ETV Bharat / state

নাৰেংগী কেন্দুগুৰিৰ পৰা যুৱকক অপহৰণ ! নগা যুৱকে অপহৰণ কৰাৰ সন্দেহ - Suspected kidnapping case

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 8:28 PM IST

KIDNAPPING CASE GUWAHATI
যুৱকক অপহৰণ কৰাৰ অভিযোগ (ETV BHARAT ASSAM)

GUWAHATI KIDNAPPING CASE: নাৰেংগীৰ কেন্দুগুৰিৰ পৰা এজন যুৱকক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যুৱকজনক এজন নগা যুৱকে অপহৰণ কৰা বুলি অভিযোগ কৰিছে পৰিয়ালে ৷

নাৰেংগীৰ পৰা যুৱকক অপহৰণ কৰাৰ সন্দেহ (ETV BHARAT ASSAM)

গুৱাহাটী, 8 মে’: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নাৰেংগীৰ কেন্দুগুৰিৰ পৰা এজন যুৱকক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সীমান্ত দাস নামৰ যুৱকজনক এজন নগা যুৱকে অপহৰণ কৰা বুলি অভিযোগ কৰি পৰিয়ালে ইতিমধ্যে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে ৷

এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নাৰেংগীৰ যুৱ নগৰৰ পৰা নগা যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱক জন ডিমাপুৰৰ জন ওৰফে ৰাজেশ ৰয় বুলি জানিব পৰা গৈছে ৷ ধৃত যুৱকজনৰ কবলৰ পৰা আৰক্ষীয়ে এটা .22 পিষ্টলো জব্দ কৰে ৷ অবশ্যে আৰক্ষীৰ জেৰাত নগা যুৱকজনে এই পৰ্যন্ত সীমান্ত দাসক অপহৰণ কৰা বুলি স্বীকাৰ কৰা নাই ৷

উল্লেখ্য যে, নাৰেংগী কেন্দুগুৰীৰ বাসিন্দা সীমান্ত দাসে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি আছিল ৷ 30 এপ্ৰিলৰ নিশা 10.30 বজাত ওচৰৰ ভাৰাতীয়া জন ওৰফে ৰাজেশ ৰয়ৰ লগত সীমান্তই নাৰেংগী ৰে’ল ষ্টেচনলৈ ওলাই আহিছিল ৷ সেই দিনৰ পৰাই সীমান্ত দাস সন্ধানহীন হৈ আছে বুলি জনাইছে পৰিয়ালৰ লোকে ৷

সীমান্ত সন্ধানহীন হোৱাৰ পিচতে ৰহস্যজনকভাবে নগা যুৱকজনে কেন্দুগুৰীৰ ভাৰাঘৰ এৰি যুৱ নগৰত নতুনকৈ এটা ভাৰা ঘৰ লয় ৷ যুৱকজনৰ উপৰত সন্দেহ উপজাত সীমান্তৰ পৰিয়ালে জনৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নাৰেংগী যুৱ নগৰত অভিযান চলাই পিষ্টল সহ নগা যুৱক জনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে নগা যুৱকজনক আদালতত হাজিৰ কৰাই 5 দিনৰ বাবে জিন্মাত লয় ৷

বৰ্তমান আৰক্ষীৰ জিন্মাত থকা নগা যুৱক জনে সীমান্তক অপহৰণ কৰা কথা স্বীকাৰ কৰা নাই ৷ আজি আৰক্ষীৰ জিন্মাৰ ম্যাদ উকলি যোৱাত নগা যুৱকজনক পুনৰ আদালতত হাজিৰ কৰোৱা হয় ৷ আৰক্ষীয়ে যুৱকজনক পুনৰ জিন্মাত লোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : কুশ কুটুমৰ এনকাউণ্টাৰ: যোৰহাট আৰক্ষীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ - Jorhat Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.