ETV Bharat / state

চৰাইদেউ জিলাৰ সোণাৰিত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 4:43 PM IST

Wild Elephant Terror
বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

সোণাৰিৰ খেৰবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন ৷ বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি এই ঘটনাক লৈ প্ৰতিবাদ স্থানীয় লোকৰ ৷

বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

মৰাণ, 10 ফেব্ৰুৱাৰী : ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী-মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে প্ৰতিদিনে জনাঞ্চলত চলাইছে তাণ্ডৱ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলাৰ বিভিন্ন স্থানত প্ৰায়ে সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘাত ৷

শুকুৰবাৰে নিশা সোণাৰিৰ খেৰবাৰীত বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰে ৷ নিশাৰ ভাগত বজাৰৰ পৰা ঘৰলৈ গৈ থকা সোণাৰি খেৰবাৰীৰ নিবাসী ৰাজীৱ মুণ্ডাক আক্ৰমণ কৰে বনৰীয়া হাতীয়ে ৷ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰাজীৱ মুণ্ডা ৷ গুৰুতৰভাৱে আহত ৰাজীৱ মুণ্ডাক প্ৰথমে নাফুক চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে সোণাৰিৰ ৰজাপুখুৰীস্থিত জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু আঘাত অতি গুৰুতৰ হোৱাত নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৰাজীৱ মুণ্ডাক ৷ এই ঘটনাৰ পাচতেই অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

ইফালে বন বিভাগে হাতীৰ আক্ৰমণত যুৱকজন আহত হোৱা বুলি মান্তি নোহোৱাত ৰাইজে বন বিভাগৰ ওপৰত এতিয়া ক্ষোভ উজাৰিছে ৷ বৰ্তমান স্থানীয় বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে ৷ সোণাৰি বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি এই ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকে ৷

উল্লেখ্য যে, বনাঞ্চল সংকোচন তথা খাদ্যৰ অভাৱৰ বাবে বৰ্তমান জনাঞ্চলত উপদ্ৰৱ চলাইছে বনৰীয়া হাতীয়ে ৷ ফলত সৃষ্টি হৈছে হাতী-মানুহৰ সংঘাত ৷ শেহতীয়াকৈ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ এই সংঘাতে চূড়ান্ত ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ এই সংঘাতত বিভিন্ন সময়ত মানুহৰ খেতি পথাৰ, শস্যৰ ভঁৰালৰ লগতে সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে ৷ লগতে কোনো কোনো সময়ত বনৰীয়া হাতীৰ আক্ৰমণত নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগাও হৈছে ৷

লগতে পঢ়ক : সোণাৰিৰ থুকুবলিত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ: হত্য়াৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.