ETV Bharat / state

আজিৰে পৰা চেলাপাছেৰে পুনৰ যান-বাহনৰ চলাচল আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 7:57 PM IST

Tawang in Western Arunachal Pradesh
পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং

Heavy snowfall in Salapasus: টাৱাং জিলাত তুষাৰপাত, হিমস্খলনৰ ফলত জনজীৱন বিঘ্নিত হৈ পৰিছে । চাৰিদিন পিচতহে আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি হয় পশ্চিম কামেং আৰু টাৱাঙৰ মাজত পথ ।

পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং

তেজপুৰ, ৫ ফেব্ৰুৱাৰী : আজিৰে পৰা পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলাপাছৰ পৰা নামনি অংশলৈ আৰম্ভ হৈছে যান-বাহনৰ চলাচল । কাইলৈ অৰ্থাৎ ৬ ফেব্ৰুৱাৰীৰ পৰা চেলাপাছ পাৰ হৈ টাৱাঙলৈ যাব পাৰিব যাত্ৰীসকলে । উল্লেখ্য় যে এই পথত যোৱা চাৰিদিন ধৰি আৱদ্ধ হৈ আছিল ৩০ খনৰো অধিক ট্ৰাক আৰু পৰ্যটকৰ বাহন । সামগ্ৰীভৰ্তি ট্ৰাক সমূহ ভালুকপুং দিশৰ পৰা টাৱাঙলৈ গৈ থকা অৱস্থাত চেলাপাছত যোৱা চাৰিদিন ধৰি আবদ্ধ হৈ আছিল । ইয়াৰ পিছতে টাৱাং জিলা প্ৰশাসনে জাৰি কৰিছিল নিৰ্দেশনা । এই প্ৰচণ্ড তুষাৰপাতৰ বাবে আজিৰ পৰাহে পৰ্যটকৰ বাবে মুকলি হয় পশ্চিম কামেং আৰু টাৱাঙৰ মাজত পথৰ যোগাযোগ ব্যৱস্থা ।

এই বিষয়ে টাৱাং জিলাৰ আয়ুক্তই শুক্ৰবাৰে এক নিৰ্দেশনা জাৰি কৰি সদৰী কৰিছে । বিগত সময়চোৱাত জিলাখনত অত্যন্ত তুষাৰপাত, হিমস্খলনৰ ফলত জনজীৱন বিঘ্নিত হৈ পৰিছে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত । সীমান্তৰ পৰা চেলাপাছলৈ শুকুলা বৰফৰে আবৃত্ত ৰাষ্ট্ৰীয় ঘাইপথ । সেয়েহে জনসাধাৰণৰ বাবে প্ৰশাসনে সতৰ্কতামূলক জাননী পুনৰ জাৰি কৰিছিল । পশ্চিম অৰুণাচল প্ৰদেশৰ বৈশাখিৰ পৰা চেলাপাছ আৰু নুৰানঙলৈ যান বাহনৰ চলাচলত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰি কৰে । বৰ্তমান উক্ত জিলাখনত -১৩ ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰ চলি আছে । বৰফৰ পৰিমাণ ১৫-২০ ছেন্টিমিটাৰ পৰ্যন্ত হৈছে । যিকোনো পৰ্যটকে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণলৈ যাওতে পূৰ্বে পথ নিৰ্দেশনা আৰু যোগাযোগ ব্যৱস্থা জানিবলৈ আহ্বান জনাইছে ।

আনহাতে টাৱাং জিলাৰ প্ৰশাসনে প্ৰথমে ২ ফেব্ৰুৱাৰীত দিয়া নিৰ্দেশনা মতে, ৫ ফেব্ৰুৱাৰী টাৱাং জিলাৰ জঙৰ পৰা পৰ্যটকৰ আৰু ভাৰতীয় সেনা বাহিনীৰ লোকে পশ্চিম কামেং তথা নামনি ঠাইলৈ আহিবৰ বাবে এই বিশেষ নিৰ্দেশনা মতে আজি প্ৰথম দিনত যাত্ৰা আৰম্ভ কৰে । জিলা আয়ুক্ত কাঙ্কি ডেৰাঙৰ নিৰ্দেশনা মতে, টাৱাঙৰ পৰা যশোৱান্ত গড় হৈ চেলাপাছ পাৰ হোৱাৰ সময় পুৱা ১০.৩০ বজাৰ পৰা ১১.৩০ বজালৈ দিয়া হৈছে । ইয়াৰ বাহিৰে একমাত্ৰ জৰুৰীকালীন সেৱাৰ এম্বুলেঞ্চৰ বাহিৰে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব ।

লগতে পঢ়ক:ড৹ নগেন শইকীয়াক ক্ষমা খুজিলে অসম সাহিত্য সভাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.