ETV Bharat / state

লখিমপুৰত শ্ৰমিক-কৃষক-কৰ্মচাৰী ফেডাৰেচনৰ বিক্ষোভ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 6:11 PM IST

Protest in Lakhimpur: শ্ৰমিক কৃষক আৰু কৰ্মচাৰী ফেডাৰেচনৰ যৌথ উদ্যোগত শুকুৰবাৰে ৰাজ্যজুৰি বিক্ষোভ সমাৱেশ কাৰ্যসূচী ৰূপায়ণ হয় । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো বিক্ষোভ সমাবেশ কাৰ্যসূচী গ্রহণ কৰি সংগঠনসমূহে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

Workers farmers and employees federations protest in Lakhimpur
শ্ৰমিক কৃষক আৰু কৰ্মচাৰী ফেডাৰেচনৰ বিক্ষোভ

লখিমপুৰ,৯ ফ্ৰেব্ৰুৱাৰী: কেন্দ্রীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচন আৰু সংযুক্ত কিষাণ মৰ্চাৰ লখিমপুৰ জিলা সমিতিয়ে শুকুৰবাৰে লখিমপুৰ নগৰত ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী । জিলা চিপিআইৰ কাৰ্যালয়ৰ পৰা সমদল কৰি নগৰখন পৰিভ্ৰমণ কৰাৰ অন্তত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্রদর্শন কৰে । বিক্ষোভকাৰীৰ নেতৃত্বই বিক্ষোভ প্রদর্শন কৰি কয় দেশে স্বাধীনতা লাভ কৰাৰ ৭৬ বছৰ পাৰ হোৱাৰ পাছত অমৃত কালৰ বন্দনাৰে আভুৱাভাৰিবলৈ চেষ্টা কৰিলেও দেশৰ জনগণ অতি দুখজনকভাবে বঞ্চিত হৈ আহিছে ।

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰতিদিনে বাঢ়ি থকা মূল্যৰ লগতে গৃহনির্মাণ, জীৱনদায়িনী ঔষধৰ অকল্পনীয় দাম বৃদ্ধিয়ে জনজীৱন অতিষ্ঠ কৰি তুলিছে । কৃষকৰ মহা সংগ্ৰামৰ পাছত চৰকাৰে দিয়া প্রতিশ্রুতি অনুসৰি আজি পৰ্যন্ত কৃষকৰ উৎপাদিত সকলো ফচলৰ নিম্নতম সমর্থন মূল্য নির্ধাৰণ কৰি প্ৰতিটো পঞ্চায়ত এলেকাত একোটা বিক্রী কেন্দ্র প্রতিষ্ঠা কৰা নহ'ল ।

অসমত পঞ্জীয়নভূক্ত ২০ লাখৰো অধিক নিবনুৱাৰ কৰ্মসংস্থাপনৰ কোনো ব্যবস্থা নোহোৱাত বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ লগতে আত্মহত্যাৰ প্ৰৱণতাইও ভয়াবহ ৰূপ লৈছে । শ্রমিকসকলৰ বাবে পূৰ্বতে থকা শ্রম আইন ভংগ কৰি নতুনকৈ অনা শ্রম সংহিতাৰ জৰিয়তে শ্রমিকৰ প্রাথমিক অধিকাৰো খর্ব কৰি পেলোৱা হৈছে । সকলো স্তৰৰ শ্ৰমিকৰ নিম্নতম মজুৰী আজি পৰ্য্যন্ত নির্ধাৰণ নোহোৱাটো চৰম পৰিতাপৰ কথা ।

কৃষক, ক্ষুদ্র চাহ খেতিয়কৰ প্রয়োজনীয় ভূমি পট্টাৰ লগতে অৱসৰী চাহ শ্ৰমিকৰ আৱাস স্থাপনৰ বাবে ভূমি পট্টা অদ্যপৰিমিত হোৱা নাই । আনহাতে বছৰটোৰ সকলো ঋতুতে বিভিন্ন প্ৰকাৰৰ খেতিৰ বাবে জলসিঞ্চন ব্যৱস্থা কৰা হোৱা নাই । চাহ শ্রমিক সকলে বাৰম্বাৰ দাবী কৰি অহা স্বত্ত্ৱেও ন্যার্য মজুৰীৰ পৰা বঞ্চিত হৈয়ে আছে । অংগনৱাড়ী কৰ্মী-সহায়িকা, আশাকর্মী আৰু ৰন্ধন কর্মী সকল ন্যার্য মজুৰিৰ পৰা বঞ্চিত হৈয়ে আছে ।

মটৰ পৰিবহনৰ ক্ষেত্ৰত চালকসকলৰ ওপৰত অত্যাচাৰী আইন জাপি দি চালকসকলৰ পৰিয়ালবৰ্গক দুর্বিসহ যান্ত্ৰণাৰ বুকুলৈ ঠেলি দিছে। আনহাতে দেশৰ পবিত্র সংবিধান আৰু নাগৰিকৰ মৌলিক অধিকাৰসমূহ কৌশলেৰে খৰ্ব কৰাৰ ষড়যন্ত্র ৰচনা কৰা হৈছে । এইদৰে ক্ষোভ প্রকাশ কৰে বিক্ষোভকাৰীসকলে । উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কৃষকৰ উৎপাদিত সামগ্ৰীৰ ন্যূনতম সামগ্ৰীৰ সমৰ্থন মূল্য আদায় পোৱাটো নিশ্চিত কৰা, চৰকাৰে আন্দোনকাৰী কৃষকক দিয়া চৰকাৰী প্রতিশ্রুতি শীঘ্ৰে পালন কৰা আদি দাবী উত্থাপন কৰে ।

কেন্দ্রীয় চৰকাৰক ফেচিষ্ট চৰকাৰ আখ্যা দি চৰকাৰখনক নিপাত কৰিবলৈ প্ৰতিবাদ কাৰীৰ নেতৃত্বই ৰাইজলৈ আহ্বান জনায় । বিক্ষোভৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে বিক্ষোভকাৰীসকলে মূখ্যমন্ত্রীলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰে ।

লগতে পঢ়ক: ৭ দিনৰ ভিতৰত ক্ষতিপূৰণ নিদিলে বন্ধ হ’ব ইষ্ট ৱেষ্ট ক'ৰিডৰ কাম: ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.