ETV Bharat / state

বকলীয়াঘাটত কেংডংদাং কেদাম পেং দৌৰৰে বিশ্ব অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 8:00 AM IST

Guinness World Records : অসমলৈ পুনৰ অন্য এক সফলতা ৷ কাৰ্বিসকলৰ পৰম্পৰাগত তথা অন্যতম জনপ্ৰিয় থলুৱা ক্ৰীড়া কেংডংদাং কেদাম (পেং দৌৰ)ৰ জৰিয়তে গীনিজ বুকত বিশ্ব অভিলেখ সৃষ্টি ৷

Guinness World Records
বকলীয়াঘাটত কেংডংদাং কেদাম পেং দৌৰৰে বিশ্ব অভিলেখ
বকলীয়াঘাটত কেংডংদাং কেদাম পেং দৌৰৰে বিশ্ব অভিলেখ

বকলীয়াঘাট, 22 জানুৱাৰী : মাত্ৰ এটা দিন পূৰ্বে সমাপ্ত হোৱা কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ উৎসৱৰ আনন্দ মাৰ নৌযাওঁতেই কাৰ্বি আংলঙৰ সাধাৰণ জনতাৰ বিৰাজ কৰি থকা উৎসৱমুখৰ পৰিৱেশক এক নতুন মাত্ৰা প্ৰদান কৰি দেওবাৰে জিলাখনৰ সংস্কৃতিপ্ৰেমী ৰাইজ সাক্ষী হ’ল আন এক বিৰল অভিলেখৰ। উল্লেখ্য যে, কাৰ্বিসকলৰ পৰম্পৰাগত তথা অন্যতম জনপ্ৰিয় থলুৱা ক্ৰীড়া কেংডংদাং কেদাম (পেং দৌৰ)ৰ জৰিয়তে গীনিজ বুকৰ বিশ্ব অভিলেখ সৃষ্টি কৰে ৷

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তথা কাৰ্বি সাংস্কৃতিক সমাজৰ সহযোগত আজি জিলাখনৰ বকলীয়াঘাটত গীনিজ ৱৰ্ল্ড ৰেকৰ্ড সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত এই অভিলেখ সৃষ্টি কৰা হয়।

কেংডংদাং কেদাম অৰ্থাৎ পেং দৌৰ দুডাল বাঁহৰ ওপৰত থকা খোপনিত ভৰি থৈ খোজ কঢ়া বা দৌৰাৰ এক বিশেষ ক্ৰীড়া । কাৰ্বি জনগোষ্ঠীয় জীৱনত বিশেষভাৱে জনপ্ৰিয় এই বিশেষ খেলবিধক লৈ বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যে বকলীয়াঘাটৰ চাৰিলেন যুক্ত পথৰ ওপৰত এক বিশেষ আয়োজন কৰা হয় । সেই অনুসৰি দেওবাৰে বিয়লি প্ৰায় 2 বজাত 721 গৰাকী কাৰ্বি যুৱকে এই ক্ৰীড়াত একেলগে অংশগ্ৰহণ কৰি বিশ্ব অভিলেখৰ সৃষ্টি কৰে ।

অনুষ্ঠানৰ অন্তত গীনিজ ৱৰ্ল্ড ৰেকৰ্ড সমিতিৰ প্ৰতিনিধি ঋষি নাথে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে । সাংবাদিকৰে হোৱা বাৰ্তালাপত গীনিজ ৰেকৰ্ড সমিতিৰ প্ৰতিনিধিগৰাকীয়ে সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে এনে অভিলেখ হোৱা বুলি জানিবলৈ দিয়ে । এনে বিৰল অভিলেখ নিশ্চিত হোৱাৰ লগে লগে সেই স্থানত উপস্থিত থকা কেইবা হাজাৰোধিক লোকে হাত চাপৰিৰে অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনায়। মুঠতে সকলোৱে অংশগ্ৰহণকাৰীসকলক অভিনন্দন জ্ঞাপন কৰে।

এই বিশ্ব অভিলেখৰ ঘোষণা হোৱাৰ পিচতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সকলোকে অভিনন্দন আৰু ধন্যবাদ জনায় । অভিলেখ সৃষ্টি অনুষ্ঠানত সাংসদ হৰেণছিং বে’, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, পৰিষদৰ অধ্যক্ষ ৰাজু তিচ’, উপাধ্যক্ষ অজিত কুমাৰ দে’, কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰ’, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকীও সদস্য, কাৰ্যবাহী সদস্যকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: নামৰূপ সাৰ কাৰখানাত সম্পূৰ্ণৰূপে গেছ যোগান কৰ্তন: কি হ’ব ভৱিষ্যত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.