ETV Bharat / state

কুশ কুটুমৰ এনকাউণ্টাৰ: যোৰহাট আৰক্ষীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ - Jorhat encounter

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 1:59 PM IST

Jorhat encounter: কুশ কুটুমৰ এনকাউণ্টাৰৰ পিচত বিপাঙত পৰিছে যোৰহাট আৰক্ষী । ৰাইজে তুলিছে নৈৰাজ্যবাদ চলোৱাৰ অভিযোগ । দুটাকৈ গুলী লগাৰ পিচতো আৰক্ষীয়ে পথাৰত বগৰাই বগৰাই নিৰ্মম অত্যাচাৰ চলাইছিল কুশ কুটুমক ।

Kusha Kutum encounter
Jorhat encounter (ETV Bharat Assam)
যোৰহাট আৰক্ষীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ (ETV Bharat Assam)

যোৰহাট, ৮ মে': "বৰ্তমান যোৰহাট আৰক্ষী দ্বাৰা ভূমিপত্ৰ খিলঞ্জীয়া ওপৰত চলিছে নিৰ্মম অত্যাচাৰ আৰু চৌদিশে আৰক্ষীয়ে চলাইছে নৈৰজ্যবাদ"- জিলাখনৰ একাংশ লোকে উত্থাপন কৰিছে এই অভিযোগ । যোৰহাটৰ নিকটৱৰ্তী ৰান্ধনীজানৰ পৰা ৫ মে'ত এটা পানী মটৰ চুৰি অভিযোগত কুশ কুটুমসহ দুই নাবালকক গ্ৰেপ্তাৰ কৰিছিল পুলিবৰ আৰক্ষীয়ে । ইয়াৰে দুই নাবালকক শিশু জেললৈ প্ৰেৰণ কৰাৰ লগতে কুশ কুটুমক আদালত হাজিৰ কৰায় আৰু আদালতে এদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ।

সেই ৬ মে'ৰ দিনা কুশ কুটুমৰ ঘৰৰ নিকটৱৰ্তী পথাৰত পুৱতি নিশা গুলী শব্দ শুনিবলৈ পায় পৰিয়াল আৰু স্থানীয় লোকে । আৰক্ষীয়ে কুশ কুটুমলৈ লক্ষ্য কৰি তিনিজাঁই গুলী নিক্ষেপ কৰে । ইয়াৰে তিনিজাঁই গুলীৰ ভিতৰত দুটা গুলী কুশ কুটুমৰ বুকু আৰু হাওঁফাওঁত লাগে আৰু গুলী লগাৰ পিছতো পুলিবৰ আৰক্ষীয়ে কুশ কুটুমক বগৰাই বগৰাই প্ৰহাৰ কৰাৰ লগতে গুলীয়ে ভেদ কৰা স্থানত আঙুলি ভৰাই নিৰ্মম অত্যাচাৰ চলাইছিল বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে । কিন্তু আৰক্ষীয়ে আটক কৰা কুশ কুটুমৰ পৰা কোনো পানী মটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ।

আনহাতে, পৰিয়াল আৰু অধিবক্তা সমাজে আৰক্ষীয়ে চলোৱা এই অত্যাচাৰৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰিছে । আদালতত এই সম্পৰ্কে বৃহস্পতিবাৰে শুনানি আৰম্ভ কৰিব । আনহাতে কুশ কুটুমৰ চুৰি গোচৰৰ তদন্তকাৰী বিষয়া জগদীশ দাসৰ ওপৰতো তদন্ত কৰাৰ দাবী সচেতন মহলৰ ।

লক্ষণীয়ভাৱে দুটাকৈ গুলী লগাৰ পিছত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কুশ কুটুমক এতিয়াও আৰক্ষীয়ে হেণ্ডকাফ লগাই থোৱাৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই । লগতে বৰ্তমান যোৰহাট আৰক্ষী থানাত দুটা বছৰত ১০০০ টাকৈ কম গোচৰ পঞ্জীয়ন হৈছে । এইদৰে আজি যোৰহাটৰ চোলাধৰাৰ নিজা বাসভৱনত এক সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰণ কৰে অধিবক্তা ৰিণ্টু গোস্বামী আৰু কুশ কুটুমৰ পৰিয়ালে ।

লগতে ৰিণ্টু গোস্বামীয়ে কয় যে, ৩০ বছৰীয়া ওকালতি জীৱনত ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা মিছিং জনগোষ্ঠীয় লোকৰ ওপৰত কোনো ধৰণৰ চুৰি আৰু ডকাইতি গোচৰ থকা দেখা নাই আৰু গুৱাহাটী উচ্চ ন্যায়ালৰ চাৰ্ভেত পৰিস্ফুট হৈছে এই কথা । যোৰহাট আৰক্ষী নিৰ্মম অত্যাচাৰ সন্দৰ্ভত শীঘ্ৰে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানে স্থিতি স্পষ্ট কৰিব লাগে বুলি দাবী কৰে অধিবক্তাগৰাকীয়ে ।

লগতে পঢ়ক: যোৰহাটত আৰক্ষীৰ গুলীয়ে বুকু ভেদিলে চোৰৰ - Police encounter

আৰক্ষীৰ এনকাউন্টাৰৰ বলি কুশ কুটুমক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ; পৰিয়ালে বিচাৰিছে ন্যায় - Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.