ETV Bharat / state

অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত পুতি থোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ - Golaghat murder case

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 3:00 PM IST

Golaghat murder case
অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত পুতি থোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

Golaghat murder case: গোলাঘাটৰ চাৰিঙ্গীয়াত চাঞ্চল্যকৰ ঘটনা । গাঁতত পুতি থোৱা অৱস্থাত চাইকেল, চছমা আৰু মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ । অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ।

অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত পুতি থোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

গোলাঘাট,১৫ এপ্ৰিল : ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী । তাৰ মাজতে লোকসভা নিৰ্বাচনৰ প্ৰচাৰো অব্যাহত ৰাখিছে ৰাজনৈতিক দলবোৰে । ইয়াৰ মাজতে গোলাঘাট জিলাত ভয়ংকৰ ঘটনা । নিৰ্মমভাৱে হত্যা কৰি মাটিত পুতি থোৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে । অভিযুক্ত হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো । ঘটনাক লৈ তীব্ৰ উত্তেজনা জিলাখনৰ কঠালটেঙাত ।

উল্লেখ্য যে গোলাঘাট জিলাৰ চাৰিঙ্গীয়াৰ ৰূপজ্যোতি বৰা হাজৰিকা নামৰ এগৰাকী মহিলা নিৰুদ্দেশ হৈ আছিল । যোৱা এসপ্তাহে নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ পৰিয়ালে আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল । লগে লগে ঢেকীয়াল আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল ৷ তদন্তৰ মাজতে আৰক্ষীয়ে যুগল নায়ক নামৰ এজন লোকক আটক কৰি সোধা-পোছা কৰিছিল ।

আৰক্ষীৰ মাৰাথন জেৰাত লোকজনে ভয়ংকৰ কথা স্বীকাৰ কৰিছে । মহিলাগৰাকীক হত্যা কৰি নিজৰ বাৰীতে পুতি থোৱাৰ কথা স্বীকাৰ কৰিছে যুগল নায়ক নামৰ লোকজনে । লগে লগে আৰক্ষীয়ে দেওবাৰে অভিযুক্ত যুগল নায়কৰ স্বীকাৰোক্তিৰ ভিত্তিত পুতি থোৱা অৱস্থাত মহিলাগৰাকীৰ চাইকেল আৰু চছমা উদ্ধাৰ কৰে । ইফালে সোমবাৰে দণ্ডাধীশৰ উপস্থিতত আৰক্ষীয়ে গাঁতৰ পৰা মহিলাগৰাকীৰ মৃতদেহটো উলিয়াবলৈ সক্ষম হয় । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ইফালে সোমবাৰে অভিযুক্ত যুগল নায়কক লগত লৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অভিযুক্তক আক্ৰমণৰ বাবে ক্ষোভিত ৰাইজে আৰক্ষীৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় । অৱশ্যে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে যুগল নায়ক নামৰ এই লোকজনে ইয়াৰ পূৰ্বেও এগৰাকী মহিলাক চাহ বাগিচাৰ মাজত কেইবাদিনো ধৰি বান্ধি ৰাখি অত্যাচাৰ চলাইছিল বুলি অভিযোগ আছে ।

লগতে পঢ়ক :নিয়তিৰ নিষ্ঠুৰ পৰিহাস; নৱবৰ্ষৰ প্ৰথম দিনাই এটি পৰিয়াললৈ নামি আহিল অমানিশা - Tragic Incident In Titabor

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.