসংযোজন । এতিয়াৰপৰা ইণ্টাৰনেট অবিহনে হোৱাটছ এপত ফাইল শ্বেয়াৰ কৰিব পাৰিব ৷ পঢ়ক সবিশেষ...

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে ইণ্টাৰনেট আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগলৈ পৰিৱৰ্তিত হৈছে ৷ ইয়াৰ সমান্তৰালকে সামাজিক মাধ্যম আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগস্বৰূপে পৰিগণিত হৈছে ৷ ইয়াৰে মাজত হোৱাটছএপ অতি জনপ্ৰিয় তাৎক্ষণিক মেছেজিং এপ ।

সম্প্ৰতি হোৱাটছএপ ব্যৱহাৰ নকৰা কোনো ব্যক্তি নাই । এনে পৰিস্থিতিত, হোৱাটছএপৰ ব্যৱহাৰকাৰীসকলৰ বাবে অবিৰামভাৱে কাম কৰি আছে ৷ আৰু এপটোত নৱসংযোজন ঘটাই আহিছে ৷

শেহতীয়া তথ্য অনুসৰি, তাৎক্ষণিক মেছেজিং এপটোত অচিৰেই নৱসংযোজন ঘটোৱাৰ যো-জা চলিছে ৷ এই নতুন ফীচাৰ অনুসৰি শীঘ্ৰেই ইণ্টাৰনেট অবিহনে ফাইল ভাগ বাটোৱাৰা কৰিবলৈ সুবিধা কৰা হ’ব পাৰে ৷ এই ফীচাৰৰ জৰিয়তে কোনো ইণ্টাৰনেট সংযোগ অথবা লেমেহীয়া ইণ্টাৰনেটৰ বাবে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই ।

ব্যৱহাৰকাৰীসকলে কেনেকৈ এই সুবিধাৰ পৰা লাভান্বিত হ’ব

হোৱাটছএপে সম্প্ৰতি এই ফীচাৰটোৰ ওপৰত কাম কৰি আছে ৷ প্ৰকৃততে, হোৱাটছএপে কেৱল ওচৰত থকা ব্যৱহাৰকাৰীসকলে ফাইল, ফটো বা ভিডিঅ' ভাগ বাটোৱাৰা কৰাৰ বাবে এই সুবিধাটো ডিজাইন কৰিছে । তথ্য অনুসৰি, এই সুবিধাটোৰ বাবে এটা টেব থাকিব যিয়ে ব্যৱহাৰকাৰীসকলক ওচৰৰ লোকসকলৰ সৈতে ফাইল ভাগ বাটোৱাৰা কৰিবলৈ অনুমতি দিব । ব্যৱহাৰকাৰীসকলে এই ফাইলবোৰ ভাগ বাটোৱোৰা কৰিবলৈ এপৰ ভিতৰত ছেটিংছ প্ৰস্তুত কৰিব লাগিব ৷

কেনেদৰে প্ৰস্তুত কৰিব ছেটিংছ ?

ব্যৱহাৰকাৰীসকলে হোৱাটছএপ এপৰ ভিতৰত একেখন স্ক্ৰীণ খুলিব আৰু তেওঁলোকৰ ডিভাইচটো সংযোগ কৰিবলৈ অনুমতি দিব । এইটো সম্পূৰ্ণৰূপে ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁ ফাইলটো গ্ৰহণ কৰিব বিচাৰে নে নকৰে । ইণ্টাৰনেট অবিহনে, ফাইল-শ্বেয়াৰিং এণ্ড-টু-এণ্ড এনক্ৰিপ্ট কৰা হ'ব আৰু ফোন নম্বৰ আৰু স্থানান্তৰ প্ৰক্ৰিয়া গোপনীয়তাৰ বাবে লুপ্ত হৈ থাকিব । অৱশ্যে, হোৱাটছএপে এই ফীচাৰটোৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা নাই ।

লগতে পঢ়ক: টিণ্ডাৰ, বাম্বলৰ দৰে অনলাইন ডেটিং এপে শ্বেয়াৰ কৰিব পাৰে আপোনাৰ ব্যক্তিগত তথ্য... - Dating Apps Selling User Info

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.