ETV Bharat / state

ভূমিকেন্দ্ৰিক সংঘাত : বাতামেৰে মৰিয়াই মৰিয়াই মহিলাক হত্যা কৰাৰ অভিযোগ - Morigaon Murder Case

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 8:37 PM IST

WOMAN BEATEN TO DEATH
ভয়ংকৰ ঘটনা

কাঠৰ বাতামেৰে এগৰাকী মহিলাক মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ ৷ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হয় ৷

ভূমি কেন্দ্ৰীক সংঘাতৰ বাবে প্ৰাণ গ’ল মহিলাৰ

মৰিগাঁও, 4 এপ্ৰিল : ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক নৃশংস হত্যাকাণ্ড ৷ কাঠৰ বাতামেৰে মৰিয়াই মৰিয়াই হত্যা এগৰাকী মহিলাক ৷ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই এগৰাকী মহিলাই প্ৰাণ ল’লে আন এগৰাকী মহিলাৰ ৷ মৰিগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মৰিগাঁৱৰ মিকিৰ গাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি ৷ এগৰাকী মহিলাক কাঠৰ বাতামেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ ৷ ঘটনা সন্দৰ্ভত এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাক লৈ ইতিমধ্যে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

মৰিগাঁৱৰ মিকিৰগাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড ৷ জানিব পৰা মতে ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত মিকিৰ গাঁৱৰ চিনু বেগম নামৰ মহিলাগৰাকীক কাঠৰ বাটামেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷ দীৰ্ঘদিন ধৰি দুয়োগৰাকী মহিলাৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত হৈ আছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত মিকিৰভেটা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷ ইতিমধ্যে জালুগুটি আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্ত মাফিজা বেগম নামৰ মহিলাগৰাকীক আটক কৰিছে ৷ ইতিমধ্যে চিনু বেগমৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ভূমিকেন্দ্ৰিক সংঘাতে লোৱা ভয়ংকৰ পৰিণতিয়ে ৰাজ্যত প্ৰায়ে সংবাদ শিৰোনামা দখল কৰি আহিছে ৷ বিগত সময়ছোৱাত এনে ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত কেইবাজনো লোকে প্ৰাণ হেৰুৱাব লগা হৈছে ৷

লগতে পঢ়ক : কলিয়াবৰ ন্যায়িক আদালতত জোনমণি ৰাভাৰ মাতৃ, গোচৰ প্ৰত্যাহাৰ - Junmoni Rabha Death Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.