ETV Bharat / state

মৌলবাদীৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত আৰু আমাৰ মাটিৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিম: মুখ্যমন্ত্ৰী - ISIS India head Haris Farooqi

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 11:31 AM IST

ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ
ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

CM on ISIS leaders arrest : বুধবাৰে পুৱা ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীক ধুবুৰীত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে ৷ যাৰ বাবে বৃহস্পতিবাৰে X ৰ জৰিয়তে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে মৌলবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ অংগীকাৰ মুখ্যমন্ত্ৰী শৰ্মাৰ ৷

গুৱাহাটী, ২১ মার্চ : বুধবাৰে ভাৰত-বাংলা সীমান্তৱৰ্তী ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ISIS ৰ দুই দুৰ্ধৰ্ষ নেতাক ৷ জানিব পৰা মতে, সন্ত্ৰাসবাদী সংগঠন ISIS ৰ ভাৰতৰ মুৰব্বী, কুখ্যাত সন্ত্ৰাসবাদী হৰিশ ফাৰুকী ওৰফে হাৰিছ আজমল ফাৰকীক ধুবুৰীৰ পৰা বুধবাৰে পুৱা গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে ৷ আৰক্ষীৰ এই সফলতাৰ পাচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে X ৰ জৰিয়তে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে ।

তেওঁ এক্সৰ জৰিয়তে কয়, ‘‘আমি মৌলবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিম আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশৰ মাটিৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিম । ধন্যবাদ, অসম আৰক্ষী ।

(We shall continue our fight against the fundamentalist and eradicate terrorism from the soil of our nation under the leadership of the Honorable Prime Minister

@narendramodi

. Thank you,

@assampolice)"

উল্লেখ্য যে, ভাৰতত বিভিন্ন ধৰণৰ কূটাঘাত, সদস্যভৰ্তি আৰু ধন সংগ্ৰহৰ উদ্দেশ্যে ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল ফাৰুকীয়ে । ফাৰুকীৰ ঘৰ উত্তৰাখণ্ডৰ দেৰাদুনত । ফাৰুকীৰ সৈতে তেওঁৰ সহযোগী পানীপথৰ অনুৰাগ সিং ওৰফে ৰেহানক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । ধৃত সিঙে ইতিমধ্যে ইছলাম ধর্ম গ্ৰহণ কৰিছে আৰু তেওঁৰ পত্নী এগৰাকী বাংলাদেশী নাগৰিক ।

নিয়াই বিচাৰি ফুৰা ফাৰুকী আৰু সিঙৰ বিৰুদ্ধে নিয়াৰ দিল্লী, এ টি এছ লক্ষ্ণৌ আদিত কেইবাটাও গোচৰ ৰুজু হৈ আছে । ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ কৰা কুখ্যাত অপৰাধী দুজনক ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ বিশেষ কর্ম বাহিনী (এছ টি এম)-এ । গ্ৰেপ্তাৰ কৰা দুয়োজন সন্ত্ৰাসবাদীক গুৱাহাটীৰ এছ টি এফৰ কাৰ্যালয়লৈ অনা হৈছে । দুয়োকে ইতিমধ্যে এছ টি এফে নিয়াৰ হাতত গতাই দিয়াৰ বাবে যো-জা কৰা হৈছে ।

উল্লেখ্য যে, বিশেষ খবৰৰ ভিত্তিত এছ টি এফৰ আই জি পি পাৰ্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত যোৱা এটা দলে দুয়োজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । দুয়োজন সন্ত্ৰাসবাদীয়ে বাংলাদেশত বাহৰ পাতি আছিল ।

লগতে পঢ়ক : 'নিয়া'ই বিচাৰি ফুৰা ISIS ৰ দুই দুধৰ্ষ শীৰ্ষ নেতা ধৰা পৰিল ধুবুৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.