ETV Bharat / state

গুৱাহাটীৰ পৰা কঢ়িওৱা জাৱৰেৰে উমৰাংছুত কি কৰে চিমেণ্ট কাৰখানাই ! - GARBAGE TRANSPORTATION TO Umrangso

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 9:09 PM IST

CEMENT FACTORY IN UMRANGSU
উমৰাংচুৰ চিমেণ্ট কাৰখানা

আপুনি ভাবেনে যে পেলনীয়া জাৱৰৰো মূল্য আছে ? পিছে আপোনাৰ শুনাত অস্বাভাৱিক যেন লাগিলেও এয়া সঁচা কথা ৷ কিয়নো গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ পৰা ডিমা হাছাওৰ উমৰাংছুলৈ প্ৰায়ে কঢ়িয়াই নিয়া হয় জাৱৰ ৷ দেওবাৰে এখন জাৱৰ ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে পোহৰলৈ আহে এই কথা ৷ বিতংকৈ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন ৷

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ চালক

ডিমা হাছাও, 28 এপ্ৰিল: প্ৰাকৃতিক সৌন্দৰ্যৰ আঁকৰ হিচাপে খ্যাত পাহাৰীয়া জিলা ডিমা হাছাওত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে পৰ্যটকৰ সংখ্যা ৷ জিলাখনৰ প্ৰাকৃতিক পৰিৱেশত মুগ্ধ হৈ প্ৰায়ে পৰ্যটকসকল ঢাপলি মেলে সৌন্দৰ্যৰ সুধা পান কৰিবলৈ ৷ পিছে এতিয়া জিলাখনৰ সৌন্দৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এটা বিশেষ চিমেণ্ট কাৰখানাই ৷ এই অভিযোগ আমি কৰা নাই, কৰিছে স্থানীয় লোকসকলে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে এখন জাৱৰ ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে পোহৰলৈ আহে এই কথা ৷ এ এছ 01 পি চি 4593 নম্বৰৰ ট্ৰাকখন চালকৰ অসাৱধানতাৰ বাবে দুৰ্ঘটনাত পতিত হয় ৷ পিছত ঘটনাস্থলীত উপস্থিত থকা চালকজনে ট্ৰাকখনত জাৱৰ ভৰ্তি হৈ থকাটো স্বীকাৰ কৰে ৷

তেওঁ প্ৰকাশ কৰা মতে, প্ৰায়ে তেওঁ এনেদৰে গুৱাহাটীৰ বৰাগাঁৱৰ পৰা ডিমা হাছাওৰ উমৰাংছুলৈ জাৱৰ কঢ়িয়াই আনে ৷ এই জাৱৰবোৰ তেওঁ উমৰাংছুত থকা এটা বিশেষ চিমেণ্ট কাৰখানাক যোগান ধৰি আহিছে ৷ এতিয়ালৈকে প্ৰায় চাৰি-পাঁচবাৰকৈ চালকগৰাকীয়ে এনেদৰে কাৰখানাটোক জাৱৰ যোগান ধৰা বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷

কিন্তু কাৰখানাটোৱে এই জাৱৰসমূহ কি কৰে তাৰ কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক চালকজনে ৷ স্থানীয় লোকে অভিযোগ উত্থাপন কৰা অনুসৰি, গুৱাহাটী মহানগৰৰ পৰা সংগৃহীত এই জাৱৰসমূহ চিমেণ্ট কাৰখানাটোত জ্বলোৱা হয় ৷ যাৰ পৰা ওলোৱা ধোঁৱাই পৰিৱেশ বিনষ্ট কৰাৰ লগতে অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ লগতে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা ৷ দীৰ্ঘদিনে এই বিষয়ে স্থানীয় লোকে প্ৰশাসনক অভিযোগ দাখিল কৰি আহিছিল যদিও কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷

অৱশ্যে দেওবাৰে দুৰ্ঘটনাতো সংঘটিত হোৱাৰ পিচত সকলো কথা পোহৰলৈ অহাত সমগ্ৰ ঘটনা সম্পৰ্কে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে জিলা আৰক্ষী অধীক্ষকে ৷

লগতে পঢ়ক: মিজিলছ ৰোগত আক্ৰান্ত হৈ ডিমা হাছাওত চাৰিটা শিশুৰ মৃত্যু - Measles Disease At Semkhor

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.