ETV Bharat / state

নতুন শিক্ষানীতি সন্দৰ্ভত কি অনুভৱ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীৰ ? - Assam HS Result 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 2:07 PM IST

ASSAM HS RESULT 2024
আজি ঘোষণা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল (Etv Bharat Assam)

NEW EDUCATION POLICY : নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত নাথাকিব কোনো স্থানপ্ৰাপকৰ তালিকা ৷ ইয়াৰ পৰিৱৰ্তে সামগ্ৰিক ফলাফল ঘোষণা কৰা হ’ব ৷ এই সন্দৰ্ভত কি কয় নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীসকলে ?

আজি ঘোষণা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল (ETV BHARAT ASSAM)

নগাঁও, 9 মে’ : প্ৰায় 37 বছৰৰ মূৰত সলনি হ’ল ৰাজ্যৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ প্ৰেক্ষাপট ৷ এইবেলি পৰীক্ষাত মেধাৰ ভিত্তিত প্ৰকাশ কৰা স্থানপ্ৰাপকৰ তালিকাৰ সলনি প্ৰকাশ কৰা হ’ল মাথো সামগ্ৰিক ফলাফলহে ৷ যিয়ে শিক্ষানুষ্ঠানসমূহত পূৰ্বৰ তুলনাত হোৱা আনন্দৰ পৰিমাণ কিছু ম্লান কৰা পৰিলক্ষিত হৈছে ৷

অৱশ্যে এই সালসলনি ঘটোৱা হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰতহে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত নাথাকিব কোনো স্থানপ্ৰাপকৰ তালিকা ৷ ইয়াৰ পৰিৱৰ্তে সামগ্ৰিক ফলাফল ঘোষণা কৰা হ’ব ৷

সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে ফেৰ মাৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰিবৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ ইতিমধ্যে বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, পোনপ্ৰথমবাৰৰ এই প্ৰচেষ্টাত ৰাজ্য চৰকাৰ সফল হৈছে ৷ যাৰ বাবে পৰৱৰ্তী বছৰসমূহতো অব্যাহত থাকিব একে ফলাফল ঘোষণাৰ প্ৰক্ৰিয়া ৷

পিছে এই ফলাফলে মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ছাত্ৰ-ছাত্ৰীৰ মাজত ৷ তেওঁলোকে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ সামগ্ৰিক ফলাফলত সুখী যদিও স্থানপ্ৰাপ্তৰ তালিকা থাকিলে অধিক সুখী অনুভৱ কৰিলেহেঁতেন বুলি সদৰী কৰে ৷ ফলাফল ঘোষণাৰ পাচত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদ নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত উপস্থিত হৈ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ মতামত জানিব বিচাৰিছিল ৷

তেওঁলোকে এই ফলাফলত সুখী বুলি অনুভৱ কৰাৰ সমান্তৰালকৈ স্থানপ্ৰাপ্তৰ তালিকা নথকাত কিছু পৰিমাণে দুখো অনুভৱ কৰে ৷ স্থানপ্ৰাপকৰ তালিকা নথকাত শিক্ষাৰ্থীসকলৰ মাজত থকা প্ৰতিযোগিতাৰ মনোভাৱ কোনোবাখিনিত হ্ৰাস পোৱাৰো আশংকা প্ৰকাশ কৰে একাংশ শিক্ষাৰ্থীয়ে ৷

উল্লেখ্য যে, আমাৰ দেশত চলি থকা 1986 চনৰ শিক্ষানীতিৰ এক আমোল পৰিৱৰ্তন ঘটাই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰৱৰ্তন কৰা হৈছে ৷ ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে 2020 চনৰ 29 জুলাইত ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ক অনুমোদন জনায় ৷ 37 বছৰৰ পাচত এইবেলি পোনপ্ৰথমবাৰৰ বাবে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ৷

লগতে পঢ়ক: নোপোৱাৰ বেদনাতকৈ পাই হেৰুওৱাৰ বেদনা অধিক : ৰামানুজনৰ অধ্যক্ষ - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.